নলবাৰীত বিহু আৰু জনগোষ্ঠীয় নৃত্যৰ সাত দিনীয়া কৰ্মশালা

## নলবাৰীত    বিহু আৰু  জনগোষ্ঠীয় নৃত্যৰ  সাত দিনীয়া   কৰ্মশালা    ##                                                                                                                                                     আমাৰ প্ৰণাম  সেৱা, নলবাৰী  , ৩০ মাৰ্চ :::  চাওতে চাওতে আকৌ আহিল অসমীয়াৰ হেপাহৰ বহাগ বিহু  । বহাগ বিহুলৈ মাজত মাত্র কেইটা মান দিন বাকী । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাতো বিহু নাচ , জনগোষ্ঠীয় নৃত্যৰ আৰু  বিহু বাদ্যৰ কৰ্মশালাৰ ব্যাপক আয়োজন চলিছে । নলবাৰী আঞ্চলিক ছাত্র সন্থা আৰু নলবাৰী জিলাৰ অন্যতম সাংস্কৃতিক  গোষ্ঠী  "নৃত্যাংগনা " ৰ  উদ্যোগত বিহু আৰু জনগোষ্ঠীয় নৃত্যৰ  সাতদিনীয়া কৰ্মশালাৰ আয়োজন কৰা হৈছে ।   নলবাৰী  শ্বহীদ ভৱন বাকৰিত  অহা ১ এপ্ৰিলৰ পৰা ৭ এপ্ৰিললৈ  অনুষ্ঠিত হবলগীয়া উক্ত কৰ্মশালাত  মূখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব লতাশিল বিহু কুৱৰী ২০১০ তথা ডি ৱাই বিহুৰাণী ২০১১ৰ জোন দলে  আৰু  কেইবাগৰাকী অভিজ্ঞ প্ৰশিক্ষক ।  প্ৰতিদিনে আবেলি ৩ - ৩০ বজাৰ পৰা অনুষ্ঠিত হবলগা উক্ত কৰ্মশালাৰ ইচ্ছুক প্ৰশিক্ষাৰ্থী সকলে ২০০ টকা ভৰ্তি মাচুল সহ নিজৰ নিজৰ নাম সমূহ  আগতীয়াকৈ পঞ্জীয়ন কৰিব লাগিব ।  উল্লেখ্য যে সাতদিনীয়া বিহু আৰু জনগোষ্ঠীয় নৃত্যৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ পত্র প্ৰদান কৰা হব বুলি                 "  নৃত্যাংগনা " ৰ সম্পাদিকা শৰিষ্ঠা নিকি বৈশ্যই জানিব দিয়ে ।  ইচ্ছুক বিহু আৰু জনগোষ্ঠীয় নৃত্যৰ কৰ্মশালাৰ প্ৰশিক্ষাৰ্থী সকলক সবিশেষ তথ্যৰ বাবে ৮৬৩৮৭৯৪৭৪৬  আৰু ৬০২৬৭৩৩৮২৮  নম্বৰত যোগাযোগ কৰিবলৈ নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ সভাপতি ৰুবুল বৰ্মন  , সাধাৰণ সম্পাদক নৱ কুমাৰ ডেকা  আৰু  "নৃত্যাংগনা " ৰ সভানেত্রী মণিকংকনা  মেধি আৰু সাধাৰণ সম্পাদিকা শৰিষ্ঠা নিকি বৈশ্য  আহ্বান  জনাইছে ।।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা