বি, এইচ্ মহাবিদ্যালয়ত ধান খেতিৰ আধুনিকীকৰণৰ ওপৰত কৰ্মশালা

# বি, এইচ্ মহাবিদ্যালয়ত ধান খেতিৰ আধুনিকীকৰণৰ ওপৰত কৰ্মশালা #

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৯ মাৰ্চঃ বৰপেটা জিলাৰ হাউলীৰ কৃষিবিজ্ঞান কেন্দ্ৰ আৰু বি.এইচ মহাবিদ্যালয়ৰ  প্ৰতিপালিত গাঁও কোষৰ যুটীয়া সহযোগত মহাবিদ্যালয়খনৰ চেমিনাৰ হলত অাজি  এখন কৰ্মশালাৰ আয়োজন কৰা হয়। সম্প্ৰতি ধান খেতিৰ উৎপাদনৰ লগত জড়িত গৱেষণা আৰু সম্প্ৰসাৰণৰ মাজত সমন্বয় স্থাপন কৰাৰ উদ্দেশ্যে অাগত ৰাখি  অসম কৃষি বিশ্ববিদ্যালয়ে ইন্টাৰনেছনেল ৰাইচ্ ৰিচাৰ্ছ ইনষ্টিটিউটৰ কাৰিকৰী পৰামৰ্শত আৰু অসম কৃষি বানিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ অধীনত ৰাইচ নলেজ বেংক নামৰ এটি এপ্ মূকলি কৰিছে আৰু তাৰ জৰিয়তে খেতিয়কসকলক ডিজিটেল মাধ্যমৰ জৰিয়তে ধান খেতিৰ ব্যৱহাৰিক জ্ঞান প্ৰদান কৰিবলৈ প্ৰয়াস কৰা হয়। ইপিনে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ ভূষন চন্দ্ৰ পাঠক, উপাধ্যক্ষ ৰঞ্জিত ভূঞা, প্ৰতিপালিত গাঁওকোষৰ উপ-সভাপতি খুৰছেদ আলম ,হাউলী কৃষিবিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড০ অৰূপ কুমাৰ ডেকা, বিষয় বিশেষজ্ঞ পিংকুধৰ  বৰ্মন, ফিলিপাইনচৰ আন্তৰ্জাতিক ধান গবেষনা কেন্দ্ৰৰ বিশেষজ্ঞ জ্যোতিবিকাশ নাথ,হাউলী কৃষিবিজ্ঞান কেন্দ্ৰৰ প্ৰকল্প সহযোগী হেমাংগ দাস, জ্যোতিপ্ৰকাশ শৰ্মা,কংকনা দাস,প্ৰতিপালিত গাঁওকোষৰ পোন্ধৰজন খেতিয়ক আৰু পোন্ধৰজন ছাত্ৰ সমন্বিতে অধ্যাপক-অধ্যাপিকাসকল উপস্থিত থকা কৰ্মশালাত  খেতিয়কসকলক প্ৰশিক্ষণ দিয়ে আন্তৰ্জাতিক ধান গৱেষনা কেন্দ্ৰৰ প্ৰকল্প বিজ্ঞানী দেৱয়ানী দেউৰী আৰু মৃদুপৱন মুদৈয়ে। উল্লেখ্য যে,অসম কৃষি বিশ্ববিদ্যালয়ে ধানৰ ওপৰত মুকলি কৰা এপ  Rice Knowledge Bank-ৰ বিষয়ে কৃষকসকলক অৱগত কৰাৰ লগতে  ধানৰ উৎপাদন বঢ়োৱাৰ ওপৰত গুৰুত্ব দিয়া হয়। অাৰু বি, এইচ্ মহাবিদ্যালয়ৰ অধ্যাপিকা উষা দাসে অাঁত ধৰা কৰ্মশালাখনত ক্ৰমে বি, এইচ্ মহাবিদ্যালয়ৰ শিক্ষকগোটৰ সম্পাদক ড. ৰেনু হাজৰিকা , জেষ্ঠ অধ্যাপক ড. দেবব্ৰত দত্ত ,অধ্যাপিকা ড. ধীৰা ভট্টাচাৰ্য্য,অধ্যাপক দণ্ডেশ্বৰ ডেকা, ড. চুলতান আলী আহম্মেদ,  বাবুৰাম বসুমতাৰী, ড. দিপালী খেৰকেটাৰী, ড. ৰবীন জ্যোতি খাটনিয়াৰ , ড. অৰুন বড়ো, ড. মহম্মদ আজিজ, ড. অপূৰ্ব বড়ো, প্ৰশান্ত ৰাভাৰ  লগতে অন্যান্য ব্যক্তিসকল উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৰ্ধন  কৰে। (ফটো অাছে)

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা