তামুলপুৰ অৰ্ধ সাপ্তাহিক বজাৰত নৱ নিৰ্মিত বজাৰ গৃহৰ শুভ উদ্বোধনঃ*

নয়নজ্যোতি দাস, তামুলপুৰ,২৯ মাৰ্চঃ

মুছলপুৰস্থ বাক্সা জিলা গ্ৰামোন্নয়ন অভিকৰণৰ অধীনস্থ আৰু তামুলপুৰ ৰুৰবান ক্লাষ্টাৰৰ অন্তৰ্গত ২ নং তামুলপুৰ ভি চি ডি চিৰ অধীনৰ তামুলপুৰ অৰ্ধ সাপ্তাহিক বজাৰত আজি পুৱা নৱ নিৰ্মিত এটি বজাৰ গৃহৰ শুভ উদ্বোধন কৰা হয়। শ্যামা প্ৰসাদ মুখাৰ্জী ৰুৰবান অভিযানৰ অধীনত তামুলপুৰ ৰুৰবান ক্লাষ্টাৰৰ অন্তৰ্গত তামুলপুৰ বজাৰৰ নৱ নিৰ্মিত এই বজাৰ গৃহটো শুভ উদ্বোধন কৰি গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ এম চিএল এ তথা বজাৰ বিভাগৰ অধ্যক্ষ পবিত্ৰ কুমাৰ বড়োই কয় যে বিটিআৰ চৰকাৰে বিটিআৰৰ পাঁচখন জিলাতে শ্যামা প্ৰসাদ মুখাৰ্জী ৰুৰবান আঁঁচনিৰ অধীনত বহু কেইটা বজাৰ গৃহ নিৰ্মাণ আৰু বজাৰৰ উন্নয়নৰ কাম ইতিমধ্যে সমাপ্ত কৰিছে। বিটিআৰত থকা ৩৩৪ খন বজাৰৰ ভিতৰত ইতিমধ্যে কেবাখনো বজাৰৰ নিৰ্মাণ কাৰ্য আৰু উন্নয়নৰ কাম চলি আছে। ২০২২-২৩ বৰ্ষত বিটিআৰ চৰকাৰে এনে বহু কেইখন অভিলাষী আঁঁচনি ইতিমধ্যে গ্ৰহণ কৰা বুলিও সভাত তেওঁ সদৰি কৰে  । ২৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত বজাৰ গৃহ উদ্বোধনী অনুষ্ঠানত মুছলপুৰস্থ বাক্সা জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক আশ্ৰাফুল আমিন আৰু চৰকাৰী মনোনীত এম চি এল এ হেমন্ত কুমাৰ ৰাভাই উপস্থিত থাকি নৱ নিৰ্মিত এই বজাৰ গৃহটোৱে তামুলপুৰীয়া ৰাইজৰ এটি বহুদিনীয়া অভাৱ পূৰণ কৰিলে বুলি মন্তব্য কৰে । যুৱ নেতা তথা ডব্লিউ পিটি বিভাগৰ অধ্যক্ষ জিতেন মছাহাৰীয়ে আঁঁতধৰা আজি নৱ নিৰ্মিত বজাৰ গৃহৰ এই উদ্বোধনী অনুষ্ঠানত তামুলপুৰ চক্ৰৰ চক্ৰ বিষয়া ৱাহিদুল ৰহমান, তামুলপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হিৰন্ময়ী চহৰীয়া, ডিআৰডিএৰ কাৰ্যবাহী অভিযন্তা বাহাৰুল ইছলাম, টিচিএলচিচিৰ অধ্যক্ষ পবিত্ৰ কুমাৰ নাৰ্জাৰীকে ধৰি বহু সংখ্যক চৰকাৰী বিষয়া কৰ্মচাৰী, ইউপিপিএল আৰু বিজেপি দলৰ নেতা-কৰ্মী সকল উপস্থিত থাকে।###

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা