চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে দেখা সপোনত চেঁচাপানী: এই অভিযোগ চৰাইদেউ মৈদাম সীমা নিৰ্ধাৰণ কমিটিৰ*

*চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে দেখা সপোনত চেঁচাপানী: এই অভিযোগ চৰাইদেউ মৈদাম সীমা নিৰ্ধাৰণ কমিটিৰ* 
আমাৰ প্ৰণাম শিৱসাগৰ: চৰাইদেউৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে দেখা সপোনত চেঁচাপানী। এই গুৰুতৰ তথ্য সদৰি কৰিছে চৰাইদেউ মৈদাম সীমা নিৰ্ধাৰণ কমিটীয়ে। আজি শিৱসাগৰৰ অডিঅ" চিটি কনফাৰেন্স হলত এক সংবাদমেলযোগে মংগলবাৰে এই শংকা প্ৰকাশ কৰে কমিটিৰ সভাপতি ড° জীতেন বৰপাত্ৰগোঁহাই আৰু সদস্য ড° জাকিৰুল আলমে চুকাফাৰ সৈতে তাই খামটিলৈকে মুঠ ৭ জন ৰজাই ১৩৭  বছৰ ৰাজত্ব কৰিছিল। বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে জনোৱা আবেদনৰ লগত যি প্ৰামাণিক তথ্য  দিয়া হৈছে তাত এই ৭ জন ৰজাৰ মৈদাম  অন্তৰ্ভুক্ত হোৱা নাই। কেৱল ইমানেই নহয়, গড়গাঁও ৰাজধানী কালত থকা ৰজাসকলৰ  বেছি সংখ্যক ৰজাৰ মৈদাম DOSSIER ত উল্লেখ নাই। চাওলুং চুকাফাৰ  মৈদামেই অন্তৰ্ভুক্ত হোৱা নাই । অসম চৰকাৰৰ প্ৰত্নতাত্বিক বিভাগে কৰা নাই অন্তৰ্ভুক্ত। এনেদৰে অধিকাংশ ৰজাৰ  মৈদাম DOSSIER ত অন্তৰ্ভুক্ত নোহোৱা বাবেই চৰাইদেউ বিশ্ব ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ আশা নিৰ্বাপিত হ'বলৈ ধৰিছে  বুলি ক্ষোভ প্ৰকাশ কৰে সংবাদমেলত। চৰাইদেউক   বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ পৰা বঞ্চিত কৰিবলৈ এটা চক্ৰই ষড়যন্ত্ৰ কৰা বাবেই মৈদাম অধ্যয়নৰ এক্সপাৰ্ট সকলক বৰ্তমান জৰীপ আৰু আলোচনা কালত  এলাগি কৰা হৈছে বুলি সংবাদমেলত অভিযোগ উত্থাপন কৰে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা