কৃষ্ণাইৰ পশ্চিম দায়ৰঙত তিনিদিনীয়া কাৰ্যসূচীৰে বায়খো মহোৎসৱ আৰম্ভ

----------


গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পশ্চিম দায়ৰঙৰ আই বায়খো ধামত আজিৰে পৰা আৰম্ভ হৈছে ৰাভা জনগোষ্ঠীয় লোক সকলে পৰম্পৰাগতভাৱে উৎযাপন কৰি অহা জাতীয় উৎসৱ ‘’বায়খো’’ ৷ তিনিদিনীয়া কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত উৎসৱৰ প্ৰথম দিনা পুৱা বায়খো দেৱী আৰু অন্যান্য দেৱ-দেৱীৰ পূজা অৰ্চনাৰে দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সদৌ ৰাভা কৃষ্টি সন্মিলনৰ উপদেষ্টা ভৱেন ৰাভা দয়নাঙে। আবেলি ৪ বজাত অনুষ্ঠিত হয় বায়খো উৎসৱৰ এক অন্যতম জনপ্ৰিয় অনুষ্ঠান কিল্লাভঙা  সন্ধিয়া বায়খো উৎসৱৰ আটাইতকৈ জনপ্ৰিয় অনুষ্ঠান জ্বলন্ত অঙঠাৰ ওপৰত কৰা নৃত্য অনুষ্ঠিত হয়।অনুষ্ঠানটি শুভাৰম্ভ কৰে ষষ্ঠ অনুসূচী দাবী সমিতিৰ জিৰা আঞ্চলিক সমিতিৰ সভাপতি মুকুল ৰাভাই ৷ ৰাভা ভাষাত এই নৃত্যক ‘’বাৰ নাকায়’’ বুলি কোৱা হয়। অনুষ্ঠানত প্ৰাক্তন বিধায়ক দীপক কুমাৰ ৰাভা,ৰাভা হাছং স্বায়ত্ত পৰিষদৰ প্ৰাক্তন অধ্যাক্ষ তৰুণ চন্দ্ৰ ৰাভা,ৰাভা জাতীয় যুৱ পৰিষদৰ সম্পাদক প্ৰফুল্ল ৰংখ আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অতিথি হিচাপে উপস্থিত থাকে।নিশা ৯ বজাত প্ৰতিযোগিতামূলক সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে দুধনৈ মহাবিদ্যালয়ৰ অধ্যাপক ৰাজা ৰাম ৰাভাই। আজি পুৱা নাম-কীৰ্তনৰে দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভ হয় । পুৱা ছাত্ৰ-ছাত্ৰীৰ মাজত খেল-ধেমালি,কুইজ,কবিতা আবৃতি আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ  পিছত বিয়লি বায়খো উৎসৱৰ আন এক আকৰ্ষণীয় ‘’লেওৱা টনা’’ প্ৰতিযোগিতাখন অনুষ্ঠিত হয় ।১৭ মাৰ্চত বায়খো উৎসৱৰ সামৰণি পৰিব।


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ
First news report


VDo byte দিছোঁ

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা