নিজম পৰিল নাহৰকটীয়াৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ

নিজম পৰিল নাহৰকটীয়াৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ। 

নিজান পৰিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যাক বাৰ্ষিক অধিৱেশন স্থলি । আজি বিদায়ী বেলিকাত উদযাপন সমিতিৰ কৰ্মী সকল আৱেগিক হোৱাৰ লগতে অশ্ৰু সিক্ত নয়নে বিদায় জনালে ভকত বৈষ্ণৱ সকলক

    হৰি নামেৰে মুখৰিত হল ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ । নাহৰকটীয়া ৰাঙলী-কলীয়াপানী পথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা সংঘৰ অধিবেশন ভাগি দেওবাৰে সফল সমাপ্তি ঘটে। ভকত বৈষ্ণৱ সকলৰ বিদায়ী পৰ্বত আবেগিক হৈ পৰে ডিব্ৰুগড় জিলাৰ আই মাতৃ সকল। আই মাতৃ সকলে হৰি নাম গাই বিদায় দিলে  ভকত বৈষ্ণৱ সকলক। বিদায় পৰ্বত ইজনে সিজনক সাৱতি চকুপানী টুকা দৃশ্যই এক আৱেগিক পৰিৱেশ সৃষ্টি কৰিলে অধিৱেশন স্থলি। ইফালে  ধেমাজি জিলাৰ আতিথ্যত জোনাই বাসী ৰাইজৰ সহযোগত ২৩ চনত জোনাইত অনুষ্ঠিত হব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যাক অধিৱেশন খনি । যাৰ বাবে জোনাই শাখাই ১০০ খন গাড়ীৰে সংঘৰ ধৰ্মধ্বজা ভাগি আদৰি লৈ যায় নিজৰ জিলালৈ। মুঠৰ ওপৰত যোৱা তিনি দিন ধৰি হৰি নামেৰে মুখৰিত হৈ দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ পৰিণত হল ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা