অহা ১ এপ্ৰিলত ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত–বাংলাদেশ সীমান্তৰ বিষখোৱাত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ‘সৰহদ কো স্বৰাঞ্জলি’’ অনুষ্ঠান –অসম চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগিতাত অনুষ্ঠিত হ’বলগীয়া সেই কাৰ্যসূচীক লৈ চলিছে তুমুল প্ৰস্তুতি

অহা ১ এপ্ৰিলত ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত–বাংলাদেশ সীমান্তৰ বিষখোৱাত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ‘সৰহদ কো স্বৰাঞ্জলি’’ অনুষ্ঠান –অসম চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগিতাত অনুষ্ঠিত হ’বলগীয়া সেই কাৰ্যসূচীক লৈ চলিছে তুমুল প্ৰস্তুতি

ধুবুৰী, ২৯ মাৰ্চ

অহা ১ এপ্ৰিলৰ দিনা অসম চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগিতাত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ, ধুবুৰী জিলা সমিতিয়ে  জিলাখনৰ গোলকগঞ্জৰ বিধানসভা সমষ্টিৰ ভাৰত–বাংলাদেশ সীমান্তৰ সমীপৰ বিষখোৱাত আয়োজন কৰিছে ‘‘সৰহদ কো স্বৰাঞ্জলি’’ নামৰ এক বিশেষ কাৰ্যসূচীৰ। দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে সমগ্ৰ দেশ ব্যাপি উদযাপিত হৈ থকা ‘‘আজাদি কি অমৃত মহোৎসৱ’’ৰ সৈতে সংগতি ৰাখি জিলাখনৰ বিষখোৱাৰ ‘‘কাৰ্গিল পথাৰ’’ত আয়োজিত সেই অনুষ্ঠানক লৈ এতিয়া দিনে–নিশাই চলিছে প্ৰস্তুতি। উল্লেখ্য যে, অহা ১ এপ্ৰিলৰ বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ’বলগীয়া ‘‘সৰহদ কো স্বৰাঞ্জলি’’ অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকী জনপ্ৰিয় শিল্পীয়ে অংশগ্ৰহণ কৰিব।  উদ্যোক্তাসকলে সিদিনাৰ সেই বিশেষ কাৰ্যসুচীত জিতুল সোনোৱাল, সীমান্ত শেখৰ,  বিদ্যাসাগৰ, ববিতা শৰ্মা,  মন্মথ বৰুৱা, শৰত ৰাগ, জয় চক্ৰৱৰ্তী,  ত্ৰিৱেণী বুজৰবৰুৱাৰে ধৰি কেইবাগৰাকী স্থানীয় শিল্পীয়ে অংশ ল’ব জনাইছে। সেই শিল্পীসকলে সম্পূৰ্ণ বিনামূলীয়া ভাৱে অনুষ্ঠান পৰিবেশন কৰিব বুলি সদৰি কৰিছে আৰু সিদিনাৰ অনুষ্ঠানত আনুমানিক ৪০ হাজাৰ মান দৰ্শকৰ আগমন ঘটাৰ আশা কৰিছে সংগঠনটোৱে। উল্লেখ্য যে, ৰাজ্যৰ ভাৰত বাংলাদেশ সীমান্তত পোন প্ৰথমবাৰৰ বাবে  আয়োজিত হৈছে এনে এক অনুষ্ঠানৰ।

প্ৰেৰক- জিতু মণি দাস, ধুবুৰী

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা