চল্লিচ পঞ্চাশ লাখ টকাৰ গাড়ী কেজিৰ ভাৱত বিক্ৰী হৈ আছে এইখন অসমতে

চল্লিচ পঞ্চাশ লাখ টকাৰ গাড়ী কেজিৰ ভাৱত বিক্ৰী হৈ আছে এইখন অসমতে । শুনি হয়তো আচৰিত লাগিলেও এয়াই সত্য । মাংস ব্যবসায়ীৰ লেখীয়া  গাড়ীৰ চকা ,ইঞ্জিন আৰু  লোৰ ভাগে ভাগে দৰ  ।পিছে গাড়ীৰ চোৰাং ব্যবসায়ীক বিছাৰি বহু দুৰলৈ যাব নালাগে । মুখ্যমন্ত্ৰীৰ গৃহ  সমষ্টিৰ উত্তৰ গুৱাহাটী চিলা চকীগেটত আছে এই চোৰাং গাড়ীৰ বেহা । এক ষ্ট্ৰিং অপাৰেচনত ধৰা পৰিছে গাড়ীৰ কে জি   ভাওৰ ঘাটি । উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী থানাৰ পৰা চকীগেটলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিতআছে ৩২টাকৈ অধিক ডেম্প । এই ডেম্পৰ বেশত থকা এই সকল লো ব্যবসায়ীয়েই চলাই আহিছে চোৰাং গাড়ীৰ বেহা । প্ৰথমে শুনাব বিছাৰিছো গোপনে সংগ্ৰহ কৰা চোৰাং ব্যবসীয়ৰ ভাষ্য ।  BYTE : 

কোনো দুৰৈৰ কথা নহয় ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিৰ দৃশ্য এয়া ।  কেনেদৰে ব্যয়বহুল গাড়ী চুৰি কৰি পানীৰ দৰত বিক্ৰী কৰি আহিছে চাওক । ভিজুৱেলত দেখা এই মহিলা গৰাকীৰ স্বামী হুছেইন হল চোৰাং গাড়ী ব্যবসায়ীৰ মাষ্টাৰ মাইণ্ড । মেঘালয়ৰ কুখ্যাত চোৰাং ব্যবসায়ীৰ সতে আছে হুছেইনৰ সম্পৰ্ক । অলপতে  হুছেইনৰ লগতে এজন চোৰাং গাড়ী ব্যবসায়ী ছুলেমান আলিক ৰাইজৰ খবৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে । কিন্তু ,চাংসাৰী থানালৈ অনাৰ পিছত সকলো বুমেৰাং হল ।  BYTE: 

চাংসাৰী আৰক্ষীয়ে চোৰাং গাড়ীৰ ব্যবসায়ী হুছেইনক সম্পূৰ্ণ তদন্ত নকৰাকৈয়ে মুকলি কৰি দিয়াৰ বাবে গাড়ী চুৰিৰ বজাৰ পুনৰ গঢ়ি উঠাৰ আহি পৰিছে খবৰ । উত্তৰ কামৰূপৰ অপৰাধৰ ঘাটি লোহাৰ ডেম্প । আমিন গাঁৱৰ এটা ডেম্পত অলপতে ৰাইজৰ খবৰৰ ভিত্তিত জব্দ হৈছিল বৃহৎ পৰিমানৰ  ড্ৰাগচসহ চোৰাং ম'বাইল ফোন  । কিন্তু আমিন গাঁও আৰক্ষীয়ে অপৰাধীক ধৰি পোনছাটেই দিছিল এৰি ।  মুঠতে আৰক্ষীৰ বৰ ঘৰত অপৰাধীয়ে বাহ ললে বিছাৰি পায় কোনে ? সেয়ে এই সকলোবোৰৰ তদন্ত কৰি এতিয়া আৰক্ষীৰ শীৰ্ষ মহলে কিবা এটা কৰিলেহে হয়তো হব পাৰে এই ডেম্প সমূহত চলি থকা অপৰাধীক কাৰ্যকলাপৰ কিছু অন্ত। আৰক্ষীৰ শীৰ্ষ মহলে অনাগত সময়ত ইয়াৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে হব লক্ষ্যনীয়।

লয়াৰ আছাম ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা