ৰাজ্যসভাৰ ৰাজনীতি : হিমন্তৰ কাষত হাগ্ৰামা, প্ৰমোদ সন্দিহান

দীপজ্যোতি ডেকা : ৰাজ্যসভা নিৰ্বাচনত অসমৰ দুখন আসনকলৈ এতিয়া ৰাজনীতি উত্তাল হৈ পৰিছে। বিজেপি মিত্ৰজোটে ইতিমধ্যে বিজেপিৰ পৱিত্ৰ মাৰ্ঘেৰিটা আৰু ইউপিপিএলৰ ৰণগৌড়া নাৰ্জাৰীক প্ৰক্ষেপ কৰিছে। মিত্ৰজোটৰ বাবে বাকী সকলো ঠিকেই আছিল, কিন্তু দুয়োখন আসন দখল কৰাৰ বাবে সংখ্যাৰ অংকত পুনৰ জংক পংকৰ সৃষ্টি কৰিছে ইউপিপিএল প্ৰধান প্ৰমোদ বড়ো আৰু বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ পুৰণি সংঘাতে। বিজেপি মিত্ৰজোঁটক ৰাজ্যসভাৰ দুয়োখন আসন দখলৰ বাবে প্ৰয়োজন ৮৪ টা ভোটৰ । কিন্তু বৰ্তমান আছে ৮০ টা ভোট। সেয়ে মিত্ৰজোটক আন চাৰিটা ভোটৰ প্ৰয়োজন দুয়োখন আসন দখলৰ বাবে। এই সুযোগ বুজি কালি হাগ্ৰামা মহিলাৰীয়ে নিজৰ তিনিজন বিধায়কৰ সমৰ্থনৰ একপ্ৰকাৰ প্ৰস্তাৱ লৈ সদলবলে সাক্ষাত কৰে মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাক। উল্লেখ্য যে হাগ্ৰামাৰ বিপিএফ বৰ্তমান মিত্ৰজোঁটৰ বিধায়িনী পৰিষদৰো মিত্ৰ। তেনেস্থলত যদিহে হাগ্ৰামাৰ প্ৰস্তাৱ দখল কৰে তেন্তে মিত্ৰজোটৰ ৰাজ্যসভা নিৰ্বাচনত ভোটৰ সংখ্যা হ'ব ৮৩ টা। আন এটা ভোটৰ বাবে তেতিয়া মিত্ৰজোটে বেছি চিন্তা লৰিবলগীয়াত নপৰিব। এই অংকটো বিজেপি-বিপিএফৰ বাবে ঠিকেই আছিল। কিন্তু ইয়াক লৈ এতিয়া অসন্তুষ্ট তথা সন্দিহান হৈ পৰিছে মিত্ৰজোটৰ অন্যতম অংশীদাৰ ইউপিপিএলৰ প্ৰধান তথা বিটিআৰ চীফ প্ৰমোদ বড়ো। বড়োৰ পুৰণা শত্ৰু হাগ্ৰামা মহিলাৰীৰ এই চতুৰ প্ৰৱেশক তেঁও সহজভাৱে লব পৰা নাই বুলি দলৰ এক সূত্ৰত প্ৰকাশ। এই সুযোগ গ্ৰহণ কৰি যদি হাগ্ৰামা বাহিনীয়ে বিজেপি মিত্ৰজোটত পুনৰ সোমোৱাৰ প্ৰচেষ্টাত সফল হয় তেন্তে ইউপিপিএলে মিত্ৰজোটত থকাৰ বিষয়টো পুনৰ চিন্তা কৰিবলগীয়াত পৰিব বুলিও দলৰ সূত্ৰত আলোচনা চলিছে। অৱশ্যে ৰাজ্যসভা নিৰ্বাচনৰ বাবে মিত্ৰজোটৰ দ্বিতীয়জন প্ৰাৰ্থী যিহেতু ইউপিপিএলৰে ৰণগৌড়া নাৰ্জাৰী সেয়ে ভোটৰ অংকৰ স্বাৰ্থতে বিপাঙত পৰিছে প্ৰমোদ বড়ো। শত্ৰুতাক অব্যাহত ৰাখি ৰাজ্যসভাৰ আসন হাৰি ৰণগৌড়া নাৰ্জাৰীবাহিনীৰ লৱীকেন্দ্ৰিক ৰাজনীতিৰ সন্মুখীন হব নে ভোটৰ স্বাৰ্থত হাগ্ৰামা বাহিনীৰ সহায় লৈ বিটিআৰবাসীৰ ওচৰত নিজৰ স্থিতি হেৰুৱাব এই দুয়োটা পৰিস্থিতিত প্ৰমোদ বড়ো এতিয়া সন্দিহান হৈ পৰা বুলি দলৰ সূত্ৰত আলোচনা চলিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা