বিশ্বনাথৰ বাঘমাৰিস্থিত পাৱাৰ গ্ৰীডৰ গুণ্ডাগিৰীৰ অভিযোগ*

*বিশ্বনাথৰ বাঘমাৰিস্থিত পাৱাৰ গ্ৰীডৰ গুণ্ডাগিৰীৰ অভিযোগ*

*ম্যাদি পট্টাৰ ভুমিত কোনো নটিচ অবিহনে পাৱাৰগ্ৰীড কৰ্তৃপক্ষৰ খনন কাৰ্য*


আমাৰ প্ৰণাম বিশেষ সেৱা, বিশ্বনাথ, ৩০ মাৰ্চ :- বিশ্বনাথ বাঘমাৰিস্থিত পাৱাৰগ্ৰীডৱ বিৰুদ্ধে গুণ্ডাগিৰীৰ।টাৱাৰ নিৰ্মানৰ নামত অবৈধভাবে আনৰ ম্যাদিপট্টা ভূমিত অবৈধভাবে খনন কাৰ্য চলোৱাৰ অভিযোগ।খনন কাৰ্যত বাধা দিৱবলৈ যাওতে পাঁচজনকৈ ভুমি মালিকক আটক জিনজিয়া আৰক্ষীৰ।আটকাধীন লোক সকল ক্ৰমে অৰুনাভ শইকীয়া,জিতু শইকীয়া,বকুল ভূঞা, পৃথিবীৰাজ শইকীয়া আৰু নেত্ৰ কমল হাজৰিকা সহ আৰু তপন শইকীয়া আটক কৰে জিনজিয়া আৰক্ষীয়ে ।খনন কাৰ্যত বাধা প্ৰদান কৰাৰ বাবে এই সকল লোকক আটক কৰে জিনজিয়া আৰক্ষীয়ে ।আটকাধীন লোক সকলে ভুমিৰ উচিত মূল্য নোপোৱাৰ বাবে বাধা প্ৰদান কৰিছিল এই খনন কাৰ্যত।স্থানীয় লোকৰ অভিযোগ ৰাজ্যত এতিয়া গণতন্ত্ৰ নহয়, ৰাজতন্ত্ৰ চলিছে, প্ৰধান মন্ত্ৰীৰ ভাবুকি দি কামৰ অগ্ৰগতি পাৱাৰগ্ৰীড কৰ্পৰেচনৰ।উচিত মূল্য নিদিয়াকৈ,কোনো ধৰণৰ আগজাননী নিদিয়াকৈ ম্যাদি পট্টা ভূমিত চিনেমাৰ কায়দাৰে গুণ্ডামী কৰি চলালে খনন কাৰ্য । আনহাতে বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিকক বাধা প্ৰদান আৰু দুব্যৱহাৰ অৰ্ধসামৰিক বাহিনীৰ । ইফালে, সমগ্ৰ বিষয়টো সন্দৰ্ভত কোনো ধৰণৰ স্পষ্টিকৰণ দিয়াৰ পৰা বিৰত থাকে পাৱাৰ গ্ৰীড কৰ্তৃপক্ষ ।।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা