নগাৱঁত সাধাৰন ধৰ্মঘট পালন ।

নগাৱঁত সাধাৰন ধৰ্মঘট পালন ।   

বিশেষ বাৰ্তা , নগাওঁ , ২৮ মাৰ্চ   কেন্দ্ৰীয় চৰকাৰৰ কেতবোৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচন সমুহৰ আহবানত আজি সমগ্ৰ দেশৰ লগতে নগাওঁ জিলাতো সাধাৰণ ধৰ্মঘট পালন কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতি বাতিল কৰা, বিদ্যুত সংশোধনী বিল ২০২১ বাতিল কৰা, ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান আদি ব্যক্তিগত কৰন বন্ধ কৰা, জাতীয় মুদ্ৰাকৰণ পাইপলাইন বাতিল কৰা, আয়কৰৰ আওতাত নপৰা প্ৰতিগৰাকী লোকক ৭৫০০ টকা আদায় দিয়া, শ্ৰমিকৰ দৈনিক মজুৰি ৮০০ টকালৈ বৃদ্ধি কৰা, অংগনবাড়ী, ৰন্ধনকৰ্মী, আশাকৰ্মী আদিক মজুৰি প্ৰদান কৰা, মটৰ শ্ৰমিকসহ সকলো অসংগঠিত শ্ৰমিকৰ বাবে সামাজিক সুৰক্ষাৰ ব্যৱস্থা কৰাকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত আজিৰ পৰা দুই দিনীয়াকৈ সাধাৰণ ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্য্যসূচী সময়ত বেংক বীমা প্ৰতিষ্ঠানকে ধৰি বিত্তীয় প্ৰতিস্থান, ডাকঘৰ, টেলিকম, বেচৰকাৰী মটৰ পৰিবহন শ্ৰমিক কৰ্মচাৰী সকলে ধৰ্মঘটত অংশগ্ৰহণ কৰি কামকাজ অচল কৰি তোলে। নগাওঁ জিলা মটৰ শ্ৰমিক সন্থাই আজি সাধাৰণ ধৰ্মঘটৰ সৰ্মথনত নগাওঁ চহৰত এক প্ৰতিবাদী সমদল উলিয়ায়। ইপিনে নগাঁৱৰ ডাক কৰ্মচাৰীসকলে আজি কৰ্মবিৰতি পালন কৰাৰ লগতে নগাওঁ মুখ্য ডাকঘৰত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। প্ৰতিবাদী সভাই এন পি এছ ব্যৱস্থা বাতিল কৰা, ডাক বিভাক ব্যক্তিগত কৰা পদক্ষেপ বাতিল কৰা, ডাক বিভাগত খালি পদ শীঘ্ৰে পূৰণ কৰাৰ দাবী  উত্থাপন কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা