নলীগাঁও মণ্ডল সমল কেদ্ৰত তিনিদিনীয়াকৈ পৰিচালনা সমিতিৰ অনাৱাসাৱিক প্ৰশিক্ষণ সম্পন্ন #

# নলীগাঁও মণ্ডল সমল কেদ্ৰত তিনিদিনীয়াকৈ পৰিচালনা সমিতিৰ  অনাৱাসাৱিক প্ৰশিক্ষণ সম্পন্ন #

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৯ মাৰ্চঃ বৰপেটা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত নলীগাঁও মণ্ডল সমল কেদ্ৰৰ এলেকাধীন নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ  সদস্য-সদস্যাসকলৰ তিনিদিনীয়া অনাৱাসাৱিক প্ৰশিক্ষণ আজি সামৰণি পৰে। সমগ্ৰ শিক্ষা অভিযান মিছনৰ নিৰ্দেশত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ শিৱিৰটো যোৱা ২৬ মাৰ্চত আৰম্ভ হৈছিল। নলীগাঁও ছোৱালী এম ই মাদ্ৰাছাত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ শিৱিৰটো যোৱা ২৬ মাৰ্চত পুৱা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নলীগাঁও ছোৱালী এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক ৰাইজ উদ্দিন আহমেদে । তিনিদিনীয়া প্ৰশিক্ষণ শিৱিৰটোত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে নলীগাঁও ছোৱালী এম ই মাদ্ৰাছাৰ সহকাৰী শিক্ষয়িত্ৰী মৰ্জিনা খাতুন আৰু ৫৮৪ নং নলীগাঁও প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক পৰাগ কলিতাই। প্ৰশিক্ষণৰ প্ৰথম দিন অৰ্থাৎ যোৱা ২৬ মাৰ্চত হঠাৎ পৰিদৰ্শনৰ বাবে উপস্থিতিত হয় জিলা আঁচনি বিষয়া ক্ৰমে সিতাঙ্গ ডেকা আৰু নিৰঞ্জন ওজা। বিষয়া দুগৰাকীয়ে এই প্ৰশিক্ষণৰ উদ্দেশ্য কি তথা বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য-সদস্যাৰ কি দায়িত্ব আৰু কৰ্তব্য থকা প্ৰয়োজন  সেইবোৰৰ বিষয়ে ভালদৰে বুজাই কয়। সংশ্লিষ্ট বিভাগে নিৰ্ধাৰণ কৰা দৈনিক বিভিন্ন কাৰ্যক্ৰমনিকাৰে অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ শিৱিৰত উত্তৰ নলীগাঁও বালিকা প্ৰাথমিক বিদ্যালয়, পশ্চিম নলীগাঁও প্ৰাথমিক বিদ্যালয়, ১৬৩৪  নং উত্তৰ নলীগাঁও প্ৰাথমিক বিদ্যালয়, নলীগাঁও হাবিবীয়া প্ৰি-ছিনিয়ৰ মাদ্ৰাছা, ৫৮৪নং নলীগাঁও প্ৰাথমিক বিদ্যালয়, ৮১২ নং নলীগাঁও প্ৰাথমিক বিদ্যালয়, দক্ষিণ দেশভক্ত প্ৰি-ছিনিয়ৰ মাদ্ৰাছা আৰু হেলছা গাওঁ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য-সদস্যাই অংশগ্ৰহণ কৰে। প্ৰতিটো বিদ্যালয়ৰ পৰা ৬ জনকৈ মুঠ ৫৪ জনে প্ৰশিক্ষণ লোৱা এই শিৱিৰটোৰ তদাৰক কৰে মণ্ডল কেন্দ্ৰৰ সমন্বয়ক ৰাহুল আমিনে। আনহাতে প্ৰশিক্ষণ শিৱিৰটোৰ দায়িত্বশীল ব্যক্তি হিচাপে থাকে নলীগাঁও ছোৱালী এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক ৰাইজ উদ্দিন আহমেদে। প্ৰশিক্ষণ শিৱিৰটোৰ জৰিয়তেই সদস্য-সদস্যাসকলে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ উন্নতি কৰিবলৈ তেওঁলোকৰ ভূমিকা কি , বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য-সদস্যাসকলে বিদ্যালয়খন কেনেদৰে পৰিচালনা কৰিব লাগে, ছাত্ৰ-ছাত্ৰীক কেনেদৰে বিদ্যালয়মূখী কৰিব পাৰি, সমাজৰ পৰা কেনেদৰে নিৰক্ষৰতা আতৰাই সকলোকে কেনেকৈ শিক্ষিত কৰিব পাৰি, বিদ্যালয়ৰ হিচাব হিচাব কেনেদৰে ৰাখিব লাগে, বিদ্যালয়ত শিক্ষক-শিক্ষয়িত্ৰীসকলে নিয়মিতভাৱে পাঠদান দিয়ে নে নাই সেইবোৰ কেনেদৰে পৰ্যবেক্ষণ কৰিব লাগে সেইবোৰৰ বিষয়ে সমল ব্যক্তি দুগৰাকীয়ে বিতংকৈ  পৰ্যালোচনা কৰে। (ফটো অাছে)

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা