সাংবাদিক আফতাপ হুছেইনক MSF ৰাষ্ট্ৰীয় সংগঠনে প্ৰদান কৰিলে ৰাষ্ট্ৰীয় বটা

সাংবাদিক আফতাপ হুছেইনক MSF ৰাষ্ট্ৰীয়  সংগঠনে প্ৰদান কৰিলে ৰাষ্ট্ৰীয় বটা

 মৰিগাৱঁ জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অৰ্ন্তগত  ছাতিয়ান তলি গাৱঁত জন্ম গ্ৰহন কৰা ,বিগত ২০ বছৰ ধৰি সংবাদ মাধ্যমৰ লগত জৰিত থকা আফতাপ হুছেইনক ৰাষ্ট্ৰীয় বটাৰে সন্মিত কৰিলে ৰাষ্ট্ৰীয় সংগঠন MSF য়ে । উল্লেখ্য যে  সাংবাদিক আফতাপ হুছেইন মহাবিদ্যালয়ত পঢ়ি থকা অৱস্হাতে সাংবাদিকতা আৰম্ভ কৰি অতিকৈ পিছপৰা 
লাহৰীঘাট অঞ্চলৰ সমস্যা,অসামাজিক কাৰ্য-কালাপৰ বিৰুদ্ধে, জনসাধাৰণৰ জীৱন নিৰ্বাহৰ বাস্তব ছবি অসমৰ লগতে  সমগ্ৰ ভাৰতৰ্বষতে দাঙি ধৰিবলৈ সক্ষম হৈছে বাতৰি পৰিবশনৰ জৰিয়তে ।তাৰ উপৰি ২০২১ চনৰ জানুবাৰী মাহত মৰিগাৱঁ জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত বৰছলা,নগাবন্ধা আৰু ৰজাগাধুৱা গাৱঁৰ আৰু নাগাৱঁ জিলাৰ কামপুৰ থানাৰ অৰ্ন্তগত কচুৱাৰ গাৱঁৰ ১২জনকৈ শ্ৰমিকক অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা নদীত এটা দুষ্ট চক্ৰই বিক্ৰি কৰিছিল।  সাংবাদিক আফতাপ হুছেইনে 
অসমৰ এজনো আৰক্ষী নোহোৱাকৈ জীৱন -মৰণৰ কথা চিন্তা নকৰাকৈ অন্ধ্ৰপ্ৰদেশৰ নদীৰ পৰা উদ্ধাৰ কৰি নিজৰ নিজৰ ঘৰত জমজাই দিয়ে। এনে ধৰণৰ সামাজিক কাম আৰু মানুহৰ জীৱন ৰক্ষা কৰাৰ বাবে  ৰাষ্ট্ৰীয় সংগঠন MSF য়ে  প্ৰদান কৰিছে ৰাষ্ট্ৰীয় বটা "ৰাষ্ট্ৰীয় গৌৰব বটা"। গুৱাহাটী সত্যনাথ বৰা পেক্ষা গৃহত ৰাষ্ট্ৰীয় সংগঠন MSFয়ে বিশ্ব নাৰী দিবসৰ সংগতি অনুষ্ঠিত কৰা বটা বিতৰণি আৰু ফেশ্বন শ্বো অনুষ্ঠানত উপস্হিত থাকে MSF ৰ   অধ্যক্ষ  ড০ অতুল কুমাৰ বাৰি,   মিষ্টাৰ ইউনিভাৰ ড০ দিপক গগৈ,  MSF ৰ১৭খন ৰাজ্যৰ সভানেএী  ড০ নমদ্ৰা শৰ্মা আৰু অনুষ্ঠানটি পৰিচালনা কৰে MSF ৰ মিডিয়া ছেলৰ সঞ্চালিকা ড০ ৰীতু গগৈ য়ে ।এই অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতৰ্বষৰ ১৭ খন ৰাজ্যৰ প্ৰতিনিধিয়ে অংশ গ্ৰহন কৰে।
লাহৰীঘাটৰ পৰা

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা