কামৰূপৰ মৰাণজণাত প্ৰদুষণকাৰী কাৰখানাত তলা ওলোমালে অঞ্চলবাসী ৰাইজে।

কামৰূপৰ মৰাণজণাত প্ৰদুষণকাৰী কাৰখানাত তলা ওলোমালে অঞ্চলবাসী ৰাইজে। 

কামৰূপ জিলাৰ অন্তৰ্গত মৰাণজণাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত লাগি থকা ইশ্বৰ সিং মালিকানাধীন কামৰূপ ফিউৱেলছ নামৰ কাৰখানাটোৰ পৰা ওলোৱা প্ৰদূষণে বৃহত্তৰ মৰণজণাবাসীক দীৰ্ঘ দিনৰ পৰা জ্বলা কলা খুৱাই  আহিছিল। আজি  উদ্যোগটোৰ টাংকি বিস্ফোৰণ হোৱাৰ ফলত বিস্তৃৰ্ণ এলেকা কলা ধোৱাই ছানি ধৰে ফলত বৃহত্তৰ মৰাণজণাবাসী ৰাইজ আতংকিত হৈ পৰে। উল্লেখ্য যে ২০১৮ চনত এই উদ্যোগটোত কৰ্মৰত অৱস্থাতে দুজনকৈ শ্ৰমিকৰ মৃত্যু ঘটিছিল। ইয়াৰ পিছতে এই প্ৰদুষণকাৰী উদ্যোগতি ৰাইজে প্ৰশাসনক বন্ধ কৰাৰ কাৰণে বাৰাম্বাৰ আহ্বান কৰে যদিও প্ৰশাসনে কোনো ধৰণৰ প্ৰচেষ্টা হাতত নোলোৱাত আজি টাংকি ফাটি গোটেই অঞ্চলটো ধোৱাময় হৈ পৰাত মৰণজণাবাসী ৰাইজে এই প্ৰদূষিত উদ্যোগটোত তলা ওলমাই দিয়ে। ইয়াৰ লগতে ৰাইজে চৰকাৰ প্ৰশাসনক কামৰূপ ফিউৱেলছ নামৰ এই প্ৰদুষণকাৰী উদ্যোগটো বন্ধ কৰি দিবলৈ আহ্বান জনাই।

লয়াৰ আছাম ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা