লক্ষীমপুৰত সদৌ অসম চাহু বৈশ্য তেলী সন্মিলনৰ চতুৰ্থ দ্বিবাৰ্ষিক ৰাজ্যিক অধিবেশন সম্পন্ন

অম্লান কাশ্যপ চাহা, বিশ্বনাথ, ২৮ মাৰ্চ :- ১৯৩২ চনতে জন্ম লাভ কৰা বৃহত্তৰ অসমীয়া জাতিৰ অভিন্ন অংগ সদৌ অসম চাহু বৈশ্য তেলী সন্মিলনৰ ৰাজ্যিক অধিবেশনখনি দুদিনীয়া কাৰ্যসূচীৰে লক্ষীমপুৰ জিলাৰ বাসুদেৱ ট্ৰাষ্টত কালি অনুষ্ঠিত হৈ যায় । প্ৰথম দিনা পতাকা উত্তোলন, বৃক্ষ ৰোপন, স্মৃতি তৰ্পণ, প্ৰতিনিধিৰ শিবিৰ মুকলি, বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত চাহু সকলৰ অৱদান শীৰ্ষক এখনি আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ সমান্তৰালকৈ দ্বিতীয় দিনা মুকলি সভা অনুষ্ঠিত হয় । সমিতিৰ সভাপতি ৰাম কুমাৰ বৰুৱাই সভাপতিত্ব কৰা সভাখন উদ্ধোধন কৰে ধেমাজিৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা জোৎস্না মেদকে । সভাত চাহু বৈশ্য সন্মিলনৰ স্মৃতি গ্ৰন্থ প্ৰজন্ম উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ প্ৰেমানন্দ হাওবৰাই । ইয়াৰ  উপৰিও সভাত আন ৪ খন গ্ৰন্থ ক্ৰমে শিপাৰ সন্ধানত (বংশাৱলী) সভাপতি ৰাম কুমাৰ বৰুৱাই, তুমি বিচৰা ছবিখন (কবিতা পুথি) মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ যতীন চুতীয়াই,  মুক্তি যুদ্ধা পেঞ্চনাৰ ৰঘুনাথ চাহু শীৰ্ষক গ্ৰন্থ খন মৰাণৰ বাল্য বিকাশ বিদ্যালয়ৰ অধ্যক্ষ ডঃ স্বপন চুতীয়াই আৰু জীৱনৰ শেষ সন্ধিয়াত শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক বাচা বৰাই । সভাত বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ডঃ অমিয় কুমাৰ ভূঞা,  লক্ষীমপুৰ জিলা অবিচি বৰ্ডৰ সম্পাদক লক্ষীনন্দন ৰয়, স্থানীয় সমাজকৰ্মী ফনিধৰ বৰুৱা, যোৰহাট স্থিত নাৰ্চিং প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষা কুসুম চাহু, সমাজকৰ্মী শকুন্তলা চাহু, স্থানীয় বয়োজ্যেষ্ঠ বাবুল বৰা, হৰভজন সিঙকে আদি কৰি বহুকেইজন গন্য মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে । সন্মিলনৰ প্ৰতিনিধি সভাই সৰ্বসন্মতিক্ৰমে আগন্তুক বৰ্ষৰ বাবে ৰাম কুমাৰ বৰুৱাক সভাপতি আৰু তিলক চাহুক সম্পাদক হিচাপে লৈ ৪১ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয় । মুকলি সভা খন আঁত ধৰে সম্পাদক প্ৰধান তিলক চাহু আৰু সাংস্কৃতিক সম্পাদক অৰুণ চাহাই ।
নিশা কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক অম্লান কাশ্যপ চাহাই আঁত ধৰা সাংস্কৃতিক সন্ধিয়া উদ্ধোধন কৰে সংগীত শিল্পী তথা জিলা  ক্ৰীড়া বিষয়াৰ অধীনত শাৰীৰিক শিক্ষা নিৰ্দেশক অজিত কুমাৰ শৰ্মাই ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা