চিলাপথাৰত ডিমৌ নদীৰ বানত সৰ্বশ্ৰান্ত হোৱা পৰিয়ালক ক্ষতিপূৰণ প্ৰদানত অনিয়মৰ অভিযোগ :

চিলাপথাৰত ডিমৌ নদীৰ বানত সৰ্বশ্ৰান্ত হোৱা পৰিয়ালক ক্ষতিপূৰণ প্ৰদানত অনিয়মৰ অভিযোগ : 
দৈনিক আমাৰ প্ৰণাম  চিলাপথাৰ ২৯ মাৰ্চ
বিগত ২০২০ বর্ষতেই অৰুণাচলৰ পৰা নামি অহা ডিমৌ নদীৰ প্ৰবল বানৰ ফলত নদীখনে গতি সলাই উটুৱাই নিছিল চিলাপথাৰৰ সমীপৰ ১ নং মহাৰাণীপুৰৰ ১৪ টাকৈ পৰিয়ালৰ ঘৰবাৰী । বান-গৰাখহনীয়াত সৰ্বশ্ৰান্ত হোৱা পৰিয়ালকেইটাক ক্ষতিপূৰণ দিয়াৰ বাবে চৰকাৰৰ নিৰ্দেশত গাঁওবুঢ়া গোবিন্দ পেগু আৰু মালা উপাধিধাৰী লাট মণ্ডল গৰাকীয়ে ১৪ টা ক্ষতিগ্ৰস্ত পৰিয়ালৰ তালিকা প্ৰস্তুত কৰে আৰু সেই তালিকা অনুসৰি ১৪ টা পৰিয়ালৰ বাবে ক্ষতিপূৰণ মঞ্জুৰ কৰে চৰকাৰে । কিন্তু মাত্ৰ ৬ টা পৰিয়ালক ৯৫ হাজাৰ টকাকৈ ক্ষতিপূৰণ দিয়ে যদিও বাকী থকা ৮ টা পৰিয়ালে আজিলৈকে ক্ষতিপূৰণ পাবলৈ সক্ষম হোৱা নাই । তেওঁলোকে কৰা অভিযোগ অনুসৰি ক্ষতিপূৰণ দিবৰ বাবে গাঁওবুঢ়া গোবিন্দ পেগুৱে প্ৰতিটো পৰিয়ালৰ পৰা ২০ হাজাৰকৈ টকা বিচাৰিছিল কিন্তু সৰ্বশ্ৰান্ত পৰিয়ালকেইটাই ২০ হাজাৰকৈ দিব নোৱাৰি ১০ হাজাৰকৈ টকা দিয়ে । কিন্তু দহ হাজাৰকৈ টকা দিয়াৰ পিছতো ক্ষতিপূৰণ নোপোৱাত তেওঁলোকে চিচিবৰগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ কাষ চাপে যদিও মণ্ডলজনে তেওঁলোকক কাৰ্যালয়ত প্ৰৱেশ কৰিবকে নিদিলে। সৰ্বশ্ৰান্ত পৰিয়ালকেইটাক উচিত ক্ষতিপূৰণ দিবৰ বাবে চৰকাৰৰ ওচৰত সংবাদ মাধ্যমৰ জড়িয়তে আহ্বান জনাইছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা