বাৰ্ষিক মেৰামতি নে কেলেংকাৰী গাপ দিয়াৰ ফন্দি জি এম ডিএৰ । ৰ'পৱে পৰিচালনাৰ দায়িত্ব সলনি কৰি হাত সাৰিব কোন ?

বাৰ্ষিক মেৰামতি নে কেলেংকাৰী গাপ দিয়াৰ ফন্দি জি এম ডিএৰ ।  ৰ'পৱে পৰিচালনাৰ দায়িত্ব সলনি কৰি হাত সাৰিব কোন ?

বিগত ২৮ ফেবুৱাৰীৰ পৰা বন্ধ হৈ থকা গুৱাহাটী উত্তৰ গুৱাহাটী ৰ'পৱে সেৱা অহা ১০ মাৰ্চলৈ বন্ধ হৈ থাকিব । বাৰ্ষিক মেৰামতিৰ বাবে বন্ধ বন্ধ ৰখা হৈছে এই সেৱা । প্ৰতি বছৰে পৰিচালনাৰ দায়িত্বত থকা কম্পেনীয়ে বছৰেকীয়া মেৰামতি কৰি অহাৰ উপৰিও সপ্তাহত এদিন কাৰিকৰী দিশ চোৱা চিতা কৰে । পুৰ্বৰ সমীৰ দামোদৰ ৰূপৱেৰ পৰিবৰ্তে ঊষা ব্ৰেকো কম্পেনীক দিয়া হৈছে এইবাৰ পৰিচালনাৰ দায়িত্ব । আৰম্ভণিৰ পৰা নিৰ্মাণ সংস্থা সমীৰ দামোদৰ ৰ'পৱে বাৰ্ষিক চুক্তিত এই ৰ'পৱে সেৱা চলাই আহিছিল । উল্লেখ্য যে বিগত বৰ্ষত ৰ"পৱেৰ নিয়মীয়া পযীক্ষণৰ পিছতো চলমান চকা ক্ষয় হোৱা ধৰিব পৰা নাছিল ।  কথমপি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰা ৰ'পৱেৰ এই কথাক কতৃপক্ষই কণ্ট্ৰ'ল পৃনেলৰ বিজুতি বুলিহে প্ৰচাৰ চলাইছিল । ৰ'পৱে সেৱা বন্ধৰ আৰত আছে আন গোপন ৰহস্য সম্প্ৰতি চৰ্চাৰ বিষয় হৈ পৰিছে ।  যাৰ বাবে  ৰ"পৱে সেৱা বাৰ্ষিক মেৰামতিৰ বাবে ২৮ ফ্ৰেবুৱাৰীৰ পৰা  ১০ মাৰ্চলৈ ৰ'পৱে সেৱা বন্ধৰ চাইন ব'ৰ্ড আৰি টাৰ্মিনেলত সংবাদ মাধ্যমৰো প্ৰবেশ নিষেধ কৰিছে । যাতে সংবাদ মাধ্যমে ভিতৰ চ'ৰাৰ খবৰ প্ৰকাশ কৰিব নোৱাৰে । ২০০৭ চনত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু গুৱাহাটী উন্নয়ন মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ৰ'পৱেৰ শিলান্যাস কৰিছিল । শিলান্যাসৰ পিছত কিছুদিন  নিৰব হৈ পুণৰ ২০০৯ চনত গুৱাহাটী উত্তৰ গুৱাহাটীৰ দুইপাৰে দুটা খুঁটা নিৰ্মাণ কৰি ব্যয় কৰিছিল ২৬ কোটি টকা । পিছে ব্লেক লিষ্টেট সমীৰ দামোদৰ ৰ"পৱেৱে গুৱাহাটী দিশত স্থাপন কৰা খুঁটা নিৰ্মাণতে বেঁকা হৈ ওলমি থাকিল । ইয়াৰ পিছত ৰ'পৱেৰ কামৰ নাম গোন্ধ নথকাত তদানিন্তন গুৱাহাটী উন্নয়ন মন্ত্ৰী সমালোচনাৰ সন্মুখীন হৈছিল । ৰাজকোষৰ ধনৰ শৰাধ পাতি পকেট গৰম কৰাৰ মুকলি চৰ্চা হৈছিল । ইয়াৰ পিছত ৰ"পৱেৰ বৃহৎ কেলেংকাৰী গাপ দিয়াৰ উদ্দেশ্যে পুৰাতাত্বিক সমলৰ ওপৰত আঘাট হানাৰ এক গোছৰ ৰজুৰে বিষয়টি আদালতৰ মজিয়াত ওলমাই ৰখা হৈছিল । পৰবৰ্তী ২০১৮ চনত পুণৰ ৰ'পৱেৰ কাম আৰম্ভ কৰি ৫৬ কৌটিটকা ব্যয়ৰে সমীৰ দামোৰ নামৰ বহুজাতিক প্ৰতিস্থানে ২০২০ চনৰ ২৪ আগষ্টত মুকলি কৰে গুৱাহাটী ৰ'পৱে সেৱা । ৰ'পৱে সেৱা মুকলিৰ পিছত গুৱাহাটী উত্তৰ গুৱাহাটীৰ যাতায়ত ব্যবস্থাত কিছু সকাহ দিব বুলি আশা কৰা হৈছিল যদিও সাধাৰণ লোকৰ যাতায়ত ব্যবস্থাতে নহয় ব্যবসায়ীক দিশতো বিশেষ সফল নহল এই ৰ'পৱে সেৱা । এতিয়া গুৱাহাটী উন্নয়ন প্ৰাধিকৰণৰ তদাৰকত থকা(GMDA) বিভাগীয় বিষয়া অভিযন্তাৰ চৰম দুৰ্নীতি তথা বিত্তীয় কেলেংকাৰীক গাপ দিয়াৰ      বাবেই সমীৰ দামোদৰ  প্ৰতিস্থানক বিদায় দি এইবাৰ  অখ্যাত উষা ব্ৰেকো লিমিটেড কোম্পানীক ৰ'পৱে সেৱাৰ কামকাজ গতাই হাত সাৰিব বিছাৰিছে বুলি জনৈক বড়া উপাধিৰ এগৰাকী অভিযন্তাৰ বিৰুদ্ধে উঠিব লৈছে নানা অভিযোগ । কেইবাবাৰো ৰ'পৱে ব্যয়ৰ ওপৰত প্ৰশ্ন উঠাত তদন্তৰ প্ৰক্ৰিয়া আৰম্ভ নহওতেই সমাপ্ত হৈ আছে বুলিও উঠিছে ৰাইজৰ অভিযোগ। যাৰবাবে ৰ'পৱেৰ সকলো দিশ সামৰি নিৰপেক্ষ তদন্ত হলে ৰৌ বৰালি জালত পৰিব বুলি কোৱাকুই কৰিছে সচেতন ৰাইজে ।

লয়াৰ আছাম ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা