ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ প্ৰাচুৰ্য্য মেছৰ অকাল মৃত্যু

ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ প্ৰাচুৰ্য্য মেছৰ অকাল মৃত্যু 


প্ৰতিবেদক ডিব্ৰুগড়:-ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্র প্ৰাচ্যুৰ্য মেছৰ অকাল মৃত্যুত শোকাস্তব্ধ হৈ পৰিছে কানৈৰ ছাত্র সমাজ। আজি কানৈ মহাবিদ্যালয় ছাত্র একতা সভা আৰু কানৈ আছু গোটৰ উদ্যোগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়াই ছাত্ৰজনৰ প্ৰতিছৱিত বন্তি প্ৰজ্বলন কৰি কম সময়ৰ ভিতৰতে মহাবিদ্যালয়খনলৈ আগবঢ়োৱা অৱদানক স্মাৰণ কৰে। অতি অমায়িক আৰু ভদ্ৰ মনৰ ছাত্রজনৰ শোকসন্তপ্ত পৰিয়াললৈয়ো জনালে সমবেদনা। ইফালে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অধ্যাপিকা ড০ নিৰ্মালী পেগু আদিকে ধৰি ছাত্ৰ একতা সভা আৰু আছু গোটৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে।

ডিব্ৰুগড়ৰ পৰা জিতু দাসৰ ৰিপৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা