গোসাইগাৱৰ খলিচানীমাৰীত ছি আৰ পি এফৰ দ্বাৰা বিদ্যালয় পুন:নিৰ্মাণ কৰি বিদ্যালয়টোৰ উদ্বোধন।

গোসাইগাৱৰ খলিচানীমাৰীত ছি আৰ পি এফৰ দ্বাৰা বিদ্যালয় পুন:নিৰ্মাণ কৰি বিদ্যালয়টোৰ উদ্বোধন।

 শ্ৰীৰামপুৰ-গোসাইগাঁও, ২৯মাৰ্চঃ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰি ৭৫ বছৰত ভৰি দিয়া উপলক্ষে সমগ্ৰ দেশ ব্যাপী আয়োজন হৈ থকা "আজাদী কা অমৃত মহোৎসৱ"ৰ লগত সংগতি ৰাখি "এক ভাৰত শ্ৰেষ্ঠ ভাৰত" গঢ় দিয়াৰ উদ্দেশ্যে গোসাইগাও মহকুমাৰ খলিচানীমাৰী গাৱত স্থিত খলিচানীমাৰী ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ৰ বিদ্যালয় গৃহ আৰু লেট্ৰিন ছি আৰ পি এফৰ ১২৯ নম্বৰ বাহিনীৰ দ্বাৰা পুন:নিৰ্মান কৰি আজি তাৰ শুভ উদ্বোধন কৰে ছি আৰ পি এফৰ বঙাইগাঁও ৰেঞ্জৰ ডি আই জি পি জয়দেৱ কেশৰী।বিদ্যালয় গৃহ উদ্বোধনৰ অন্তত এক মুকলি সভা অনুষ্ঠিত হয়।শিক্ষা বিষয়া জাহাংগীৰ হুচেইনে আচধৰা মুকলি সভাতে মেধা তথা দুখীয়া ছাত্র-ছাত্ৰী সকলক বিন্যামূলীয়া ছোলাৰ লাইট বিতৰণ কৰা হয়। অনুষ্ঠানত ছি আৰ পি এফৰ ১২৯ নম্বৰ বাহিনীৰ কামাণ্ডাৰ গোলাপ সিং সহ আন আন বিষয়া,কেইবাটাও বিদ্যালয়ৰ প্ৰধান শিক্ষক, শিক্ষয়িত্ৰী, প্ৰাক্তন শিক্ষক, গাওবুঢ়া আৰু কেইবা শতাধিক ৰাইজ উপস্থিত থাকে। ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা