স্বাধীনতাৰ ৭৪ বছৰ পাছতো উন্নয়নৰ মুখ নেদেখা তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ অতি ভিতৰুৱা এক অঞ্চল স্বৰ্গপুৰ

স্বাধীনতাৰ ৭৪ বছৰ পাছতো উন্নয়নৰ মুখ নেদেখা তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ অতি ভিতৰুৱা এক অঞ্চল  স্বৰ্গপুৰ ৷  এই স্বৰ্গপুৰত এশ এবুৰি সমস্যা ৰে জিয়াতু ভূগি বাস কৰি আছে এই খন স্বাধীন ভাৰত বৰ্ষৰ নাগৰিকে। এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে বৰ্তমান সময়তো হাহাকাৰ, অঞ্চলটোৰ  ৰাইজৰ ৷ ভিন্ন সময়ত চৰকাৰ সলনি হল কিন্তু সলনি নহল এই স্বৰ্গপুৰ বাসী ৰাইজৰ সমস্যা ৰ।বৰ্তমান সময়ত বিজেপি নেতৃত্বা ধীন অসম চৰকাৰ আৰু ইউপিএল এল নেতৃত্বাধীন বিটিএদি চৰকাৰৰ  যি সময়ত  ঘৰ ঘৰ নল ঘৰ ঘৰ জল শ্ল গানেৰে জল জীৱন আঁচনিৰ দৰে  বিভিন্ন অভিলাসী আঁচনি গ্ৰহন কৰিছে তেনে আচনিও ঢুকি পোৱা নাই অঞ্চল বাসি ৰাইজক। বছৰ বছৰ ধৰি বৃহত্তৰ অঞ্চলটোৰ ৰাইজে এটুপি বিশুদ্ধ খোৱাপানীৰ অভাৱত পাহাৰৰ পৰা বৈ অহা নদী, ডোং আদিৰ পানী খাইয়ে জীৱন নিৰ্বাহ কৰি আহিছে। আজিলৈ অঞ্চলটোত ঢুকি পোৱা নাই কোনো ধৰনৰ চৰকাৰী  আঁচনি কিম্বা অন্য কোনো চৰকাৰী সুবিধা। যাৰ বাবে  এক- দুই কিলমিটাৰ খোজ কাঢ়ি গৈ ভুটান পাদদেশৰ পৰা বৈ অহা মটঙা, আৰু বাল্টি নৈৰ অপৰিষ্কাৰ পানী সংগ্ৰহ কৰিয়েই তৃঞ্চা নিবাৰন কৰাৰ লগতে ৰন্ধন কাৰ্য, গাধোৱা, কাপোৰ ধোৱা, বাচন ধোৱাৰ লগতে পোহনীয়া জীৱ জন্তুকো খুৱাব লগাত পৰিছে সেই পানী ৷ আনহাতে খৰালি কালত নদীৰ বুকুত পানী শুকাই গলে অঞ্চলটোত খোৱা পানীৰ অভাৱত সৃষ্টি হয় অবৰ্ণনীয় পৰিস্থিত ৷ বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত অঞ্চল বাসীয়ে মুক্ত ঠাইৰ পৰা এই বৰবিহ সদৃশ পানী খোৱাৰ ফলত বহু সময়ত বহু অচিন ৰোগত আক্ৰান্ত হৈছে আহিছে ,ইয়াৰ ফলত বহু লোকে অকালতে মৃত্যুক আকোঁৱালি লব লগা হৈছে। উল্লেখ যে, কেৱল নিৰ্বাচনৰ সময়ত ভোট বিচাৰি  যোৱা জন প্ৰতিনিধিয়ে দিয়া প্ৰতিশ্ৰুতি সমূহো এতিয়া এক সাঁথৰত পৰিণত হৈছে গাঁওবাসীৰ বাবে। স্বৰ্গপুৰ বাসি ৰাইজে  চৰকাৰ তথা জন প্ৰতিনিধিধিক বিশুদ্ধ খোৱা পানী যোগানৰ বাবে বাৰম্বাৰ দাবি জনাই আহিছে যদিও চৰকাৰে এই দাৱিক বৰ্তমান সময়লৈ গুৰুত্ব দিয়া নাই বুলি ৰাইজে কয়।

দ্বীপেন শৰ্মা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা