নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত ৬ দিনীয়া ফল-মুল সংৰক্ষণ মূলক প্ৰশিক্ষণ শিবিৰ

নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত ৬ দিনীয়া ফল-মুল সংৰক্ষণ মূলক  প্ৰশিক্ষণ শিবিৰ ।

বিশেষ বাৰ্তা , নগাঁও , ৩০ মাৰ্চ ,   নগাঁও জিলাত প্ৰায় ২১০০ হাজাৰ হেক্টৰ মাটি কালিত নানা ধৰণৰ শাক-পাচলিৰ লগতে ফল মূলৰ খেতি কৰা হয়৷ কৃষক সকল প্ৰতক্ষ বা পৰোক্ষভাৱে উপকৃত হোৱাৰ লগতে মহিলাসকলো ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ বহু উদাহৰণ আছে ৷ ফল -মূলৰ পৰা জাম , জেলি চৰবত আচাৰ আদি বনাই ঘৰখনৰ চাহিদা পূৰন কৰাৰ উপৰিও এই সমূহ খাদ্য সামগ্ৰী বিক্ৰীৰ দ্বাৰা মহিলাসকল আৰ্থিকভাৱে উপকৃত হব পাৰে ৷ এই মন্তব্য নগাঁও জিলা কৃষি তৰুণ হাজৰিকাৰ । জিলা কৃষি বিষয়াৰ অন্তৰ্গত "সমূহীয়া ফলমূল সংৰক্ষণ আৰু প্ৰশিক্ষণ কেন্দ্ৰ" নগাঁৱৰ কাৰ্য্যলয়ত মহিলা সবলীকৰণ কাৰ্য্যসূচীৰ অংশ হিচাপে ১০ জনীয়া এক মহিলা গোটৰ সদস্যা সকলক বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়াৰ এক সুবিধা কৰা হৈছে ৷ এই ৬ দিনীয়া বিনামূলীয়া প্ৰশিক্ষণৰ দ্বাৰা মহিলাসকলক বিজ্ঞানসন্মত ভাৱে জাম ,জেলি চৰবত ,আচাৰ ইত্যাদি বনোৱাৰ কৌশলবোৰ ব্যৱহাৰিক ভাৱে শিকোৱাৰ লগতে দিহা পৰামৰ্শ দিয়া হয় ৷ যাতে প্ৰশিক্ষণপ্ৰাপ্ত মহিলাসকলে স্বাধীনভাৱে এই খাদ্যসামগ্ৰীবোৰ প্ৰস্তুত আৰু সংৰক্ষণ কৰি নিজক নিজেই আত্মনিৰ্ভৰশীল হব পাৰে ৷  ২১  মাৰ্চৰ পৰা  নগাঁও জিলাৰ বিভিন্ন  অঞ্চলৰ ১০ গৰাকী উদ্যামী মহিলা সকলৰ এক ৬ দিনীয়া প্ৰশিক্ষণ কাৰ্য্যসূচী অনুষ্ঠিত হৈ যায় ৷ আজি প্ৰশিক্ষণৰ সামৰনি অনুষ্ঠানত নগাঁও জিলা কৃষি বিষয়া তৰুণ হাজৰিকাই প্ৰশিক্ষাৰ্থী সকলক ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰি জাম , জেলি ,চৰবতৰ ক্ষুদ্ৰ  উদ্যোগ খুলি নিজৰ লগতে আন মহিলা সকলক উৎপাদনমুখী হবলৈ আহ্বান জনায় ৷ আনহাতে প্ৰত্যেক গৰাকী প্ৰশিক্ষণ প্ৰাপ্ত মহিলাক একো খনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷ উক্ত অনুষ্ঠানত মহকুমা কৃষি বিষয়া মুকুল ভাৰতী নাথ , অমিয় সিংহা, ৰঞ্জন ডেকা,মিজানুৰ ৰহমান চৌধুৰী, প্ৰধান প্ৰশিক্ষক বিষ্ণু জিত পাল আৰু কল্যাণ বৰুৱা উপস্থিত থাকে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা