বৰপেটাৰ নগাঁওত নকল যোগানধাৰী এজন শিক্ষক অাৰু দুজন জেৰক্সকাৰীক আটক

# বৰপেটাৰ নগাঁওত নকল যোগানধাৰী এজন শিক্ষক অাৰু দুজন জেৰক্সকাৰীক আটক # 

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৮ মাৰ্চঃ বৰপেটাৰ নগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলি থকা মেট্ৰীক পৰীক্ষা কেন্দ্ৰৰ পৰা এগৰাকী নকল যোগান ধৰা শিক্ষকক অাৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে মেট্ৰিক পৰীক্ষাত কেন্দ্ৰৰ প্ৰস্বাৱগাৰৰ পৰা বৃহৎ পৰিমানৰ নকলসহ  শিক্ষকগৰাকীক অাটক কৰা হয়। নগাওঁ শিক্ষামন্দিৰ হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ পৰা আটকাধীন শিক্ষকগৰাকীৰ নাম খবিৰ ভূঞা। তেওঁ গৰেমাৰী মিলন হাইস্কুলৰ আৰবী বিষয়ৰ শিক্ষক বুলি জানিব পৰা গৈছে। অানকি শিক্ষকজনৰ পৰা পৰীক্ষাৰ্থীৰ ৰোল নম্বৰ আৰু নামসহ বৃহৎ পৰিমানৰ নকল অাৰক্ষীয়ে জব্দ কৰিছে ৷ ইপিনে নকল যোগানৰ বাবে নকল জেৰক্স কৰি থকা  অৱস্থাত জেৰক্স চেন্টাৰৰ পৰাও দুই অভিযুক্তক আটক কৰা হৈছে। বৰপেটাৰ পালহাজীত ছেমিম জেৰ'ক্স দোকানৰ পৰা পালহাজী গাঁৱৰ ইনামুল হ'ক আৰু দংৰা গাঁৱৰ ছহিদুল ইছলামক আটক কৰা বুলি জানিব পৰা গৈছে।(ফটো অাছে)

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা