বৰপেটাৰ মৌটুপুৰীৰ কস্তুৰবা গান্ধী আৱাসিক বালিকা বিদ্যালয় পৰিদৰ্শন অতিৰিক্ত উপায়ুক্ত লখিমী দত্তৰ

# বৰপেটাৰ মৌটুপুৰীৰ কস্তুৰবা গান্ধী আৱাসিক বালিকা বিদ্যালয় পৰিদৰ্শন অতিৰিক্ত উপায়ুক্ত লখিমী দত্তৰ #

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ৩০ মাৰ্চঃ বৰপেটা জিলাৰ  মৌটুপুৰীত অৱস্থিত সৰ্বশিক্ষা অভিযান মিছনৰ  অধীনত পৰিচালিত কস্তুৰবা গান্ধী আৱাসিক বালিকা বিদ্যালয় অাজি পৰিদৰ্শন কৰে বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই ৷ বৰপেটাৰ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই বিদ্যালয়খন পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰে ৷ বিশেষকৈ বিদ্যালয়খন চাফ চিকুনকৈ ৰখাৰ বাবে বিদ্যালয়খনৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়ত্ৰীসকলক প্ৰশংসা কৰে বিষয়াগৰাকীয়ে ৷ ইপিনে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ছাত্ৰীসকলক সকলো বিষয়তে পাৰদৰ্শী কৰি তোলাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰে শিক্ষা বিষয়া লখিমী দত্তই ৷ অানকি  ছাত্ৰীসকলক তাঁত শালত কাপোৰ বোৱা, মেচিনত কাপোৰ চিলোৱাৰ লগতে সংগীত, নৃত্য আৰু সমৰ কলাৰো শিক্ষাও প্ৰদান কৰা হয় ৷ ছাত্ৰীসকলে প্ৰদৰ্শন কৰা নৃত্য আৰু সমৰ কলাৰ প্ৰদৰ্শন প্ৰত্যক্ষ কৰি লখিমী দত্তই অতিকে সন্তোষ প্ৰকাশ কৰে ৷ (ফটো অাছে)

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা