পুৰাতত্ত্ব সঞ্চালকালয়ৰ উদ্যোগত নাজিৰাত আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ

পুৰাতত্ত্ব সঞ্চালকালয়ৰ উদ্যোগত নাজিৰাত আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ। মুখ্য অতিথি অসমবিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী
 চৰকাৰৰ পুৰাতত্ত্ব সঞ্চালকালয়ৰ উদ্যোগত আৰু নাজিৰা মহকুমা প্ৰশাসনৰ সহযোগত  আজি *'অসমৰ চৰাইদেউ জিলাৰ আহোম মৈদামসমূহৰ গুৰুত্ব, পবিত্ৰতা আৰু মূল্য-আধাৰিত ব্যৱস্থাপনা' (Importance, Sacred Landscape and Value-Based Management of the Ahom Moidams of Charaideo in Assam, India)* শীৰ্ষক বিষয়ত এখনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুস্থিত।আজি  নাজিৰাৰ অ'এনজিচি প্ৰেক্ষাগৃহত অনুস্থিত আলোচনা চক্ৰখনিৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম বিধান সভাৰ  অধ্যক্ষ বিশ্বজিৎ দৈমাৰী লগতে কেইবাগৰাকীও  মন্ত্ৰী-বিধায়ক উপস্থিত থাকে।ঐতিহাসিক তথা পৌৰাণিক সমল তথা সম্পদ সমূহ সংৰক্ষণৰ ওপৰত আলোচনাত কৰা হয় এই আলোচনা চক্ৰত।পৌৰাণিক সমল তথা সম্পদ সমূহ "বিশ্ব ঐতিহ্য"(World Heritage) অন্তভুক্ত কৰাৰ প্ৰচেষ্টা চলাইছে অসম চৰকাৰৰ পুৰাতত্ত্ব,প্ৰত্নতত্ত্ব সঞ্চালকালয়ে।ইয়াৰ উপৰিও পুৰাতত্ত্ব,প্ৰত্নতত্ত্ব সঞ্চালকালয়ে পৌৰাণিক যুগৰ বিভিন্ন ঘটনা-পৰিঘটনা সম্পৰ্কে লিপিবদ্ধ কৰি ৰখাৰ প্ৰয়া কৰিছে অসম চৰকাৰৰ পুৰাতত্ত্ব,প্ৰত্নতত্ত্ব সঞ্চালকালয়ে।বিধায়ক ভূপেন বড়ো,বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ,অসম চৰকাৰৰ মূখ্য সচিব জিষ্ণু বৰুৱা লগতে কেইবাগৰাকীও সন্মানীয় মন্ত্ৰী-বিধায়ক উপস্থিত থাকে।


নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা