এহ গৰু মাৰিলে বাঘৰো মৰণ, চৰাঞ্চলৰ ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত ভূ-মাফিয়া গ্ৰেপ্তাৰ*

*এহ গৰু মাৰিলে বাঘৰো মৰণ, চৰাঞ্চলৰ ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত ভূ-মাফিয়া গ্ৰেপ্তাৰ*

ধৰ্ষণ কাণ্ডৰ লগত জড়িত  কুখ্যাত আবু তাহেৰক গ্ৰেপ্তাৰ কৰে ভেলুগুৰি থানাৰ আৰক্ষীয়ে।
ধৰ্ষণ, ভূ-মাফিয়া,তথা গুন্ডাগিৰীৰ বাবে চৰত জনাজাত এইজন আবু তাহেৰ।

অভিযোগ অনুসৰি আবু তাহেৰ নামৰ ব্যক্তি জনে বহু দিনৰ পৰা গৰৈমাৰী আৰু টেঙাতুলি চৰত গুণ্ডা গিৰী কৰি এক আতংকময় পৰিবেশৰ সৃষ্টি কৰি আহিছিল।
চৰাঞ্চলৰ ৰাইজৰ মাটি গুণ্ডা বাহিনী লগাই উচ্ছেদ কৰা,
মহিলা সকলক নানান নিৰ্যাতন কৰা, গুণ্ডা বাহিনী হতুৱাই মাৰপিট কৰাৰ দৰে বহুতো অভিযোগ আছে  ভেলুগুৰি থানাত। 
আবু তাহেৰ ইমান দিনে আৰক্ষীৰ চকুত ধূলি দি পলাই  থাকিবলৈ সক্ষম হৈছিল।
কিন্তু কালি ভেলুগুৰি থানাৰ আৰক্ষী বিষয়া মুক্তাব আলি বৰাৰ নেতৃত্বত এদল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আবু তাহেৰক।

মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা