নলবাৰী ঘগ্ৰাপাৰৰ -ভিঠামহলৰ একালৰ এগৰাকী মেধা ছাত্ৰৰ দুয়োটা কিডনী বিকল** *মুখ্যমন্ত্ৰী-বিধায়ক আৰু দল-সংগঠনক সহায়ৰ আহ্বান পৰিয়ালৰ*নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ভিঠামহল গাঁৱৰ একালৰ এগৰাকী মেধাসম্পন্ন ছাত্ৰৰ দুয়োটা কিডনী বিকল হোৱাত পৰিয়ালটোলৈ ঘোৰ অমানিশা নামি আহিছে।ব‍্যাক্তিগত খণ্ডৰ এটা প্ৰতিষ্ঠানত বনুৱা হিচাপে কাম কৰি কোনো মতে পৰিয়াল ভৰণ-পোষণ দিয়া পিতৃ গোলোক কলিতা আৰু মাতৃ ৰীনা কলিতাৰ একমাত্ৰ পুত্ৰ সীমান্ত কলিতা বিভিন্নখন চিকিৎসালয়ত চিকিৎসাৰ নামত ইতিমধ্যে বহুত টকা ব‍্যয় কৰিলে যদিও গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ ডাক্তৰে দুয়োটা কিডনী বিকল বুলি ঘোষণা কৰাৰ পিছত চিন্তাত পৰিছে পৰিয়ালটো।কাৰণ নতুন কিডনী সংস্থাপন কৰিলেহে সীমান্ত সুস্থ হৈ উঠিব, কিন্তু কিডনী নতুনকৈ সংস্থাপনৰ বাবে প্ৰয়োজন হৈছে কে'বালাখ টকাৰ। ব‍্যাক্তিগত প্ৰতিষ্ঠানত কাম কৰি পৰিয়ালটো পোহপাল দিয়া গোলোক কলিতাৰ মূৰত এতিয়া সৰগ ভাগি পৰিছে। একালৰ মেধা সম্পন্ন ছাত্ৰগৰাকীৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা, বিভিন্ন দল সংগঠনৰ লগতে সু-হৃদয়বান লোকক সহায় কৰাৰ বাবে পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। কোনোবাই সহায় কৰিব বিচাৰিলে সীমান্তৰ নামত থকা পাঞ্জাৱ নেচনেল বেংক,বৰাজোল শাখাত থকা 1386000100161409 একাউণ্ট নম্বৰ IFSC-PUNB 0138600 নম্বৰত সহায় কৰিব পাৰিব। নাইবা 9365000476 ফোন নম্বৰত যোগাযোগ কৰি পৰিয়ালটোক সহায় কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।নলবাৰী পৰা শংকৰ দাস ।

নলবাৰী ঘগ্ৰাপাৰৰ -ভিঠামহলৰ একালৰ এগৰাকী মেধা ছাত্ৰৰ দুয়োটা কিডনী বিকল** 

*মুখ্যমন্ত্ৰী-বিধায়ক আৰু দল-সংগঠনক সহায়ৰ আহ্বান পৰিয়ালৰ*

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত  ভিঠামহল গাঁৱৰ একালৰ এগৰাকী মেধাসম্পন্ন  ছাত্ৰৰ দুয়োটা কিডনী বিকল হোৱাত পৰিয়ালটোলৈ ঘোৰ অমানিশা নামি আহিছে।ব‍্যাক্তিগত খণ্ডৰ এটা প্ৰতিষ্ঠানত বনুৱা হিচাপে কাম কৰি কোনো মতে পৰিয়াল ভৰণ-পোষণ দিয়া পিতৃ গোলোক কলিতা আৰু মাতৃ ৰীনা কলিতাৰ একমাত্ৰ পুত্ৰ সীমান্ত কলিতা বিভিন্নখন চিকিৎসালয়ত চিকিৎসাৰ নামত ইতিমধ্যে  বহুত টকা ব‍্যয় কৰিলে যদিও গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ  ডাক্তৰে দুয়োটা কিডনী বিকল বুলি ঘোষণা কৰাৰ পিছত চিন্তাত পৰিছে পৰিয়ালটো।কাৰণ নতুন কিডনী সংস্থাপন কৰিলেহে সীমান্ত সুস্থ হৈ উঠিব, কিন্তু কিডনী নতুনকৈ সংস্থাপনৰ বাবে প্ৰয়োজন হৈছে কে'বালাখ টকাৰ। ব‍্যাক্তিগত প্ৰতিষ্ঠানত কাম কৰি পৰিয়ালটো পোহপাল দিয়া গোলোক কলিতাৰ মূৰত এতিয়া সৰগ ভাগি পৰিছে। একালৰ মেধা সম্পন্ন ছাত্ৰগৰাকীৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা, বিভিন্ন দল সংগঠনৰ লগতে সু-হৃদয়বান লোকক সহায় কৰাৰ বাবে পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। কোনোবাই সহায় কৰিব বিচাৰিলে সীমান্তৰ নামত থকা পাঞ্জাৱ নেচনেল বেংক,বৰাজোল শাখাত থকা 1386000100161409 একাউণ্ট নম্বৰ IFSC-PUNB 0138600 নম্বৰত সহায় কৰিব পাৰিব। নাইবা 9365000476 ফোন নম্বৰত যোগাযোগ কৰি পৰিয়ালটোক সহায় কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

নলবাৰী পৰা শংকৰ দাস ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা