জামুগুৰি বাৰেচহৰীয়া যুৱ সভাৰ শাখা সমিতি গঠন

জামুগুৰি বাৰেচহৰীয়া যুৱ সভাৰ শাখা সমিতি গঠন 

আধ্যাত্মিক মূল্যবোধ অবিহনে নৱ প্ৰজন্মক ড্ৰাগছ মুক্ত কৰিব নোৱাৰে 

জামুগুৰিহাট,১৫ মাৰ্চ :
ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ অন্যতম প্ৰাচীন-আধ্যাত্মিক তথা বৈদিক মাৰ্গৰে পৰিচালিত ধৰ্মীয় অনুষ্ঠান জামুগুৰি বাৰেচহৰীয়া ৰাইজ সভাৰ ভ্ৰাতৃ সংগঠন 'বাৰেচহৰীয়া যুৱ সভা'ৰ এটি শাখা কালি অৰ্থাৎ ১৪ মাৰ্চত বাঁহবৰীয়া সত্ৰ নামঘৰত গঠন কৰা হয়। সেই উপলক্ষে উক্ত দিনা সন্ধিয়া ৭ বজাত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে বাৰেচহৰীয়া ৰাইজ সভাৰ উপদেষ্টা জগত শইকীয়াই। আহ্বায়ক জিতু গোস্বামীয়ে আঁতধৰা সভাখনত বাৰেচহৰীয়া যুৱ সভাৰ উপদেষ্টা মিংকু কলিতা, জয়ন্ত দাস, সভাপতি সঞ্জীব ৰাজখোৱা, সম্পাদক হিৰকজ্যোতি বৰা, জ্যেষ্ঠ সদস্য জিতেন কলিতা, বাবলু কলিতা, বাৰেচহৰীয়া ৰাইজ সভাৰ প্ৰাক্তন সম্পাদক ভবিন্দ্ৰ ভূঞা উপস্থিত থাকে। উলেখযোগ্য যে কালি অঞ্চলটোৰ পাঁচখন অগ্ৰণী গাঁও ক্ৰমে চেচাসত্ৰ, বাঁহবৰীয়া সত্ৰ, দৌকাচাপৰি, কৰটিপাৰ আৰু বাঁহবৰীয়া গাঁৱৰ বৈদিক পন্থৰ যুৱকসকলক একত্ৰিত কৰি বাৰেচহৰীয়া যুৱ সভাৰ পাঁচগাও বাৰেচহৰীয়া যুৱ শাখা সমিতি  গঠন কৰা হয়। সভাত যুৱ সভাৰ লক্ষ্য-উদ্দেশ্য সম্পৰ্কত বক্তব্য দাঙি ধৰি উপদেষ্টা মিংকু কলিতা কয় যে যুৱ সমাজক উশৃঙ্খল মানসিকতা আৰু ড্ৰাগছ আসক্তি পৰা আঁতৰাই এখন সুষ্ঠ-সবল সমাজ গঢ়িবলৈ হ'লে যুৱ সমাজক গুৰুজনাৰ নামঘৰ সংস্কৃতি দিশে আগবঢ়াই আনিব লাগিব। ইয়াৰ বাবে চৰকাৰ-অভিভাৱক সকলে মুখ্য ভূমিকা গ্ৰহণ কৰিব লাগিব। উক্ত সভাখনতে যুৱ সভাৰ সাংবিধানিক নীতি অনুসৰি শাখাটো সুচাৰুৰূপে পৰিচালনাৰ বাবে এখন কাৰ্যনিৰ্বাহক সভা গঠন কৰা হয়। সেই মৰ্মে শাখা সমিতিখনৰ সভাপতি - জিতু গোস্বামী, উপ সভাপতি - প্ৰাঞ্জল হাজৰিকা, অচ্যুত শইকীয়া, সম্পাদক - দিব্যজ্যোতি বৰুৱা, সহঃ সম্পাদক - হিৰকজ্যোতি হাজৰিকা, প্ৰাণশংকৰ ভূঞা, সাংগঠনিক সম্পাদক - কিশোৰ হাজৰিকা, দিব্য জ্যোতি মহন্ত, সাংস্কৃতিক সম্পাদক - প্ৰাৰ্থ পতীম শইকীয়া, বংকিম হাজৰিকা, অংকুমণি হাজৰিকা, প্ৰচাৰ সম্পাদক - নৱদ্বীপ ভূঞা, মিঠু কলিতা। ইয়াৰোপৰি উক্ত শাখা সমিতিখনৰ উপদেষ্টা হিচাপে জগত শইকীয়া, ভূপেন ওজা, ভবিন্দ্ৰ ভূঞা,বাবলু কলিতা, দীপক হাজৰিকা, নিৰঞ্জন শইকীয়া, ধৰ্মানন্দ গোস্বামী, প্ৰভাশংকৰ ভূঞা, জয়ন্ত হাজৰিকাক মনোনিত কৰে। স্মৰণযোগ্য যে আগন্তুক ২০২৩ বৰ্ষৰ বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ পূৰ্বে বাৰেচহৰীয়া যুৱ সভাই এইদৰে গাঁৱে গাঁৱে যুৱ শাখা গঠন কৰি বাৰেচহৰীয়া ৰাইজ সভাক শক্তিশালী কৰাৰ লগতে বাৰেচহৰীয়া ভাওনা মহোৎসৱত যাতে সকলো যুৱকে সক্ৰিয় ভাৱে অংশ গ্ৰহণ কৰি মহোৎসৱৰ সফল ৰূপায়নত অৰিহণা আগবঢ়াব পাৰে তাৰ বাবে প্ৰচেষ্টা হাতত লৈছে। যুৱ সভাৰ এনে আদৰণীয় পদক্ষেপৰ অঞ্চলটোৰ ৰাইজ সন্তোষ প্ৰকাশ কৰিছে।
জোন বৰা,জামুগুৰিহাট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা