কাইলৈৰ পৰা বৰদোৱাৰ বিখ্যাত দৌলযাত্ৰা মহোৎসৱ≈≈দহ লক্ষাধিক ভক্তক আদৰিবলৈ সাজু বটদ্ৰৱাবাসী

# কাইলৈৰ পৰা বৰদোৱাৰ বিখ্যাত দৌলযাত্ৰা মহোৎসৱ≈≈দহ লক্ষাধিক ভক্তক আদৰিবলৈ সাজু বটদ্ৰৱাবাসী

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৬ মাৰ্চঃঋতুৰাজ বসন্তৰ আগমনৰ লগে লগে প্রকৃতিয়ে নতুন ৰূপ ধাৰন কৰে। বসন্তৰ কালত পালন কৰা উৎসৱ সমূহৰ ভিতৰত দৌলযাত্রা উৎসৱ অন্যতম। জগত গুৰু শ্রীমন্ত শংকৰদেৱে বটদ্রৱাত পোন প্রথম বাৰৰ বাবে দৌল উৎসৱ পাতিছিল ৷ সেই ঐতিহ্যক সৰোগত কৰি মহা আড়ম্বৰপূৰ্ণ ভাবে প্রতি বছৰে ফাল্গো পূৰ্নিমা তিথিত ১৬৫৬ খ্ৰীষ্টাব্দৰ পৰা এই মহোৎসৱ পালন কৰি অহা হৈছে ৷ তদ্ৰুপ এইবাৰো ১৭ মাৰ্চৰ পৰা পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰদোৱা থানত দৌল উৎসৱ পালন কৰা হ’ব । ইতিমধ্যে, থান পৰিচালনা সমিতিৰ তত্বাৱধানত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে ৷ থান চৌহদত প্রায় ১০ লক্ষাধিক তীৰ্থযাত্রীক আদৰিবলৈ সাজু হৈছে থান পৰিচালনা সমিতি। অহা ১৭ ৰ্মাচত গন্ধোৎসৱৰ সন্ধ্যা গোসাঁইক গায়ন-বায়ন আৰু ভক্তসবে গীত গাই-বাই থানৰ ৰভাতলত স্থাপন কৰিব । পিছত ৰভাৰ তলত স্নান কাৰ্য সম্পাদনৰ পাছত গন্ধ তেলেৰে নোৱাই গোসাঁইক নতু্ন বস্ত্র পিন্ধোৱা হ'ব আৰু গায়ন বায়নে ‘ৰাম ধেমালী’ পৰিবেশন কৰিব । ইয়াৰ পাছদিনা অৰ্থাৎ ১৮ ৰ্মাচত ‘গোসাঁই মুৰত ফাকু দিয়া উৎসৱ’ৰ সন্ধ্যা গোসাঁইক নোৱাই ধোৱাই আসনত বহুৱাই সুবাসিত ফাকু দিয়া হ'ব আৰু গায়ন বায়নে ‘ন-ধেমালী’ পৰিবেশনৰ লগতে ভক্ত-বৈষ্ণৱ সকলে ফাকু ৰ্নিমালী আৰু পদজল গ্রহন কৰিব ৷ ওৰে নিশা গোসাঁইক ৰভাতলত ৰাখি ভিন্ন প্রান্তৰ পৰা অহা ভক্ত বৈষ্ণৱে নাম কীৰ্তন কৰিব । ১৯ ৰ্মাচৰ দিনা গোসাঁই ফুৰোৱা উৎসৱ । সেই দিনা ২ বজাত গায়ন-বায়ন, ভকত-বৈষ্ণৱ, আই-মাতৃ সকলোৱে কৃষ্ণ গোসাঁইক ৰভাতলৰ পৰা উলিয়াই সুসজ্জিত দোলা ৰথত উঠাই দণ্ড, চক্র, ভেৰু, কালি, শংঙ্খৰ ধ্বনি, আই সকলৰ জাউৰিয়ে জাউৰিয়ে বিয়া নামৰ সমান্তৰালকৈ বৈচিত্রময় অসমীয়া জাতীয় জীৱনৰ বৰ্নিল সমাহাৰেৰে ফাকুৰ গুৰি সিচি সিচি চোঁৱৰ ধাৰীয়ে বা দি দি দৌললৈ যাত্রা কৰিব। দৌল মন্দিৰত গোসাঁইক পূজা অৰ্চনা দি সাত পাক পদক্ষিন কৰোৱাৰ পাছত পাছত গোসাঁইক বৰদোৱাৰ দুই সত্ৰত পদক্ষিন কৰোৱাই পূজা অৰ্চনা দি শেষত নিশা এক বিশেষ অনুষ্ঠানৰ দ্বাৰা কীৰ্তন ঘৰত প্ৰবেশ কৰোৱা পাছতে দৌল যাত্রা উৎসৱৰ ধৰ্মীয় কাৰ্যসূচীৰ অন্ত পৰিব। আনহাতে, দৌল যাত্রা উৎসৱৰ লগত সংগতি ৰাখি ১৮, ১৯ আৰু ২০ মাৰ্চৰ নিশা আকাশী গংগাৰ পাৰৰ প্রেক্ষাগৃহত সংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। তিনিও নিশাতে ৰাজ্য খনৰ ভিন্ন প্রান্তৰ পৰা আমন্ত্রিত ভাওনা, সত্রীয়া নৃত্য, লোক নৃত্য, লোক সংগীত, বৰগীত, শাস্ত্ৰীয় নৃত্য, দিহানাম আদি অনুষ্ঠান পৰিৱেশন কৰা হ'ব বুলি ৷
=================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা