নগাৱঁত পুনৰ চুৰিৰ ঘটনা।

নগাৱঁত পুনৰ চুৰিৰ ঘটনা।

  ধৰ্মীয় স্থানতো লুট।

 বিশেষ বাৰ্তা , নগাওঁ, শেহতীয়াভাৱে নগাৱঁত চুৰি ডকাইতিৰ ঘটনা বৃদ্ধি হৈছে। বিগত কেইবাদিনো ধৰি নগাওঁ জিলাৰ বিভিন্ন স্থানত চুৰি ডকাইতি ঘটনা সংঘটিত হৈ থকাৰ পিছত যোৱা নিশাও নগাওঁ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত দুটা স্থানত চুৰি কাৰ্য্য সংগঠিত হয়। নগাওঁ চহৰৰ  পৰা কিছুদুৰ নিলগৰ ডাকৰঘাটত আজি পুৱতিনিশা চুৰি কাৰ্য্য সংঘটিত হয়। জানিব পৰামতে ডাকৰঘাটৰ পাচঁ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে চুৰি কাৰ্য্য সংগটিত কৰি কেইবা লক্ষাধিক টকাৰ সামগ্ৰী লুট কৰি নিয়ে। তদুপৰি ডাকৰঘাট জাতীয় বিদ্যালয়তো চোৰে তাণ্ডৱ চলায়। চোৰৰ দলে বিদ্যালয়খনৰ ফেন , বৰ্ডকে ধৰি বিভিন্ন সামগ্ৰী লুট কৰি নিয়ে। ইপিনে দক্ষিণপাটৰ দেউৰী গাওঁস্থিত ঐতিহ্যমণ্ডিত বুঢ়াগোহাঁই থানত যোৱা নিশা চোৰে তাণ্ডৱ চলায়। চোৰৰ দলে থানখনৰ প্ৰবেশদ্বাৰৰ তলা ভাঙি এই চুৰি কাৰ্য্য সংগটিত কৰে। জানিব পৰা মতে চোৰৰ দলে বত্ৰিশ ভৰি ৰূপ আৰু আঢ়ৈ ভৰি সোণৰে নিৰ্মিত এটি মুকুট, তিনি ভৰি ৰূপেৰে নিৰ্মিত এটি সাপ, আঠখন পিতলৰ থাল, তামৰ ঘটি , নগদ ধনকে ধৰি বিভিন্ন সামগ্ৰী লুট কৰি নিয়ে। আজি পুৱা থানখনৰ পুজাৰী অহাৰ পিছত চুৰিকাৰ্য্য সংগটিত হোৱাৰ কথা পোহৰলে আহে। লগে লগে থান পৰিচালনা সমিতিয়ে ননৈ আৰক্ষী চকীত  খবৰ দিয়াত ঘটনাস্থলীত ননৈ আৰক্ষী উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে। থান পৰিচালনা সমিতিৰ সুত্ৰই জনোৱামতে চুৰি সামগ্ৰীখিনিৰ মূল্য ৪ লক্ষাধিক টকা হ'ব। স্থানীয় ৰাইজ আৰু থান পৰিচালনা সমিতিয়ে চোৰৰ দলক শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলে আৰক্ষী প্ৰশাসনক দাবী জনাইছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা