ৰাইদঙীয়াত সমুহীয়া বিবাহ সম্পন্ন≈≈ভাগ ল’লে ৩৮ দৰা, ৩৯ কইনাই#

# ৰাইদঙীয়াত সমুহীয়া বিবাহ সম্পন্ন≈≈ভাগ ল’লে ৩৮ দৰা, ৩৯ কইনাই#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৪ মাৰ্চঃ নগাঁৱৰ হাতীচোং মৌজাৰ অন্তৰ্গত ৰাইদঙীয়াত সোমবাৰে সমূহীয়া বিবাহ কাৰ্য সম্পন্ন কৰা হয় ৷ ৰাইদঙীয়াৰ নাহৰহটীয়া বৰ নামঘৰত স্থানীয় ৰাইজৰ সহযোগত নাহৰহটীয়া যুৱ সংঘই অনুষ্ঠিত কৰে এই বিবাহ কাৰ্য ৷ এই মৰ্মে, পুৱাৰে পৰা বৃহত্তৰ অঞ্চলটোত উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হোৱাৰ বিপৰীতে ৰাইজৰ মংগল ধ্বনি তথা আয়তীৰ উৰুলি আৰু জাউৰিয়ে জাউৰিয়ে পৰিবেশিত বিয়ানামৰ অমিয়া সুৰে চৌপাশ মুখৰিত হৈ পৰে ৷ এই সমূহীয়া বিবাহ অনুষ্ঠানত সৰ্বমুঠ ৩৮ জন দৰা আৰু ৩৯ গৰাকী কইনাই অংশগ্ৰহণ কৰে ৷ ইয়াৰে এজন দৰাই দুুুগৰাকী কইনাৰ সৈতে এই সমুহীয়া বিবাহত ভাগ লয় ৷ আনকি আশী উৰ্ধ্বৰ ব্যক্তি আৰু ষাঠি উৰ্ধ্বৰ মহিলাও দৰা-কইনা হিচাপ ভাগ লৈ বিবাহস্থলী শুৱনি কৰে ৷ এইসকল দৰা-কইনাৰ সম্পূৰ্ণ পৰম্পৰা অটুট ৰাখি বৈদক পদ্ধতিৰে বিবাহ কাৰ্য সম্পন্ন কৰা হয় ৷ কোলাত কেচুৱা আৰু লগত নাতি-নাতিনীক লৈ দৰা-কইনা বিয়াত বহাৰ বিপৰীতে মাতৃ-কন্যাই একেলগে পৰম্পৰাগতভাৱে পানী তোলাৰ দৃশ্য আছিল বেছ মনোমোহা ৷ ইফালে, পুত্ৰ-বোৱাৰী, আৱাল-বৃদ্ধ-বনিতা সকলোয়ে নাছি-বাগি আনন্দত আত্মহাৰা হৈ পৰা দেখা যায় ৷ উল্লেখ্য, দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা একাংশ লোকে ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে আনুষ্ঠানিকভাবে বিবাহ কাৰ্য নকৰাকৈ যুগ্ম জীৱন যাপন কৰি আহিছিল ৷ সেয়েহে যি সকল লোকে আৰ্থিক সমস্যা তথা বিভিন্ন কাৰণত বিয়াখন পাতিব পৰা নাছিল, সেই সকল লোকক সামাজিক ৰীতি-নীতিৰ মাজেৰে বিয়া পাতি দিয়াৰ উদ্দেশ্যেই এই সামুহিক বিবাহ অনুষ্ঠিত কৰা হয় ৷
=================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা