কৰৰাত অনুষ্ঠিত হ'ব ৬৮ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ছয়খন খেল

কৰৰাত অনুষ্ঠিত হ'ব ৬৮ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ছয়খন খেল 

ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদঃ ১০ মাৰ্চ:কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ আমন্ত্ৰণক্ৰমে গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু কৰৰা ইয়ুথ এথলেটিকছ ক্লাৱৰ সহযোগত ৬৮ তম ভাৰত ৰত্ন গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাখনি অহা ২৪ মাৰ্চৰ পৰা ৩১ মাৰ্চ'২০২২ লৈকে ৰঙিয়া মহকুমাৰ অন্তৰ্গত কৰৰা মিনি ষ্টেডিয়ামত অনুষ্ঠিত হব। কৰৰা ইয়ুথ এথলেটিকছ ক্লাৱৰ কৰ্মকৰ্তাই জানিবলৈ দিয়ে যে অহা ২৪, ২৬,২৭,২৯,৩০ আৰু ৩১ মাৰ্চৰ আবেলি ৩.০০ বজাৰ পৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দিল্লী এফচি, অসম ৰাইফলছ (শ্বিলং),অসম পুলিচ ব্লুজ (গুৱাহাটী), আৰু দৈমালু ক্লাৱ (ওডালগুৰি) এই চাৰিটা ফুটবল দলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত হব । উদ্যোক্তা সকলৰ পৰা জানিব পৰা গৈছে যে খেল উপভোগ কৰাৰ বাবে আগতীয়াকৈ টিকট লাভ কৰাৰ সুবিধা উপলব্ধ আছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা