দুঃসময়ৰ ভগ্নস্তূপত

**** দুঃসময়ৰ ভগ্নস্তূপত****
    ✍🏻মনোৰঞ্জন ডেকা 

কাজল চুলিতাৰীৰ ভাজত
জোনাকী মনৰ পোহৰ

সজল চকুৰ গভীৰ নীলাত
ওমলিছে জোন বেলি তৰা

কণ্ঠ নইৰ স্ফটিক বুকুত
সোণালী সূতাৰ সাঁকো

কঁহুৱা কোমল উমত গলিছে
পাষাণ শিলৰ হৃদয়

জৰাজীৰ্ণ শিলাময় মৰুত
গজালি মেলিছে সেউজীয়া

বিষয়ী কানন চ'ৰাত
জকমকাই ফুলিছে সপোন

কামনাৰ দুহাত মেলি চিঙিছে
লিহিৰী দেহৰ তৰাফুল

তৃষ্ণাতুৰ মনৰ কৰণিত ভৰিছে
অমিয়া প্ৰেমৰ পৃথিৱী

কৰ্ষণৰ গ্ৰাসত খহি পৰিছে
পপীয়া দুৰ্দিন

দুঃসময়ৰ ভগ্নস্তূপৰ মাজত
হৃদয়ে সাজিছে মণিকূট

থাপনাৰ চাকিৰ পোহৰত
চিৰ সুন্দৰৰ আৰাধনা।।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা