# বৰপেটা চহৰ তথা জিলাৰ উন্নয়নৰ স্বাৰ্থত ৰাজনৈতিক নেতাৰ একগোট হোৱাৰ দাবী ৰাইজৰ # প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,৩১মেঃ সম্প্ৰতি ৰাজনৈতিক নেতা যি দলৰে নহওঁক কিয়, যি জাতি-ধৰ্মৰে নহওঁক ,দল মত বাদ দি বৰপেটা জিলাৰ ৰাজনৈতিক নেতা বা ৰাজনৈতিক কৰ্মী সকলে ৰাজ্যৰ একমাত্ৰ অৱহেলিত আৰু পিচপৰা চহৰ বৰপেটা আৰু সামগ্ৰিক ভাৱে জিলা খনৰ উন্নয়নৰ স্বাৰ্থত একগোট হৈ চৰকাৰৰ ওচৰত গৈ বিপ্লৱ গঢ়ি তুলিবলৈ বৰপেটা জিলবাসী ৰাইজে অাহ্বান জনাইছে। লক্ষনীয়ভাৱে এই কথা এই কাৰণে কোৱা হৈছে যে, অসমৰ আন জিলা বা জিলাৰ সদৰ চহৰ সমুহৰ তুলনাত বৰপেটা তথা জিলাখন ৰাজ্য চৰকাৰৰ দ্বাৰা অনাদৃত, অৱহেলিত আৰু পদে পদে বঞ্চিত হৈ থকা পৰিলক্ষিত হৈছে। মন কৰিবলগীয়া যে,কংগ্ৰেছ চৰকাৰৰ সময়ত এখন মাত্ৰ চিকিৎসা মহাবিদ্যালয়-চিকিৎসালয় হৈছে। আৰু তাৰ পিছত কি হ'ল…? ৰাজ্যৰ আন চহৰ বা জিলাৰ ক্ষেত্ৰত উন্নয়নৰ যি বিপ্লৱৰ ধাৰা সূচনা হৈছে,তাৰ তুলনাত বৰপেটা চহৰ বা বৰপেটা জিলাৰ কি পৰিৱৰ্তনৰ সূচনা হৈছে তাক সকলোৱে প্ৰত্যক্ষ কৰিছে। পিছে কৰবাত এখন ওভাৰ ব্ৰীজ বা পথৰ উন্নয়ন কৰা হলেই উন্নয়ন নুবুজায় বুলি একাংশ ৰাইজে মতপোষ কৰে। ইপিনে যোৰহাট,ডিব্ৰুগড়, গোলাঘাট,...