Posts

Showing posts from June, 2020

সমাহাৰৰ অসম ভিত্তিত গল্প প্ৰতিযোগিতা

Image
শিৱসাগৰৰ পৰা প্ৰকাশিত মাহেকীয়া আলোচনী সমাহাৰে সদৌ অসম ভিত্তিত সকলোৰে বাবে মুকলি এখনি মৌলিক গল্প প্ৰতিযোগিতাৰ আয়োজন কৰিছে। গল্পসমূহ ১২০০ শব্দৰ ভিতৰত হ’ব লাগিব। গল্প প্ৰেৰণৰ অন্তিম তাৰিখ এই বৰ্ষৰ ৩১ মে’ আছিল যদিও লকডাউনৰ পৰিপ্ৰক্ষিতত ৩১ আগষ্ট, ২০২০ লৈ বৃদ্ধি কৰা হৈছে। স্থানপ্ৰাপ্ত গল্পসমূহৰ উপৰি  নিৰ্বাচিত গল্পসমূহৰ এক সংকলন প্ৰকাশৰ ব্যৱস্থা কৰা হ’ব। গল্পসমূহৰ কোনো নিৰ্দিষ্ট বিষয় নাই। প্ৰতিযোগিতাৰ বাবে গল্পসমূহ নিতুমণি কলিতা, সম্পাদক, সমাহাৰ, প্ৰজ্ঞা বুকচ এণ্ড ষ্টেচনাৰীজ, হেমচন্দ্ৰ বৰুৱা পথ (কেন্দ্ৰীয় বজাৰৰ সন্মুখত), ৱাৰ্ড নং -৮, ডাক-জিলা - শিৱসাগৰ, পিন- ৭৮৫৬৪০ ঠিকনাত অথবা samahar360@yahoo.com লৈ পেজমেকাৰ, পিডিএফ, ইউনিক’ডত লিখি প্ৰেৰণ কৰিব লাগিব। সবিশেষ জানিবলৈ প্ৰতিযোগীসকলে ৯৩৬৫৬৫৯৮১৩ নম্বৰত যোগাযোগ কৰিব পাৰিব।

দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰী শিৱানী বৰালৈ সহায়ৰ হাত হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩০ জুনঃ দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে ৷ আৰ্থিক দীনতাত পৰি যাতে দৰিদ্ৰ পৰিয়ালৰ মেধাবী ছাত্ৰ-ছাত্ৰী অধ্যয়ণৰ পৰা বঞ্চিত হ’ব নোৱাৰে তাৰ বাবে পূৰ্বৰে পৰা সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুয়ে বিভিন্ন পদক্ষেপ গ্ৰহন কৰি আহিছে ৷ আনকি শিক্ষা জীৱনৰ দিশ নিৰূপক মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ পিছতেই আছুয়ে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ ঘৰে ঘৰে গৈ শুভেচ্ছা জনোৱাৰ লগতে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন প্ৰকাৰে সহায়ৰ হাত আগবঢ়াই আহিছে ৷ যাতে কোনো মেধাবী ছাত্ৰ-ছাত্ৰীয়েই অৰ্থৰ অভাবত পঢ়াশুনাৰ পৰা বঞ্চিত হ’বলগীয়া নহয়। শেহতীয়াভাবে এনে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহন কৰিছে নগাঁও জিলাৰ হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাই ৷ জিলাখনৰ মাজ-জাজৰিৰ শিৱানী বৰা নামৰ অতি দৰিদ্ৰ পৰিয়ালৰ মেধাবী ছাত্ৰীগৰাকীৰ কাষত ঠিয় দিছে হাতীচোং আঞ্চলিক ছাত্ৰ সন্থা ৷ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰ্থিক দৈন্যতাকো নেওচি বহু কষ্টৰে অধ্যয়ণ কৰি ৯০ শতাংশ নম্বৰ অৰ্জনেৰে ডিষ্টিংচন পাবলৈ সক্ষম হোৱা শিৱানী বৰাৰ উচ্চতৰ মাধ্যমিক শিক্ষা বৰ্ষৰ সম্পূৰ্ন কিতাপ পত্ৰ আৰু যাৱতীয় খৰছ বহন কৰাৰ দায়িত্ব লয় হাতীচ...

বঙাইগাঁও জিলাত সদ্যজাত কন্যা শিশুৰ লগতে মাতৃৰ দেহতো কোভিড- ১৯ পজিটিভ

Image
চিকিৎসাৰ বাবে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ প্ৰেৰণ বঙাইগাঁওঃ ৩০ জুনঃ বঙাইগাঁও জিলাৰ মাণিকপুৰ ব্লক পি এইছ চিৰ অধীনৰ পাতিলাদহা বাঁওবাৰী গাঁৱৰ এগৰাকী প্ৰসূতি মহিলাৰ দেহত কোভিড ১৯ ৰোগৰ অৱস্থিতি ধৰা পৰাত  চিন্তিত কৰি তুলিছে পৰিয়াল, আত্মীয় আৰু ৰাইজক ৷ আজি জিলা প্ৰশাসনে সদৰি কৰা মতে পাতিলাদহাৰ গৰ্ভৱতী মহিলা গৰাকীক ২৪ জুনত মাণিকপুৰ আদৰ্শ চিকিৎসালয়ত স্বামী আৰু শাহুৱেকৰ লগত গৈছিল ৷ পিচত চিকিৎসকে গৰ্ভৱতী মহিলাগৰাকীক বৰপেটা জিলাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ পৰামৰ্শ দিয়ে ৷ সেই অনুসৰি গৰ্ভৱতী মহিলা গৰাকীক স্বামী, শাহু আৰু আশা কৰ্মীয়ে ব্যক্তিগত বাহনেৰে লৈ যায় ৷ ২৫ জুনত মহিলা গৰাকীয়ে এটি কন্যা সন্তান জন্ম দিয়ে ৷ সিদিনাই স্বামী আৰু আশা কৰ্মীয়ে প্ৰাইভেট বাহনেৰে ঘৰলৈ উভতি আহে ৷ ২৭ জুনত প্ৰসূতি মাতৃৰ লগতে দেৱ শিশুটিৰ নমুনা পৰীক্ষাৰ বাবে সংগ্ৰহ কৰে ৷ ২৮ জুনৰ দিনা মাতৃ আৰু কন্যা সন্তানটিক ঘৰলৈ অনাৰ পাছতে কালি অৰ্থাৎ ২৯ জুনত মাতৃ আৰু দেৱ শিশুটিৰ নমুনা পৰীক্ষাৰ ফলাফলত দুয়োৰে দেহত কোভিড- ১৯ পজিটিভ ধৰা  পৰে ৷ ইয়াৰ পাছতে বঙাইগাঁও জিলা প্ৰশাসনে তৎপৰতাৰ...

বঙাইগাঁও জিলাত আজিৰে পৰা নতুন নিৰ্দেশনা

Image
আংশিক লক ডাউন ঘোষণাৰে সপ্তাহটোৰ পাঁচ দিনে পুৱা ১০ বজাৰ পৰা আবেলি ৩ বজালৈ খোলা থাকিব দোকান-পোহাৰ  বঙাইগাঁওঃ ৩০ জুনঃ বঙাইগাঁও চহৰ অঞ্চলৰ কেবাজনো লোক কোভিড- ১৯ ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত আৰু বঙাইগাঁও পৌৰসভা  এলেকাত জনসাধাৰণৰ ভীৰ তথা যান- বাহনৰ চলা-চলৰ যান -জোঁট কমাই কোভিড- ১৯ ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি বঙাইগাঁও জিলা প্ৰশাসনে আজি জিলা খনৰ সদৰ বঙাইগাঁও চহৰত আংশিক লক ডাউন ঘোষণাৰে এক নতুন নিৰ্দেশনা জাৰি কৰিছে ৷ জিলা উপায়ুক্তই জাৰি কৰা নিৰ্দেশনা অনুসৰি কাইলৈ অৰ্থাৎ পহিলা জুলাইৰ পৰা বঙাইগাঁও চহৰ অঞ্চলত পুৱা ১০ বজাৰ পৰা আবেলি ৩ বজালৈ পাঁচ ঘণ্টাৰ বাবেহে সপ্তাহটোৰ সোমবাৰৰ পৰা শুকুৰবাৰলৈ পাঁচদিন দোকান -পোহাৰ খোলা ৰাখিব পাৰিব ৷ একেদৰে নিৰ্দেশনাটোত ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীসকলক অৰ্থাৎ বিক্ৰেতা আৰু ক্ৰেতাসকলে মাস্ক আৰু হেণ্ড গ্লোভ্চ ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্বাৰোপ কৰা হৈছে ৷ ইপিনে ৰাজ্য চৰকাৰে কোভিড-১৯ ৰোগ সংক্ৰমণ ৰোধৰ বাবে নগৰ আৰু চহৰ অঞ্চলত প্ৰতি শনি আৰু দেওবাৰে লক ডাউন কাৰ্যসূচী বলৱৎ কৰাৰ পাছত বঙাইগাঁও জিলাত জিলা প্ৰশাসনে নতুন নিৰ্দেশনা জাৰি কৰাত লক ডাউন কা...

নগাঁৱৰ ৰাইদঙীয়াত অবৈধ অস্ত্ৰ সৰবৰাহকাৰী আটক

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩০জুনঃ নগাঁও আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত মঙলবাৰে ৰাইদঙীয়াত অভিযান চলাই এটা অবৈধ অস্ত্ৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত অস্ত্ৰ সৰবৰাহকাৰীটো তেজপুৰৰ মইনুল হক বুলি জানিব পৰা গৈছে । ধৃত মইনুলৰ হাতৰ পৰা আৰক্ষীয়ে এটা পইন্ট ২২পিষ্টল আৰু পাঁচ জাঁই সজীৱ গুলীও জব্দ কৰে । আৰক্ষী সূত্ৰই জনোৱা মতে, জাজৰি থানাৰ এলেকাধীন ৰাইদঙীয়া অঞ্চলত এজন অবৈধ অস্ত্ৰ সৰবৰাহকাৰীয়ে অস্ত্ৰ বিক্ৰী কৰিবলৈ অহা বুলি আৰক্ষীয়ে চোৰাংচোৱাৰ জৰিয়তে খবৰ লাভ কৰাত সেই খবৰৰ ভিত্তিতেই নগাঁৱৰ উপ আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ দাসৰ নেতৃত্বত নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলায় । অভিযান কালত আৰক্ষীৰ দলটোৱে ৰাইদঙীয়াৰ এটা পথৰ পৰাই পিষ্টলটো কোনো লোকক বিক্ৰী কৰিবলৈ যো-জা চলাওতেই অবৈধ অস্ত্ৰ সৰবৰাহকাৰী মইনুল অস্ত্ৰ-শস্ত্ৰসহ আটক কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি ধৃত অবৈধ অস্ত্ৰ সৰবৰাহকাৰীটোক নগাঁও সদৰ থানাত আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে।  

সোণ, ৰূপ, ব্ৰঞ্জৰ পদকেৰে উজ্বলিল চাবুৱা কাৰাটে একাডেমিৰ

Image
চাবুৱাঃ অসম কাৰাটে সন্থাৰ উদ্যোগত আৰু ছটকান কাৰাটে সন্থাৰ সৌজন্যত সদৌ অসম অনলাইন ই-কাটা কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি চাবুৱা কাৰাটে একাডেমিৰ খেলুৱৈ সকলে ৩টা সোণ, ১টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদক লাভ কৰি চাবুৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে৷ ডিব্ৰুগড় জিলাৰ কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক নিৰেণ ফুকনৰ তত্বাৱধানত প্ৰশিক্ষণ লৈছিল পদকপ্ৰাপ্ত খেলুৱৈ বৰুণ কুমাৰ দিহিঙ্গিয়া, হৰিপ্ৰিয়া দিহিঙ্গিয়া, কিম্পী বৰগোহাঁই, বিশাল গগৈ, দিশিতা গগৈ, পাহী গগৈ, বিশাল কোঁচ আৰু ৰাহুল শইকীয়াই৷ মঙ্গলবাৰে সদৌ অসম মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা যুগল বৰুৱা, ডিব্ৰুগড় জিলা সমিতিৰ সাংগঠনিক সম্পাদক হিৰকজ্যোতি বৰুৱা আৰু হাতীআলি আঞ্চলিক সমিতিৰ সভাপতি বেদান্ত বৰুৱাই কাৰাটে সন্থাৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক নিৰেণ ফুকনৰ বাসগৃহত উপস্থিত থাকি সামাজিক দূৰত্ব বজাই ৰাখি পদকপ্ৰাপ্ত খেলুৱৈ সকলক একোখনকৈ গ্ৰন্থ আৰু ফুলাম গামোছাৰে সম্বৰ্ধনা জনায়৷ উক্ত অনুষ্ঠানত চাবুৱা কাৰাটে একাডেমিৰ সভাপতি ক্ষিৰোদ দিহিঙ্গীয়া, সম্পাদিকা গিতিমণি বৰা গগৈৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷

বিপদজনক অৱস্থাত আছেৰূপনগৰ মুক্তি যুঁজাৰু পথস্থিত চাহ জনজাতি কল্যাণ সঞ্চালকালয়, অসমৰ ট্ৰেন্সফৰ্মাৰ

Image
ষ্টাফৰিপৰ্টাৰ, কৃত্ৰিমবানৰ সমস্যাত বিগত কেইবাদিন ধৰি ককবকাই থকাৰ সময়তে এতিয়া ৰূপনগৰ মুক্তি যুঁজাৰু পথবাসীয়ে এটা ট্ৰেন্সফৰ্মাৰৰ আতংকত নিশা উজাগৰে থাকিব লগীয়া হৈছে। ৰূপনগৰ মুক্তি যুঁজাৰু পথস্থিত  চাহ জনজাতি কল্যাণ সঞ্চালকালয়, অসমৰ চৌহদত থকা এই ট্ৰেন্সফৰ্মাৰটো দীৰ্ঘদিন ধৰি বিপদজনক অৱস্থাত থকাৰ পাছতো কাণসাৰ নাই সঞ্চালকালয় কৰ্তৃপক্ষৰ। প্ৰাপ্ত তথ্য অনুসৰি বিদ্যুৎ বিভাগৰ পৰা বাৰম্বাৰ ট্ৰেন্সফৰ্মাৰটো মেৰামতি কৰাৰ নিৰ্দেশ দিযাৰ পাছতো সঞ্চালকালয় কৰ্তৃপক্ষই কোনো গুৰুত্ব আৰোপ নকৰিলে। যাৰ বাবে এতিয়া স্থানীয় বাসিন্দা সকলে আতংকৰ মাজত দিন কটাব লগীয়া হৈছে। কিছুদিন পূৰ্বে এই ট্ৰেন্সফৰ্মাৰটো জ্বলি উঠাৰ লগতে সোমাবাৰে নিশাৰ ভাগত পুনৰ জ্বলি উঠে। মনকৰিবলগীয়া যে স্থানীয় আবাসিক এলেকাৰ মাজত থকা সঞ্চালকালয় কৰ্তৃপক্ষই ব্যক্তিগতভাৱে ট্ৰেন্সফৰ্মাৰটো সঞ্চালকালয় চৌহদত স্থাপন কৰিয়েই দায়িত্ব সামৰিছে। ট্ৰেন্সফৰ্মাৰটোৰ কোনো ধৰণৰ মেৰামতি নকৰাৰ ফলত মাজে মাজে জুই জ্বলি উঠে আৰু স্থানীয় বাসিন্দাৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। উল্লেখ্য  সোমবাৰে নিশা হঠাৎ জ্বলি উঠে এই ট্ৰেন্সফৰ্মাৰটো, নিশা প্ৰায় ১২.১৫ ব...

নলবাৰীত 'নিষ্ঠা'ৰ মুখ্য সমল ব্যক্তিৰ উচ্চ পৰ্যায়ৰ বৈঠক

Image
ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৩০ জুন* সমগ্ৰ শিক্ষা অভিযান, নলবাৰীৰ নিৰ্দেশমৰ্মে কালি পূব নলবাৰী শিক্ষাখণ্ডত ই-লাৰ্ণিং সম্পৰ্কীয় এখন উচ্চস্তৰীয় বৈঠক সম্পন্ন হয় । বিদ্যালয় প্ৰধান আৰু শিক্ষকসকলৰ সামগ্ৰিক অগ্ৰগতিৰ বাবে লোৱা ৰাষ্ট্ৰীয় পদক্ষেপ থোৰতে 'নিষ্ঠা'ৰ মুখ্য সমল ব্যক্তি সুভাষ বৰ্মন, অচ্যুত বৈশ্য, সৰযু দেবী, প্ৰীতম দেৱশৰ্মা, ফণীধৰ বৰ্মন, মৃদুল তালুকদাৰে এই বৈঠকত অংশ লয় । পূব নলবাৰীৰ খণ্ড প্ৰাথমিক শিক্ষাবিষয়া নিকুঞ্জ বৰ্মনৰ সঞ্চালনাত অনুষ্ঠিত এই বৈঠকত খণ্ড গাণনিক বসন্ত ডেকা আৰু এম আই এছ সমন্বয়ক সুব্ৰত কাকতিও উপস্থিত থাকে । মাৰ্চৰ পৰা জুন মাহৰ ভিতৰত পঢ়িবলগীয়া পাঠখিনিৰ পৰা ই-লাৰ্ণিঙৰ জৰিয়তে কিদৰে অৰ্হতা আয়ত্ত কৰাব পাৰি সেই সন্দৰ্ভত সমল ব্যক্তিসকলে মতামত ব্যক্ত কৰে বুলি জানিব পৰা গৈছে । এই বৈঠকৰ পাছতে মুখ্য সমল ব্যক্তি সুভাষ বৰ্মনে সংবাদ মাধ্যমক জানিব দিয়ামতে পহিলা জুলাইৰ পৰা পূব নলবাৰী আৰু টিহু-বৰমা শিক্ষাখণ্ডৰ অন্তৰ্গত সকলো বিদ্যালয়তে শিক্ষা বিভাগে যোগান ধৰা প্ৰশ্ন ভাণ্ডাৰৰ অৱলম্বনত অভিজ্ঞ শিক্ষকসকলে কৰা পাঠদানৰ ভিডিঅ'ৰ জড়িয়তে পাঠ্যাংশ আগবঢ়াই নিয়া হ...

পেট্ৰল-ডিজেলৰ শুল্ক হ্ৰাস আৰু মূল্যবৃদ্ধি প্ৰত্যাহাৰৰ দাবীত ১ জুলাইত সমগ্র ৰাজ্যত বাঁওপন্থীৰ প্ৰতিবাদ দিৱস

Image
গুৱাহাটী ৩০ জুন: কোভিড-১৯ৰ ক্ৰমবৰ্ধমান সংক্ৰমণ আৰু কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন মোদী চৰকাৰে সম্পূৰ্ণ অপৰিকল্পিতভাৱে হঠাৎ লকডাউন ঘোষণা কৰাৰ ফলত সৰ্বসাধাৰণ জনতাৰ জীৱন-জীৱিকা ধ্বংস হোৱাৰ উপক্ৰম হৈছে আৰু অগণন পৰিয়ালৰ জীৱনলৈ আহিছে চৰম দুৰ্দশা। এনে দুৰ্যোগ মুহূৰ্তত মোদী চৰকাৰে প্ৰায় প্ৰতিদিনে পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধি কৰি জনসাধাৰণৰ ওপৰত নিষ্ঠুৰতম আক্ৰমণ কেন্দ্ৰীভূত কৰিছে।  এই পটভূমিত চি পি আই (এম), চি পি আই, চি পি আই (এম এল)কে ধৰি দেশৰ বাঁওপন্থী দলসমূহে দেশৰ সংকটজৰ্জৰ  জনসাধাৰণক সকাহ দিয়াৰ বাবে পেট্ৰলজাত সামগ্ৰীৰ ওপৰত আৰোপ কৰা শুল্ক অবিলম্বে হ্ৰাস আৰু পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি প্ৰত্যাহাৰৰ দাবী জনাইছে। উল্লেখ্য যে ভাৰতত পেট্ৰলজাত সামগ্ৰীৰ ওপৰত আৰোপ কৰা শুল্ক বিশ্বৰ সকলোবোৰ দেশৰ তুলনাত অধিক।  পেট্ৰল-ডিজেলৰ লেকামহীন মূল্যবৃদ্ধিৰ ফলত তৈল কোম্পানীসমূহে অত্যধিক হাৰত লাভ বুটলিছে আৰু কেন্দ্ৰীয় চৰকাৰেও সংগ্ৰহ কৰিছে অত্যধিক পৰিমাণৰ ৰাজহ। বৰ্তমান পৰিস্থিতিত জনসাধাৰণৰ জীৱন-জীৱিকা ৰক্ষাৰ সলনি মোদী চৰকাৰৰ এই জনবিৰোধী নীতি নিঃসন্দেহে এক অক্ষমনীয় অপৰাধ হিচাপে বিবেচিত হৈছে। চৰকাৰ...

গোৱালপাৰাৰ বানে ছিগা আগিয়া-লক্ষীপুৰ পথত নিৰ্মাণ কৰা বেইলী ব্ৰীজ মুকলিঃজিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ কৰ্মদক্ষতাৰ শলাগ ল’লে জিলাবাসীয়ে

Image
গোৱালপাৰাৰ বানে ছিগা আগিয়া-লক্ষীপুৰ পথত নিৰ্মাণ কৰা বেইলী ব্ৰীজ মুকলিঃজিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ কৰ্মদক্ষতাৰ শলাগ ল’লে জিলাবাসীয়ে ----------- গোৱালপাৰা জিলাৰ আগিয়া-লক্ষীপুৰ ৰাজ্যিক ঘাইপথৰ বানে উটুৱাই নিয়া অংশটোত নিৰ্মাণ কৰা বেইলী ব্ৰীজ খন আজি আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় ৷ মুকলি কৰে জিলা উপায়ুক্ত বৰ্ণালী ডেকাই ৷ উল্লেখ্য যে যোৱা ১৪ মে তাৰিখে জিলাখনৰ অন্যতম গুৰুত্বপূৰ্ণ আগিয়া- লক্ষীপুৰ ৰাজ্যিক ঘাইপথৰ বলাইখামাৰত এটা কালভাৰ্টসহ এছোৱা বানপানীয়ে উটুৱাই নিয়ে ৷   এই বানত বহু কেইখন ৰাজহ গাওঁ তথা খেতিপথাৰ পানীত বুৰ যোৱাৰ লগতে লক্ষীপুৰ নগৰকে ধৰি বৃহত্তৰ  অঞ্জল এটা গোৱালপাৰা জিলা সদৰৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰে ৷ ইফালে ৰাজ্যিক ঘাইপথটোৰ প্ৰায় ৩৭ মিটাৰ অংশ বানপানীয়ে খহাই লৈ যোৱাৰ পিছ মুহূৰ্ততে উপায়ুক্ত বৰ্ণালী ডেকা (আই এ এছ ) সেই স্থানত উপস্থিত হয় আৰু  পথটিৰ ছিগি যোৱা অংশেৰে তীব্ৰ গতিত বানৰ পানী সোমাই বুৰাই পেলোৱা গাওঁ সমূহত এনডিআৰএফ আৰু এছডিআৰএফৰ দলৰ সহায়ত উদ্ধাৰ অভিযান চলায় ৷ এই অভিযানত ৪৪০ গৰাকী লোকক বিপদ শংকুল  অৱস্থাৰ পৰা উদ্ধাৰ কৰে উদ্ধাৰকাৰী সকলে...

গোলাঘাটৰ এনাজৰী ভৱনত ১০ দিনীযা স্বাৱ পৰীক্ষণ কেন্দ্ৰ

Image
 গোলাঘাট ৩০ জুন :-----  আজি গোলাঘাট চহৰৰ অন্যতম কোৱাৰেন্টাইন কেন্দ্ৰ এনাজৰী বিবাহ ভৱনত অনুষ্ঠিত হ'য় স্বাৱ পৰীক্ষণ । ১০ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই কেন্দ্ৰত আজিৰ দিনটোত সৰ্ব্বমুঠ ৪৩ জন লোকৰ স্বাৱ সংগ্ৰহ কৰা হ'য়। সমগ্ৰ কাৰ্যসূচীত আজি অংশ লয়   এ বি পি এম গেলাবিলৰ ৰতন প্ৰধান, গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ লেৱৰটৰী টেকনিচিয়ান কমলাক্ষী দত্ত, লেৱ টেকনিচিয়ান উৎপল শইকীয়া, সমুজ্বল বৰা , আশা চুপাৰভাইজাৰ অঞ্জলি শইকীয়া আৰু অন্তৰা সভাপণ্ডিতে। উক্ত কেন্দ্ৰত আগন্তুক ৯ দিনত  গোলাঘাটৰ  সকলো ৰাইজে স্বাৱ পৰীক্ষণ কৰিব পাৰিব বুলি উল্লেখ কৰে বিষয় - ববীয়া সকলে।

ভৱানীপুৰত বানত সন্ধানহীনৰ মৃতদেহ উদ্ধাৰঃ মৃত্যুৰ সংখ্যা ২ জনলৈ বৃদ্ধি

Image
সঞ্জীৱ দাস, ভৱানীপুৰ, ৩০ জুনঃ ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত পটাত পল্লা নদীত সন্ধাহীন লোকৰ মৃতদেহ আজি উদ্ধাৰ হয়। উল্লেখ্য যে, প্ৰলয়ংকাৰী বানৰ কবলত পৰা ভৱানীপুৰৰ নিকটৱৰ্তী পটা-গুৱাগাছা সংযোগী পল্লা নদীৰ ওপৰত স্থাপিত বাঁহৰ সাঁকো পাৰ হ'বলৈ ধৰোতে ৰৌমাৰী গাঁৱৰ পিণ্টু দাস (৪০) নামৰ লোকজন সাঁকোৰ পৰা নদীত পৰি যায়। ঘটনাটো সংঘটিত হয় ২৮ জুনৰ দিনৰ প্ৰায় দুই বজাত। পল্লা নদীৰ সোঁতে পিণ্টু দাসক উটুৱাই নিয়াত তেওঁ সন্ধাহীন হৈ আছিল আৰু আজি পুৱাৰ ভাগত দুৰ্ঘটনা সংঘটিত স্থানৰ পৰা কিছু আঁতৰত নদীৰ বুকুত ভাঁহি থকা পিণ্টু দাসৰ মৃতদেহ উদ্ধাৰ হয়। আন এক উল্লেখ্য যে, কালি ভৱানীপুৰ টাঙলা গাঁৱত গোপাল ঘোষ(৬০) নামৰ এজন লোকক বানে উটুৱাই নিয়াত তেওঁৰ মৃত্যু ঘটিছিল। বাতৰি লিখা পৰলৈকে ভৱানীপুৰ অঞ্চলত বানত মৃত্যুৰ সংখ্যা দুজনলৈ বৃদ্ধি পাইছে। আনহাতে,ভৱানীপুৰ বিধানসভা সমষ্টিত পহুমাৰা আৰু পল্লা নদীয়ে সৃষ্টি কৰা ভয়াবহ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। এসপ্তাহ ধৰি অৰ্দ্ধশতাধিক গাঁৱৰ ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, খেতি পথাৰ পানীৰ তলত অৰ্থাৎ বানৰ কবলত আছে। মাজগাঁও, শুকমানাহ, কঁহৰা, পাটলা আদি স্থানৰ ৰাস্তা-ঘাট কেবাটাও বিচ্ছিন্...

ল’কডাউনত শিল্পী সকলে সন্মুখীন হোৱা দুৰ্যোগ সন্দৰ্ভত সামাজিক মাধ্যমৰ জৰিয়তে সংস্কাৰ ভাৰতীৰ সভা

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩০ জুনঃ ল’কডাউনৰ পৰিপ্ৰেক্ষিতত শিল্পী সকলে সন্মুখীন হোৱা দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি সংস্কাৰ ভাৰতীৰ পূৰ্বোত্তৰৰ ক্ষেত্ৰ প্ৰমুখ ধনঞ্জয় কুশ্ৰেৰ প্ৰচেষ্টাত সোমবাৰে নিশা সামাজিক মাধ্যমৰ জড়িয়তে সংস্কাৰ ভাৰতীৰ অসম প্ৰান্তৰ ন-পুৰণি কাৰ্যকৰ্তা সকলৰ এখনি অনলাইন সভা অনুষ্ঠিত কৰা হয়। সংস্কাৰ ‌ভাৰতীৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক আমিৰ চান্দ, সম্পাদক তথা ‌অসমৰ প্ৰভাৰী অশোক তিৱাৰী, অসম প্ৰান্তৰ সভাপতি নৃপেন কলিতা, সম্পাদক প্ৰনৱ চক্ৰবৰ্তীকে  প্ৰমুখ্য কৰি অসমৰ ২৮ টা অঞ্চলৰ শতাধিক সদস্যই অংশ গ্ৰহণ কৰা এই অনলাইন সভাখনিত ল’কডাউনৰ সময়ছোৱাত শিল্পী সকলৰ জীৱন সংগ্ৰামৰ বিষয়ত বিশদ ভাৱে আলোচনা কৰা হয়। সভাত সংস্কাৰ ভাৰতী উপ সমিতিসমূহৰ সহযোগত শিল্প সাধনাৰে জীৱন নিৰ্বাহ কৰা উত্তৰ-পূৱৰ দুই হাজাৰ ক্ষতিগ্ৰস্ত শিল্পীৰ এখনি তালিকা প্ৰস্তুত কৰি পৰ্যায়ক্ৰমে তেওলোকক সহায় সহযোগ আগবঢ়োৱাৰ বিষয়ত প্ৰস্তাৱ গ্ৰহন কৰা হয় ৷

গোৱালপাৰাৰ টুকুৰাত ক’ভিড ১৯ ৰোগী বিচাৰি আৰক্ষীৰ অভিযান

Image
গোৱালপাৰাৰ টুকুৰাত ক’ভিড ১৯  ৰোগী বিচাৰি আৰক্ষীৰ  অভিযানঃজেৰিনা নাৰ্জাৰীক উদ্ধাৰ কৰি প্ৰেৰণ চিকিৎসালয়লৈ ------- গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত টুকুৰাত আত্মগোপণ কৰি থকা ক’ভিড ১৯ ৰোগী এগৰাকীক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে হাহাকাৰময় পৰিবেশৰ সৃষ্টি হৈছে ৷ মহিলা গৰাকীৰ নাম জেৰিণা নাৰ্জাৰী ৷ জানিব পৰা মতে, গুৱাহাটী ধীৰেণপাৰাৰ কোম্পানী এটাত কৰ্মৰত মহিলা গৰাকীয়ে স্বাস্থ্য বিভাগে স্বাব সংগ্ৰহ কৰাৰ পিছতে পলায়ন কৰিছিল গুৱাহাটীৰ পৰা ৷ কালি স্বাব টেষ্টৰ ৰিজাল্ট পজিটিভ ওলোৱাত স্বাস্থ্য বিভাগে যুৱতী গৰাকীৰ সৈতে যোগাযোগ কৰাত এই পলায়নৰ তথ্য পোহৰলৈ আহে ৷ স্বাস্থ্য বিভাগৰ লগতে গুৱাহাটীৰ আৰক্ষীয়ে মহিলা গৰাকীক বিচাৰি সুফল নোপোৱাত ম’বাইল নম্বৰ ট্ৰেকৰ ব্যৱস্থা কৰে ৷ ম’বাইল নাম্বাৰ ট্ৰেক কৰাৰ পিছতে মহিলা গৰাকী গোৱালপাৰাৰ টুকুৰাত থকা বুলি নিশ্চিত হয় গুবাহাটীৰ আৰক্ষী ৷ সেই মৰ্মে গুৱাহাটী আৰক্ষীয়ে সহায় লয়  আগিয়া আৰক্ষীৰ ৷ আগিয়া আৰক্ষীয় চি আই দিগন্ত কুমাৰ বৰাৰ নেতৃত্বত যোৱা গোটেই নিশা অভিযান চলাই আজি পুৱতি নিশা মহিলা গৰাকীক টুকুৰাৰ ৰামকৃষ্ণ মণ্ডল নামৰ এজন লোকৰ ঘৰত আশ্ৰয় লৈ থকা...

খাগৰিজান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত ৰচনা প্ৰতিযোগিতাৰ অায়োজন

Image
দেৱব্ৰত বৰা,জাজৰি,৩০ জুন: নগাঁও জিলাৰ উচ্চ শিক্ষাৰ এখনি অগ্ৰনী শিক্ষানুষ্ঠান খাগৰিজান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত সামপ্ৰতিক সময়ৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত এখনি 'ৰচনা' প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। জানিব পৰা মতে অসমীয়া বা ইংৰাজী মাধ্যমত লিখিবলগীয়া ৰচনাৰ বিষয় হৈছে- " ক'ভিড ১৯ ৰ প্ৰেক্ষাপটত ভাৰতবৰ্ষৰ অাৰ্থিক সংকট"। ১০০০ শব্দৰ ভিতৰত লিখিবলগীয়া ৰচনা প্ৰেৰণ কৰাৰ শেষ তাখিখ ১০ জুলাই বুলি জানিব পৰা গৈছে। প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ - ২০০০, দ্বিতীয় পুৰস্কাৰ- ১৫০০ অাৰু তৃতীয় পুৰস্কাৰ - ১০০০ টকাকৈ তিনিজন বিজয়ীক প্ৰদান কৰিব । ৰচনাসমুহ - ৯৯৫৪০৯৯৬০৭, ৮৮৭৬৪৪৭১৩৫ নম্বৰত পঠাবলৈ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক গৌৰৱ অাগৰ্মাচায্যই জনাইছে। ইফালে খাগৰিজান মহাবিদ্যালয়ত এইবছৰৰ পৰা নতুনকৈ কেইবাটাও বিভাগ সংযোজন কৰি জিলাখনৰ শিক্ষাখণ্ডলৈ অাশাৰ ৰেঙনি কঢ়িয়াই অানিছে বুলি অাশা কৰিব পাৰি। তাৰে ভিতৰত মহাবিদ্যালয়খনত নতুনকৈ বাণিজ্য শাখা অাৰু কম্পিউটাৰ বিভাগৰ  ক্ষেত্ৰত ডি.চি.এ, পি.জি.ডি.চি.এ অন্তৰ্ভূক্ত হৈছে বুলি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰমেশ নাথে  জনাইছে।

গোলাঘাটৰ বৰ্ষীয়মান প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী জয়মতী গোঁহাই ৰ মৃত্যু

Image
গোলাঘাট ,৩০ জুন :---আজি পুৱা গোলাঘাটৰ দণ্ডধৰ ছোৱালী হাইস্কুলৰ বৰ্ষীয়মান প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী জয়মতী গোঁসাই ৰ পৰলোকপ্ৰাপ্তি হ'য়। ১৯৪৫ চনত সেইসময়ৰ গোলাঘাটৰ  একমাত্ৰ ছোৱালী স্কুল দণ্ডধৰ ছোৱালী বিদ্যালয় ত  নৱম মান শ্ৰেণীত নাম ভৰ্ত্তি হৈ পিছলৈ উক্ত বিদ্যালয়তে শিক্ষকতাৰে চাকৰি জীৱন আৰম্ভ কৰা প্ৰয়াত গোঁসাই  প্ৰধান শিক্ষয়িত্ৰী ৰূপে ১৯৮৯ চনত  সেই বিদ্যালয়ৰ পৰাই অৱসৰ গ্ৰহণ কৰিছিল। বিদ্যালয়ৰ নীতি - নিয়ম ৰক্ষাৰ  ক্ষেত্ৰত  কঠোৰ  অনুশাসনৰ লগতে ছাত্ৰীসকলৰ পঢ়াৰ দিশত  অধিক মনোনিবেশনত  অগ্ৰণী ভূমিকা গ্ৰহণ কৰা বাইদেউ সকলো ছাত্ৰীৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। বয়সে হাৰ মনাব নোৱাৰা এই জেষ্ঠ্য শিক্ষয়িত্ৰী গৰাকী আজিৰ পৰা বহুবছৰ ধৰি শৰ্যাগত হৈ আছিল যদিও আজি পুৱা নিয়তিৰ ওচৰত হাৰ মানি এই সংসাৰ ত্যাগ কৰে। আজি পুৱা তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে গোলাঘাটত এক শোকাকুল পৰিবেশৰ সৃষ্টি হ'য়। বিশেষকৈ  তেখেতৰ সান্নিধ্য লাভ কৰা প্ৰাক্তন ছাত্ৰী সকলৰ মাজত শোকৰ ছাঁ পৰিছে। বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰী সমাৰোহ সমিতিৰ হৈ সভাপতি জীনা বৰুৱা আৰু সাধাৰণ স...

নগাঁৱৰ নেহৰুবালিৰ স্বাৱ সংগ্ৰহ কেন্দ্ৰ বেবেজীয়া সমুহীয়া স্বাস্থ্যকেন্দ্ৰলৈ স্থানান্তৰ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ জুনঃ বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ সুবিধাৰ্থে নগাঁও চহৰৰ নেহৰুবালিত স্থাপন কৰা স্বাৱ সংগ্ৰহ কেন্দ্ৰটি বৰ্তমান বেবেজীয়া সমুহীয়া স্বাস্থ্য কেন্দ্ৰলৈ স্থানান্তৰিত কৰা হৈছে । এতিয়াৰ পৰা বেবেজীয়া সমুহীয়া স্বাস্থ্য কেন্দ্ৰত স্থাপিত এই কেন্দ্ৰটিত বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ লগতে কৰ’না ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰো স্বাৱ সংগ্ৰহ কৰা হ’ব ৷ আচলতে বহিঃৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাই অহাৰ বিপৰীতে শেহতীয়াভাবে ৰাজ্যৰ সকলো পৌৰসভা এলেকাত প্ৰতি সপ্তাহৰ শনি আৰু দেওঁবাৰে লকডাউন জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত নেহৰুৱালি স্বাৱ সংগ্ৰহ কেন্দ্ৰটি এনেদৰে বেবেজীয়া সমুহীয়া স্বাস্থ্য কেন্দ্ৰলৈ স্থানান্তৰ কৰা হয় বুলি জানিব পৰা গৈছে ৷ এই মৰ্মে, সোমবাৰে বেবেজীয়া সমুহীয়া স্বাস্থ্য কেন্দ্ৰৰ সভাকক্ষত এখন সভা অনুষ্ঠিত কৰা যায় । সভাখনিত জিলা উপায়ুক্ত যাদৱ শইকীয়া, অতিৰিক্ত উপায়ুক্ত জয়ন্ত বৰা, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: অতুল পাটৰ, প্ৰগ্ৰাম মেনেজাৰ  অনিৰ্ৱান বৰঠাকুৰ, ডাটা মেনেজাৰ, মঞ্জিল শৰ্মা, উপ সঞ্চালক ডা: চিন্তাৰাম হাজৰিকা আৰু সহকাৰী ব্লক প্ৰগ্ৰেম মেনেজাৰ শৈল্যজা ন...

অশীতিপৰ মহিলা তৰুলতা দেৱীৰ 'এৰি অহা সময়' উন্মোচন

Image
ষ্টাফৰিপৰ্টাৰ, দৰঙৰ দিপীলাৰ আলিখাপাৰা গাঁৱৰ ধৰ্মপ্ৰাণা আৰু অশীতিপৰ মহিলা, সফল মাতৃ তৰুলতা দেৱীয়ে নিজৰ জীৱনৰ কিছু কথা সামৰি ৰচনা কৰা ' এৰি অহা সময়' নামৰ গ্ৰন্থখনি আজি লেখিকাৰ নিজাঘৰত অনুষ্টুপীয়াকৈ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। লেখিকাৰ পুত্ৰ তথা শংকৰদেৱ শিশু নিকেতন, দিপীলাৰ প্ৰধান আচাৰ্য গোবিন্দ শৰ্মা বৰুৱাই আঁত ধৰা অনুষ্ঠানত লেখিকাৰ স্বামী, সুদক্ষ প্ৰধান শিক্ষক প্ৰয়াত জগৎ চন্দ্ৰ শৰ্মাৰ প্ৰতিচ্ছৱিত পুষ্পাঞ্জলি নিবেদন কৰা হয়। সমূহীয়াভাবে গ্ৰন্থ খন উন্মোচন কৰে দিপীলাৰ প্ৰবীণ সমাজকৰ্মী, সাহিত্য সেৱী কালীচৰণ শৰ্মা, দিপীলা আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰবক্তা , সাহিত্য সেৱী অখিল ৰঞ্জন ভট্ট , সমাজকৰ্মী ক্ৰমে যতীন শৰ্মা আৰু চিন্তা ৰাম ডেকাই। শাৰীৰিকভাৱে অসুস্থ দেৱীৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ভাগ লৈ কালীচৰণ শৰ্মাই তেওঁৰ প্ৰচেষ্টাৰ শলাগ লয়। আনহাতে আন এগৰাকী বক্তা অখিল ৰঞ্জন ভট্টই গ্ৰন্থ খনি দৰং আৰু কামৰূপৰ সামাজিক জীৱনৰ বাবে গুৰুত্বপূৰ্ণ এটি অধ্যায় হ'ব বুলি মন্তব্য কৰে। অনুষ্ঠানত লেখিকাৰ পুত্ৰ ক্ৰমে প্ৰবক্তা বিপিন শৰ্মা বৰুৱা আৰু সাংবাদিক ধীৰেন শৰ্মাই অতিথি সকলক আদৰণি ...

২০২০-২১ বৰ্ষৰ লায়ন্স ক্লাৱ গুৱাহাটীৰ নতুন বডীৰ জুম ৱেবিনৰৰ জৰিয়তে বাৰ্তালাপ

Image
ষ্টাফৰিপ'ৰ্টাৰ,,,২৯ জুন।।।  নতুনকৈ নিৰ্বাচিত হোৱা ২০০০-২১ বৰ্ষৰ গুৱাহাটী লা লায়ন্স ক্লাৱৰ ৫১ জনীয়া ব'ৰ্ড অফ ডাইৰেক্টৰ বডীয়ে জুম ৱেবিনৰৰ জৰিয়তে বাৰ্তালাপ কৰাৰ লগতে অনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে। দেওবাৰে অনুষ্ঠিত ৱেবিনৰত লায়ন্স ক্লাবৰ আন্ত:ৰাষ্ট্ৰীয় সঞ্চালক লায়ন্স জি এছ হোৰা ইনষ্টলেচন অফিচাৰ লায়ন্স সুধীৰৰ চৌধুৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। লায়ন কিশোৰ ছাবুক সভাপতি, লায়ন দিলীপ ছাৰাফক সম্পাদক আৰু লায়ন ৰাজেশ বুৰাকীয়াক ধনভৰালী হিচাপে ২০২০-২১ বৰ্ষৰ ৫১ জনীয়া বোৰ্ড গঠন কৰা হৈছে। উক্ত অনুষ্ঠানত প্ৰাক্তন আন্ত:ৰাষ্ট্ৰীয়  সঞ্চালক জি এছ হোৰা,ভাইচ কাউন্সিল চিয়েৰপাৰ্ছন বিনোদ মহন্ত, জি এছ টি ক'ৰ্ডিনেটৰ লায়ন ৰাজকুমাৰ আগৰৱাল প্ৰাক্তন জিলা গবৰ্ণৰ ডি পি বাজাজ, লায়ন এছ এছ হাৰলালকা, লায়ন অমৰ বৰুৱা, লায়ন এল এন আগৰৱাল, উপ জিলা গবৰ্ণৰ লায়ন শুভাংকৰ সেন আদিকে ধৰি লায়ন্স ক্লাৱৰ বিভিন্ন সদস্য সকল উপস্থিত থাকে। সুনীল আগৰৱালাই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটিত ২০২৯-২০ বৰ্ষৰ লায়ন্স ক্লাৱৰ অফ গুৱাহাটীৰ বাৰ্ষিক বঁটাৰ নাম ঘোষণা কৰা হয়। সমাজত বিশেষ ভাৱে অৰিহণা যোগোৱা ৪০ জন সদস্যক বঁটাৰ বাবে ...

২০২০-২১ বৰ্ষৰ লায়ন্স ক্লাৱ গুৱাহাটীৰ নতুন বডীৰ জুম ৱেবিনৰৰ জৰিয়তে বাৰ্তালাপ

ষ্টাফৰিপ'ৰ্টাৰ,,,২৯ জুন।।।  নতুনকৈ নিৰ্বাচিত হোৱা ২০০০-২১ বৰ্ষৰ গুৱাহাটী লা লায়ন্স ক্লাৱৰ ৫১ জনীয়া ব'ৰ্ড অফ ডাইৰেক্টৰ বডীয়ে জুম ৱেবিনৰৰ জৰিয়তে বাৰ্তালাপ কৰাৰ লগতে অনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে। দেওবাৰে অনুষ্ঠিত ৱেবিনৰত লায়ন্স ক্লাবৰ আন্ত:ৰাষ্ট্ৰীয় সঞ্চালক লায়ন্স জি এছ হোৰা ইনষ্টলেচন অফিচাৰ লায়ন্স সুধীৰৰ চৌধুৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। লায়ন কিশোৰ ছাবুক সভাপতি, লায়ন দিলীপ ছাৰাফক সম্পাদক আৰু লায়ন ৰাজেশ বুৰাকীয়াক ধনভৰালী হিচাপে ২০২০-২১ বৰ্ষৰ ৫১ জনীয়া বোৰ্ড গঠন কৰা হৈছে। উক্ত অনুষ্ঠানত প্ৰাক্তন আন্ত:ৰাষ্ট্ৰীয়  সঞ্চালক জি এছ হোৰা,ভাইচ কাউন্সিল চিয়েৰপাৰ্ছন বিনোদ মহন্ত, জি এছ টি ক'ৰ্ডিনেটৰ লায়ন ৰাজকুমাৰ আগৰৱাল প্ৰাক্তন জিলা গবৰ্ণৰ ডি পি বাজাজ, লায়ন এছ এছ হাৰলালকা, লায়ন অমৰ বৰুৱা, লায়ন এল এন আগৰৱাল, উপ জিলা গবৰ্ণৰ লায়ন শুভাংকৰ সেন আদিকে ধৰি লায়ন্স ক্লাৱৰ বিভিন্ন সদস্য সকল উপস্থিত থাকে। সুনীল আগৰৱালাই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটিত ২০২৯-২০ বৰ্ষৰ লায়ন্স ক্লাৱৰ অফ গুৱাহাটীৰ বাৰ্ষিক বঁটাৰ নাম ঘোষণা কৰা হয়। সমাজত বিশেষ ভাৱে অৰিহণা যোগোৱা ৪০ জন সদস্যক বঁটাৰ বাবে নিৰ্বাচন কৰা...

কৃষ্ণাইৰ কোন্টেইনমেন্ট জ’ন প্ৰত্যাহাৰ কৰিলে জিলা প্ৰশাসনে

Image
অঞ্চলবাসীৰ সন্তোষ প্ৰকাশ ------------------------------ গোৱালপাৰা জিলাৰ কৃষ্ণাই আশুডুবিকে ধৰি বৃহৎ এলেকা সামৰি ঘোষণা কৰা কোন্টেইনমেন্ট জ’ন আজি আনুষ্ঠানিক ভাৱে প্ৰত্যাহাৰ কৰেে জিলা প্ৰশাসনে ৷ জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ এক নিৰ্দেশ মৰ্মে কৃষ্ণাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰতন ভূঞাই আজি সন্ধিয়া কোন্টেইনমেন্ট জ’ন এলেকাটো মুকলি কৰি দিয়ে ৷ অৱশ্যে ইতিমধ্যে সান্ধ্য আইনৰ সময় আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ ৰাইজে কাইলৈ পুৱা ৭ বজাৰ পিছৰ পৰা স্বাভাৱিক ভাৱে চলাফুৰা কৰিব পাৰিব ৷ উল্লেখ্য যে আশুডুবিৰ দুলাল সাহা নামৰ ক্ষুদ্ৰ ব্যৱসায়ী জন ক’ভিড ১৯ ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত বিগত ১৩ জুন তাৰিখে  সমগ্ৰ আশুডুবি অঞ্চলটোক কোন্টেইনমেন্ট জ’নলৈ ৰূপান্তৰিত কৰা হৈছিল ৷ ইফালে ১৭ দিনৰ মূৰত আজি অঞ্চলটো কোন্টেইনমেন্ট জ’ন মুক্ত কৰি দিয়াত আশুডুবিকে ধৰি বৃহৎ এলেকাটোৰ ৰাইজে সন্তোষ প্ৰকাশ কৰাৰ লগতে জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে ৷ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, First News Report

বজাৰত জুই চাই দাম* *চৰকাৰলৈ অধিক সাহায্য প্ৰদানৰ দাবী বিভিন্ন সচেতন মহলৰ

Image
বজাৰত জুই চাই দাম* *চৰকাৰলৈ অধিক সাহায্য প্ৰদানৰ দাবী বিভিন্ন সচেতন মহলৰ* *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৯ জুন* বিশ্বত্ৰাস ক'ৰোনা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ চৰকাৰে নিৰ্ধাৰণ কৰা লক্ ডাউনত ইতিমধ্যেই জীয়াতু ভুগিছে ৰাইজে ৷ বৰ্তমান সময়ত কেবল গুৱাহাটীতেই নহয় সৰ্বত্ৰে বজাৰত বিভিন্ন সামগ্ৰীৰ দাম আকাশলঙ্ঘী হৈ পৰিছে। গ্ৰামাঞ্চলৰ বজাৰবিলাকতো ইয়াৰ প্ৰভাৱ বাৰুকৈয় পৰাতো পৰিলক্ষিত হৈছে ৷ খাতিখোৱা দিন হাজিৰা কৰা মানুহৰ লগতে নিম্ন মধ্যবিত্ত অথবা মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। হাজিৰা কৰি পায় ৪০০ টকা। ইয়াৰে চাউল, ডাইল, মিঠাতেল, আলু ইত্যাদি অত্যাৱশ্যকীয় সামগ্ৰীসমূহ ক্ৰয় কৰিবলৈ ৰাইজে ত্ৰাহি মধুসূদন সোঁৱৰিছে। সৰ্বসাধাৰণ ৰাইজে মূৰেকপালে হাত দিছে । কি কৰিব কি নকৰিব উৱাদিহ পোৱা নাই । পৰিয়ালৰ ভৰন-পোষণেই হৈ পৰিছে এতিয়া ডাঙৰ সমস্যা । বিভিন্নজনে এই দুৰ্যোগৰ সময়ত সাহায্য আগবঢ়োৱাইছে যদিও সেয়াই যথেষ্ট নহয় বুলি সচেতন প্ৰতিগৰাকীৰে জ্ঞাত । বৰ্তমান সময়ত এসাজ খাই এসাজ নোখোৱাকৈ কটাই আছে বহু পৰিয়াল। কামলৈ যাব পৰা নাই । বাৰিষাৰ ভৰপক সময়ত খেতিয়কে ৰুব পৰা নাই মাটি । চাৰ...

নগাঁৱত দুদিনৰ মুৰত উদ্ধাৰ বানত উটি যোৱা কিশোৰৰ মৃতদেহ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ জুনঃ নগাঁও জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে চলোৱা তাণ্ডৱৰ মাজতে গৰু এৰাল দিবলৈ গৈ বানত উটি সন্ধানহীন হৈ পৰা এটি কিশোৰৰ মৃতদেহ দুদিনৰ মূৰত আজি উদ্ধাৰ কৰা হয় ৷ জানিব পৰা মতে, যোৱা শনিবাৰে জুৰিয়াৰ কালিয়াডিঙা কছাৰীগাঁৱৰ ইব্ৰাহীম আলিৰ চৈধ্য বছৰীয়া পুত্ৰ জাকাৰিয়া আলম নামৰ কিশোৰটিয়ে লাওখোৱা অভয়াৰণ্যৰ কঠালগুৰি বন শিবিৰৰ সমীপৰ মথাউৰিত গৰু এৰাল দিবলৈ যায় ৷ কিন্তু গৰু এৰাল দি উভতি আহোতে হঠাতে মথাউৰিৰ পৰা পিছলি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত পৰি উটি যায় কিশোৰটি ৷ এনেদৰে চকুৰ পলকতে বাঢ়নী পানীৰ প্ৰবল সোঁতে উটোৱাই নিয়া কিশোৰটিক লগৰ দুই বন্ধুয়ে বচাবলৈ আপ্ৰাণ চেষ্টা কৰে যদিও ব্যৰ্থ হয় ৷ লগে লগে ঘটনাৰ খবৰ পাই বন বিভাগ আৰু জুৰীয়া আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত যন্ত্ৰ চালিত নাৱেৰে উদ্ধাৰ অভিযান চলাই যদিও সেইদিনা বানত উটি যোৱা কিশোৰটিৰ কোনো শুংসুত্ৰ উলিয়াবলৈ সক্ষম নোহোৱাত পুনৰ কালিও অভিযান চলোৱা হয় ৷ কিন্তু দুয়োদিনে নিৰুদ্দিষ্ট কিশোৰটিৰ সন্ধান অভিযানকাৰী দলে উলিয়াবলৈ সক্ষম নোহোৱাৰ পিছত আজি বিয়লি প্ৰায় দুই বজাত কঠালগুৰিৰ মথাউৰিৰ কিছ...

নগাঁৱত শোকাৱহ পথ দুৰ্ঘটনাত অৱসৰপ্ৰাপ্ত শিক্ষক নিহত

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ জুনঃ নগাঁও জিলাৰ বটদ্ৰৱা থানাৰ এলেকাধীন ভেটিয়নীত আজি সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক নিহত হয় ৷ ঘটনাৰ বিৱৰণী মতে, নগাঁও-ধিং সংযোগী গড়কাপ্তানী পথৰ ভেটিয়নীত তীব্ৰ বেগেৰে আহি থকা এ এছ-০২-এন-৬৫১২ নম্বৰৰ হোণ্ডা চাইন আৰু এ এছ-০২-জি-০৫১৮ নম্বৰৰ মটৰ চাইকেল দুখনৰ মাজত সংঘৰ্ষ লগাত উক্ত দুৰ্ঘটনাটো সংঘটিত হয় ৷ ফলত ধিং গাঁৱৰ ইছমাইল হুছেইন আকন্দ(৬৫) নামৰ অৱসৰপ্ৰাপ্ত শিক্ষক জন গুৰুত্বৰভাৱে আহত হয়। লগে লগে স্থানীয় ৰাইজৰ তৎপৰতাত আহত লোকজনক সংকটজনক অৱস্থাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মটৰচাইকেল দুখন উদ্ধাৰ কৰে। নিহত ধিং গাঁৱৰ ইছমাইল হুছেইন আকন্দ গৰৈমাৰী মোক্তাৱ স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আছিল ৷ অৱসৰপ্ৰাপ্ত শিক্ষকজনৰ এনে কৰুণ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷  ==================

নগাঁৱত আইন সেৱা প্ৰাধিকাৰী উদ্যোগত অনুষ্ঠিত আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ পুৰস্কাৰ বিতৰণ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ জুনঃ সাম্প্ৰতিক সময়ত যুৱ সমাজৰ অধিকাংশই ড্ৰাগছৰ লগতে আন আন মাদক দ্ৰব্য সমূহৰ কবলত পৰি উচ্ছৃংখল জীৱন-যাপন কৰি অহাৰ লগতে বহু অভিভাৱকেও ইয়াৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছে। সেই বাবেই নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে "নিষিদ্ধ ড্ৰাগচ" ৰ বিৰুদ্ধে বহুকেইটা সজাগতা অনুষ্ঠানৰ আয়োজন কৰি ৰাইজৰ মাজত প্ৰচাৰ চলাই সফল হোৱাৰ লগতে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ অংশ হিচাপে যোৱা ২৬ জুনত প্ৰাধিকাৰীয়ে আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসটি উদযাপন কৰাৰ লগতে চহৰৰ বহুকেইটা অঞ্চলত প্ৰাধিকাৰীৰ মোবাইল গাড়ীৰে ড্ৰাগছৰ কুপ্ৰভাৱৰ ওপৰত পৰি যুৱ প্ৰজন্ম কেনেদৰে নিঃশেষ হবলৈ ওলাইছে তাৰ এক প্ৰচাৰ চলোৱাৰ লগতে প্ৰাধিকাৰীৰ অধিনস্থ অৰ্ধআইনী সহায়ক সকলৰ ওপৰত "বৰ্তমান সময়ত সমাজত ড্ৰাগছৰ কু-প্ৰভাৱ আৰু নিৰাময়ৰ উপায় আৰু পৰামৰ্শাৱলী" শীৰ্ষক বিষয়ৰ ওপৰত অনলাইন যোগে আয়োজন কৰিছিল এক ৰচনা প্ৰতিযোগিতাৰ লগতে এখনি ওৱাল পেইণ্টিং প্ৰতিযোগিতা ৷ অৱশ্যে বতৰ বেয়া হোৱাত উক্ত দিনা ওৱাল পেইণ্টিংৰ প্ৰতিযোগিতা অনুষ্ঠিত নোহোৱাত সোমবাৰে উক্ত ওৱাল পেইণ্টিং প্ৰতিযোগিত...

ফেনে ফোটোকাৰে বাঢ়িছে ৰঙিয়া মহকুমাৰ আটাইকেইখন নৈ , প্লাবিত বহু অঞ্চল

Image
বানপীড়িতৰ মাজত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰৰ সাহাৰ্য্য সামগ্ৰী বিতৰণ  প্ৰতিবেদক, ৰঙিয়া, ২৮ জুন: ৰঙিয়া মহকুমাৰ হাছানটুকত স্থাপন কৰা সাহাৰ্য্য শিবিৰত উপস্থিত হৈ  আজি অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰে বানপীড়িতৰ অৱস্থাৰ বুজ লোৱাৰ লগতে  সাহাৰ্য্য সামগ্ৰী বিতৰণ কৰে । উল্লেখ্য যে, ৰঙিয়া মহকুমাৰ আটাইকেইখন নৈ ফেনে-ফোটোকাৰে বাঢ়ি মহকুমাটোৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰি তুলিছে । মহকুমাটোৰ মাজেৰে বৈ যোৱা পুঠিমাৰী,  বৰলীয়া, নোনা, কলাজল নৈৰ জলস্তৰ বৰ্তমান বিপদ সীমাৰ ওপৰেৰে বৈ আছে । নৈৰ বাঢ়নি পানীয়ে খেতি পথাৰৰ লগতে পশুধনৰ বিস্তৰ ক্ষতি সাধন কৰিছে । আজি অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰে ৰঙিয়া মহকুমাৰ ক্ষতিগ্ৰস্থ এলেকাসমৃহৰ বুজ লয়  । তেখেতে ক'ৰণা ভাইৰাচ প্ৰতিৰোধী যুঁজৰ সমান্তৰাল ভাৱে বানপানীৰ বাবে সাজু হৈ থাকিবলৈ প্ৰতিটো বিভাগক নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত বৰ্তমান মহকুমাটোত যুদ্ধকালীন তৎপৰতাৰে অব্যাহত আছে বান সাহাৰ্য্য বিতৰণৰ কাম । আজি অতিৰিক্ত উপায়ুক্ত ডাঃ তালুকদাৰে হাছানটুকৰ সাহাৰ্য্য শিবিৰত বানপীড়িতৰ মাজত মাস্ক, হেণ্ড-চেন...

লক ডাউনৰ সময়ত ৰেল-বিমানেৰে গুৱাহাটী এৰিব খুজিলে কেনেকৈ যাব?

Image
#লক ডাউনৰ সময়ত মহানগৰীৰ কোন কোন ঠাইত পিক আপ পইন্ট হিচাপে চিহ্নিত কৰা হৈছে#  ল'কডাউনৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মেট্রোপলিটন জিলাৰ ASTC  বাছ সেৱা সমূহ চহৰৰ বিভিন্ন পিক আপ্ পইন্টৰ পৰা বিমানবন্দৰ তথা ৰেল ষ্টেচনলৈ ব্যৱস্থা কৰা হৈছে। নিম্নলিখিত আৰক্ষী থানা আৰু আৰক্ষী চকীবোৰ পিক আপ্ পইন্ট হিচাপে চিহ্নিত কৰা হৈছে।  ১.দিছপুৰ আৰক্ষী থানা  ২. নুনমাটি আৰক্ষী থানা ৩.পাণবজাৰ আৰক্ষী থানা  ৪.লতাশিল আৰক্ষী থানা  ৫. পল্টন বজাৰ আৰক্ষী থানা ৬.ভৰলুমুখ আৰক্ষী থানা ৭.গীতানগৰ আৰক্ষী থানা ৮.জালুকবাৰী আৰক্ষী থানা ৯.বশিষ্ঠ আৰক্ষী থানা ১০. ফটাশিল আমবাৰী আৰক্ষী থানা ১১.হাতীগাঁও আৰক্ষী থানা ১২.গড়চুক আৰক্ষী থানা ১৩. ভঙাগড় আৰক্ষী থানা ১৪. সাতগাঁও আৰক্ষী থানা ১৫.চান্দমাৰী আৰক্ষী থানা ১৬. ফাঁচী বজাৰ আৰক্ষী চকী ১৭. মালিগাঁও আৰক্ষী চকী ১৮. উদালবাকৰা আৰক্ষী চকী ১৯. বিৰুবাৰী আৰক্ষী চকী ২০. যোৰাবাট আৰক্ষী চকী ২১. ISBT আৰক্ষী চকী ২২. পানীখাইতি আৰক্ষী চকী এই বাছসমূহ ওপৰত উল্লেখিত স্হানৰ পৰা ৰাতিপুৱা 5 বজাত, 7 বজাত, 9 বজাত, 11 বজাত, 1 বজাত, 3 বজাত, 5 বজাত আৰু সন্ধিয়া  7 বজালৈ চলা...

সীমাহীন আহুকালৰ মাজত কৃষ্ণাইৰ কোন্টেইনমেন্ট জ’নৰ বাসিন্দা

Image
ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ আহ্বান জিলা প্ৰশাসনক ----------- গোৱালপাৰা জিলাৰ কৃষ্ণাইত দুলাল সাহা নামৰ ক্ষুদ্ৰ ব্যৱসায়ী লোক এজন মহামাৰী ক’ভিড ১৯ ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ আশুডুবি অঞ্চলটোক কোন্টেইনমেন্ট জ’নলৈ ৰূপান্তৰিত কৰা হৈছে ৷ বিগত ১৩ জুনত কৃষ্ণাই আশুডুবি নিবাসী দুলাল সাহাৰ দেহত ক’ভিড ১৯ ধৰা পৰাৰ পিছতে জিলা প্ৰশাসনে আশুডুবিকে ধৰি এক বৃহৎ অঞ্চলক কোন্টেইনমেন্ট জ’ন ৰূপে ঘোষণা কৰে ৷ কোন্টেইনমেন্ট জ’নৰ সীমা নিৰ্দ্ধাৰণ কৰা হয় উত্তৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দক্ষিণে আশুডুবি বেতবাৰী পইন্টলৈ আৰু পূৱে কৃষ্ণাই নৈৰ পৰা পশ্চিমেে কৃষ্ণাই কৃষি পাম পৰ্যন্ত ৷ সেই অনুসৰি ১৪ জুনৰ দুপৰীয়া স্থানীয় আৰক্ষী প্ৰশাসনে আশুডুবি সংলগ্ন আটাইবোৰ পথেই বাঁহ বান্ধি যাতায়াত বন্ধ কৰি দিয়ে ৷ পৰৱৰ্তী সময়ত দুলাল সাহা কৰোণা মুক্ত বুলি ঘোষিত হয় যদিও স্বাস্থ্য বিভাগৰ নিয়ম অনুসৰি আশুডুবি আজি ১৬ দিনে কোন্টেইনমেন্ট জ’ন ৰূপে বাহাল আছে ৷ যাৰ ফলত বিশেষকৈ অঞ্চলটোৰ শ্ৰমজীৱী লোক সকলৰ দৈনন্দিন জীৱন যাত্ৰা যথেষ্ট কষ্টসাধ্য হৈ পৰিছে ৷ গৃহবন্দী স্বৰূপ পৰিৱেশৰ ফলত অঞ্চলটোৰ খাটি খোৱা লোক সকল দুবেলা দুমুঠি খোৱাৰ বাবেও উ...

জামুগুৰিহাটত পুনৰ তিনি জনৰ দেহত ক'ভিড-১৯

Image
ফাৰ্ষ্ট নিউজ, জামুগুৰিহাট, ২৮ জুন:- জামুগুৰিহাটত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে কৰ'না আক্ৰান্তৰ সংখ্যা ।আজি পুনৰ তিনি গৰাকীৰ দেহত কৰ'না ভাইৰাচৰ উপস্থিতি ধৰা পৰিছে ।স্বাস্থ্য বিভাগৰ ফালৰ পৰা  বিয়লিৰ ভাগত প্ৰকাশ কৰা তথ্য অনুসৰি নতুনকৈ ক'ভিড-১৯ পজিতিভত আক্ৰান্ত তিনি গৰাকী হৈছে জামুগুৰিহাটৰ কুসুমটোলাৰ নিকটৱৰ্ত্তী পিঠাগুৰি দৌলৰ সুনীতা দেৱী(২০) চুনু দাস(২০)আৰু কমলেশ কুমাৰ । যোৱা ২৫ জুনত এই তিনিও গৰাকী পশ্চিমবঙ্গৰ শিলিগুৰিৰ পৰা আহি কুসুমটোলাৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ কোৱাৰেন্টীন শিবিৰত ভৰ্তি হৈ আছিল ।অৱশ্যে তিনিও গৰাকীকে কোৱাৰেন্টীন শিবিৰত ভৰ্তি কৰোৱাৰ পূৰ্বে তেজপুৰ বিশ্ববিদ্যালত থকা 'জনেল হেল্থ স্কিনিং ' চেন্টাৰত স্বাব পৰীক্ষা কৰা হৈছিল ।আজি বিয়লিৰ ভাগত প্ৰকাশ কৰা স্বাব পৰীক্ষাৰ ফলাফলত এই তিনিও গৰাকীৰ দেহত ক'ভিড-১৯ ৰ উপস্থিতি ধৰা পৰে।ক'ৰনাত আক্ৰান্ত বুলি চিনাক্ত হোৱাৰ পাছতে তিনিওকে তেজপুৰ প'ৰৱাস্হিত ক'ভিড কেয়াৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।আজি তিনি গৰাকীৰ দেহত নতুনকৈ ক'ভিড-১৯ ৰ উপস্থিতি ধৰা পৰাৰ পাছত চতিয়া সমষ্টিৰ বৰ্তমানলৈকে ক'ৰনাত আ...

বানৰ কবলত ভৱানীপুৰ সমষ্টিবাসী ৰাইজ

Image
সঞ্জীৱ দাস, ভৱানীপুৰ, ২৮ জুনঃ গোটেই অসমতে সংহাৰী ৰূপ ধাৰণ কৰা বানে ভৱানীপুৰ সমষ্টিকো এৰা নাই। ভৱানীপুৰ বিধানসভা সমষ্টিৰ মাজেৰে বৈ যোৱা পহুমাৰা আৰু পল্লা নদীৰ বাঢ়নী পানীয়ে সৃষ্টি কৰিছে বৃহত্তৰ সৰুপেটা ৰাজহ চক্ৰ এলেকাত প্ৰলয়কাৰী বান। উল্লেখ্য যে, সৰুপেটা ৰাজহ চক্ৰ এলেকাত পহুমাৰা আৰু পল্লা নদীৰ জৰিয়তে বানৰ তাণ্ডৱ চলাৰ লগতে পল্লা নদী আৰু ৰূপহী নদীৰ বাঢ়নী পানীয়ে বৃহত্তৰ শালবাৰী, ৰূপহী, আনন্দবজাৰ আদি অঞ্চলত ভয়াবহ বানৰ সৃষ্টি কৰিছে। পহুমাৰা নদীৰ বাঢ়নী পানীয়ে মথাউৰি বিচ্ছিন্ন কৰি পুঠিমাৰী, শিঙিমাৰী, হাঠিনাপুৰ, দলোৰ পাথাৰ, চাউলীয়াবৰী, সানিকুৰা, বাটুৱা, ৰহমত বজাৰ, বৰবৰী, কদমতলা ডেনাৰটাৰী, তালতল, কহৰা, কুৰোবাহা, কুৰোবাহা পথাৰ, কহৰা পথাৰ, বাংলীপাৰা, কুছিয়াঝাৰ, কাৰাগাৰী, নকুছি, নকুছিপাথাৰ, মাধৱপুৰ, অটা, দাইৰাবাৰী, তাৰিমূৰ, ধুমাৰকুৰ, কাটলা, কাটলা পাথাৰ, ৰাজাঘাট, দক্ষিণহাটী, দঙাৰপাৰ, পূৱহাটী, আদি গাঁওসমূহৰ ঘৰ-দুৱাৰ, ৰাস্তাঘাট বুৰাই পেলাইছে। অঞ্চলটোৰ কেবাস্থানতো পথ বিচ্ছিন্ন কৰি পেলাইছে। ইফালে, পল্লা নদীৰ জৰিয়তে সৃষ্টি হোৱা বানত বুৰ গৈছে শুকমানাহ, গলিয়া, নমাটি, হৰিপুৰ, আনন্দপুৰ, ধুপালপাৰা,...

গুৰুজনাৰ ওপজা ভূমিত সহস্ৰাধিক কফি গছৰ পুলি ৰোপন

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ জুনঃ গুৰুজনাৰ পবিত্ৰ ওপজা ভূমি নগাঁও জিলাৰ বটদ্ৰৱা শলগুৰি সত্ৰৰ শিল্পী তথা প্ৰকৃতিপ্ৰেমী ব্যক্তি দীপেন বৰুৱাৰ উদ্যোগত বটদ্ৰৱাৰ মুকলি গাঁৱৰ পৰা কীৰ্তন ঘৰ সংযোগী পথ আৰু দৌল মন্দিৰ সংযোগী পথৰ দুয়োকাষে সহস্ৰাধিক কফি গছৰ পুলি ৰোপন কাৰ্যসূচী সম্পন্ন কৰা হয় । ৰাইজৰ মাজত দীপালী বুলি খ্যাত এই ব্যক্তিগৰাকীয়ে পৰীক্ষামূলক ভাৱে নিজৰ ঘৰতে কফি গছৰ খেতি কৰি সফল হোৱাত গুৰুজনাৰ জন্মভূমিৰ জলবায়ু কফি খেতিৰ বাবে অনুকুল বুলি প্ৰমান পোৱাৰ পিছতেই এই পৰিকল্পনা কৰে প্ৰকৃতিপ্ৰেমী এই লোকজনে ৷ এই মৰ্মে, বটদ্ৰৱা থান দৰ্শনৰ বাবে অহা তীৰ্থযাত্রী, পৰ্যটকৰ আকৰ্ষণৰ বাবে গুৰুজনাৰ জন্মভূমিক সেউজী কৰি তোলাৰ লক্ষ্যৰে দেওঁবাৰে পুৱাৰে পৰা মুকলি গাঁৱৰ ৰানা বৰুৱা, তপন বৰুৱা, মৃগাংক মহন্ত, অনুজ বৰুৱা, প্ৰাঞ্জল বৰুৱা, নৱজ্যোতি খাটনিয়াৰকে প্ৰমুখ্য কৰি কেইবাগৰাকী লোকৰ সহযোগত এই গছ পুলি ৰোপন কাৰ্যসূচী সম্পন্ন কৰা হয় । ইফালে, এই বৃক্ষৰোপন কাৰ্যসূচীৰ মাজতে সাংবাদিকৰ লগত হোৱা কথোপকথনত দীপেন বৰুৱাই পৰবৰ্তী সময়ত বটদ্ৰৱা সংযোগী অন্য পথ সমূহতো কফি গছৰ পুলি ৰোপন কৰি বটদ্ৰৱাক সেউজী বনানীকৰণ কৰাৰ সংকল্প...

নগাঁৱৰ বিভিন্ন শিক্ষানুষ্ঠানত দীৰ্ঘদিনে খালি হৈ আছে উচ্চতৰ মাধ্যমিকৰ শতাধিক শিক্ষকৰ পদ

Image
শিক্ষক নোহোৱাকৈ উচ্চতৰ মাধ্যমিকত বহু বিদ্যালয়ৰ উন্নত ফলাফল≈≈কেইবাখনৰো উত্তীৰ্ণৰ হাৰ এশ শতাংশ# নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ জুনঃ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত দেখা গ’ল পূৰ্বৰ দৰেই ৰাজ্যৰ ভিতৰত প্ৰথম দহটা স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ ভিতৰত অধিকাংশতে বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ দপদপনি । সেয়ে পুনৰবাৰ সমালোচনাৰ সন্মুখীন হৈছে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান সমূহ । কিন্তু বাস্তৱ ক্ষেত্ৰত চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ শিক্ষাৰ মানদণ্ড ইমান নিম্নগামী হোৱা নাই ৷ ৰাজ্যৰ ভিতৰত প্ৰথম দহটাৰ ভিতৰত স্থান লাভ কৰিব নোৱাৰিলেও উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বহু চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানে আশানুৰূপ ফলাফলেই প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ অন্যতম উদাহৰণ হিচাপে নগাঁও জিলাৰ কথাকে ক’ব পাৰি ৷ কিয়নো, ৰাজ্যৰ ভিতৰত স্থান লাভ নকৰিলেও কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত এই জিলাখনৰ বহুকেইখন শিক্ষানুষ্ঠানে আভ্যন্তৰিণ নানা সমস্যাৰ মাজতো যথেষ্ট উন্নত ফলাফল দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ জানিব পৰা মতে, জিলাখনৰ এনে বহু বিদ্যালয় ঘাইকৈ বিভিন্ন বিষয়ৰ শিক্ষক নোহোৱাকৈয়ে চলি আছে । তদুপৰি ...

শিৱসাগৰ নগৰৰ গোহাঁইচুক ঘোষণা জিলা স্বাস্থ্য বিভাগৰ

Image
ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ ,২৮ জুন : শিৱসাগৰ নগৰৰ গোহাঁইচুকৰ সূৰ্যলতা গগৈ (৫৮) বছৰীয়া এগৰাকী বৃদ্ধ মহিলা যোৱা নিশা  Covid পজিটিভ পোৱা গৈছে বুলি স্বাস্থ্য বিভাগৰ তৰফে জানিব পৰা যায় ৷  ২২ জুনত তেখেতৰ স্বাৱ চেম্পল লোৱা হৈছিল পৰীক্ষাৰ বাবে ৷ তেখেত বয়সস্থ হোৱাৰ বাবে ঘৰতেই  কুৱাৰেনটাইন কৰা হৈছিল ৷ দিল্লীত থকা পুতেকৰ লগত আছিল | ভয় নাখাব  তেখেত দিল্লীৰ  পৰা আহিছিল | দিল্লীৰ পৰা অহাৰ পিছত বৃদ্ধ হোৱাৰ বাবে ঘৰতেই কুৱাৰেনটাইন কৰিছিল ৷ যোৱা নিশা তেখেতৰ স্বাৱ পৰীক্ষাৰ ফলাফলত Covid পজিটিভ পোৱাত  তেখেতক যোৱা নিশাই চিকিৎসালয়লৈ নিয়া হয় ৷ আনহাতে শিৱসাগৰ জিলা প্ৰশাসন আৰু স্বাস্থ্য  বিভাগে অঞ্চলটোৰ সকলো লোকৰে স্বাৱ টেষ্ট কৰাৰ লগতে  তেখেতৰ বাসগৃহ আৰু অঞ্চলটোকে কনটেইনমেন্ট স্থান হিচাপে ঘোষণা  কৰি সতৰ্কতাৰে সজাগ কৰা হয়।

সপ্তাহিক লকডাউনে স্তব্ধ কৰিলে শিৱসাগৰ নগৰ

Image
 ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২৮  জুন : বর্তমান ৰাজ্যত লকডাউন কিছু শিথিল অৱস্থাই ৰাইজৰ মাজত কণমান সকাহ দিছিল যদিও বৰ্তমান সপ্তাহিক লকডাউনে শনিবাৰ আৰু দেওবাৰৰ চলিত লকডাউনত স্তব্ধ শিৱসাগৰ | পূর্বৰ প্রথম, দ্বিতীয় , তৃতীয় , চতুৰ্থ আদি পৰ্যায়সমুহতকৈ সপ্তাহিক লকডাউনত বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠনৰ লগতে শিৱসাগৰীয়াই সম্পুৰ্ণৰূপে মানি চলা দেখা গল লকডাউন । জনশূণ্য হৈ পৰিল নগৰখন শনিবাৰ দেওঁবাৰৰ এই লকডাউনত | চৰকাৰৰ স্বাস্থ্য বিভাগে দিয়া নিৰ্দেশৰ প্ৰতি সমৰ্থন আগবঢ়ায়েই যেন কোনো বাহিৰ নোলোৱাকৈ পালন কৰিছে লকডাউন | মাহ মাহ ধৰি লকডাউনৰ মুখামুখি হৈ বিভিন্ন আহুকালক প্ৰতিহত কৰি দিননীয়াব পাৰিল যেতীয়া সপ্তাহিক লকডাউনকো হেলাৰঙে পাৰ কৰি যাব বুলি দৃঢ় হৈ চৰকাৰক মহামাৰি লগতে বানে সৃষ্টি কৰিব পৰা সমস্যাক বিশেষভাৱে গুৰুত্ব আৰোপ কৰি শীঘ্ৰে যি কোনো সুব্যৱস্থা গ্ৰহণ কৰি লকডাউনে জুৰুলা কৰা তথা বানৰ মুখামুখিৰে যুদ্ধ কৰিব লগা এই পৰিয়াল সমুহক ৰক্ষ্যণাবেক্ষন প্ৰদান  কৰিবলৈ শিৱসাগৰৰ সচেতন নাগৰিক সকলে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে  । শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

সম্পূৰ্ণ সফল লকডাউনৰ লগতে গোলাঘাটত চেনিটাইজেশ্যন

Image
গোলাঘাট  ২৮ জুন  :---ৰাজ্যজুৰি দিয়া  দুদিনীয়া লকডাউনৰ সম্পূৰ্ণ প্ৰভাৱ পৰিল গোলাঘাট চহৰত। গণ সংক্ৰমণৰ আতংকত ত্ৰস্তমান চহৰবাসীয়ে ৰাজ্য চৰকাৰৰ নিৰ্দেশনা সম্পূৰ্ণ পালন কৰি প্ৰশাসনক কৰা সহযোগত কালিৰ পৰা আজি এই দুটা দিন চহৰখন  সম্পূৰ্ণ নিস্তব্ধ হৈ পৰা দেখা গ'ল। বন্ধ হৈ পৰা চহৰখনত এইচেগতে জিলা প্ৰশাসন আৰু গোলাঘাট পৌৰসভাই অগ্নি নিৰ্ব্বাপক বাহিনীৰ সহযোগত সমগ্ৰ চহথখনত  চেনিটাইজেশ্যন কৰাও দেখা গ'ল। ইতিমধ্যে গুৱাহাটীৰ পিছতে গোলাঘাটত ক'ভিড ৰোগীয়ে দ্বিতীয় স্থান লাভ কৰিছে। গণ সংক্ৰমণ ৰ চৰম ভাবুকি কঢ়িয়াই অনা চহৰখনত গোলাঘাটবাসীৰ এনে সহযোগে ক'ৰনা প্ৰতিৰোধৰ ক্ষেত্ৰত  কিছু  প্ৰভাৱ পেলাব বুলি ব্যক্ত কৰে জিলা প্ৰশাসনে । কালিৰ লৈকে জিলাখনত ক'ভিড ৰোগীয়ে ১২১ ঘৰত প্ৰৱেশ কৰাৰ লগতে ১৬ জনে অব্যাহতি লাভ কৰিছে । ইয়াৰে এজন যোৰহাট মেডিকেল কলেজৰ পৰা অব্যাহতি পাইছে।

বঙাইগাঁৱত আই নদীৰ বান গৰাখহনীয়াঃ সৃজনগ্ৰাম ৰাজহ চক্রৰ কেবাটাও পৰিয়ালৰ ভেটি উছন

Image
বঙাইগাঁওঃ ২৭ জুনঃ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত সৃজনগ্ৰাম ৰাজহ চক্র এলেকাত আই নদীৰ বাঢ়নী পানীয়ে কাছাৰিপেটি, নাৰাৰভিটা, সন্তোষপুৰ, ডুমেৰগুৰি,টোপগাঁও আদিকে ধৰি দহখন গাঁৱৰ ঠাই বিশেষে বাঢ়নী পানীয়ে জলমগ্ন কৰিছে। সেইদৰে আই নদীৰ বাঢ়নী পানীৰ সোঁতে ঠাইয়ে ঠাইয়ে সৃষ্টি কৰিছে গৰাখহনীয়াৰ। প্ৰাপ্ত বাতৰি মতে আই নদীৰ বাঢ়নী পানীয়ে সৃজনগ্ৰাম ৰাজহ চক্রৰ কাছাৰিপেটি দ্বিতীয় খণ্ডৰ আব্দুল আৱাল,আজিম উদ্দিন, ছাইফুল ইছলাম, আব্দুল মান্নানৰ দুটা পৰিয়ালৰ ভেটি মাটি খহনীয়াই উছন কৰিছে। লগতে নদীৰ খহনীয়াত আন ছটা পৰিয়ালৰ গৃহ জাহ যোৱাৰ উপক্রম হৈছে। আনহাতে মেৰেৰচৰ গাঁও পঞ্চায়ত এলেকাতো আই নদীৰ খহনীয়া আৰম্ভ হৈছে। মূৰৰ ঘাম মাটিত পেলাই ধান, মৰাপাট আদি খেতি কৰা কৃষকৰ আবাদী মাটি নদীত জাহ যোৱাৰ উপক্রম হৈছে।

নলবাৰীৰ ঘগ্ৰাপাৰত তিনি যুৱকৰ দেহত কভিড-১৯ পজিটিভ- ঘৰতে থকা স্বাস্থ্য কৰ্মী-এ এন এমৰ পুত্ৰৰ দেহত কভিড-১৯ পজিটিভ

Image
ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৭ জুন*  নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তিনিখন গাঁৱৰ তিনিজন যুৱকৰ দেহত কভিড-১৯ পজিটিভ ধৰা পৰাৰ লগে লগে বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলত তীব্ৰ আতংকই বিৰাজ কৰিছে ৷ জানিব পৰা খবৰমতে ঘগ্ৰাপাৰ বাঘমাৰা কুৰুৱৰী চুবুৰী নিবাসী স্বাস্থ্যকৰ্মী অতুল দাস আৰু এ এন এম অনিমা দাসৰ পুত্ৰ জালুকবাৰী  ইঞ্জিনিয়াৰিং কলেজৰ পৰা স্নাতক ডিগ্ৰী লৈ যোৱা মাৰ্চ মাহৰ পৰা ঘৰতে আছিল  অলকেশ দাস(২৩)। উল্লেখ্য যে যোৱা ২৩ জুনত ঘগ্ৰাপাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এটি চিকিৎসাকৰ্মীৰ দলে স্বাস্থ্যকৰ্মী অতুল দাস আৰু এ এন এম অনিমা দাসৰ ছোৱাব সংগ্ৰহ কৰাৰ উপৰিও অলকেশৰো ছোৱাব সংগ্ৰহ কৰি গুৱাহাটীলৈ পঠাইছিল। আজি পুৱা পোৱা খবৰমতে অলকেশ দাস ক'ভিড-১৯ পজিটিভত আক্ৰান্ত হৈছে। লগে লগে জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীৰ নিৰ্দেশত ক'ভিড-১৯ জিলা চাৰ্ভিলেঞ্চ বিষয়া ডা৹ সুৰেন্দ্ৰ মজুমদাৰে ১০৮ সেৱাৰে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ ক'ভিড-১৯ চিকিৎসালয়ত ভৰ্তি কৰায়। আনহাতে অতুল দাসৰ পৰিয়ালটোক হোম কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। অতুল দাস আৰু অনিমা দা...

জামুগুৰিহাটৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক প্ৰফুল্ল হাজৰিকাৰ মৃত্যু

Image
জামুগুৰিহাটত শোক৷ ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট: ২৭ জুন : জামুগুৰিহাটৰ অন্তৰ্গত মুঢ়াদল গাঁও নিবাসী তথা উত্তৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক প্ৰফুল্ল হাজৰিকাৰ অাজি পুৱা পৰলোক প্ৰাপ্তি ঘটে।মৃত্যুৰ সময়ত হাজৰিকাৰ বয়স আছিল ৭২ বছৰ।কোনো ধৰণৰ বিশেষ শাৰীৰিক অসুস্থতা নাছিল যদিও যোৱা কালি হঠাৎ হৃদৰোগত অাক্ৰান্ত হোৱাত পৰিয়ালৰ লোকে তেজপুৰস্থিত ইএমএম হস্পিটালত ভৰ্তি কৰাই যদিও অাজি পুৱতি নিশা প্ৰায় ৩-৩০ বজাত চিকিৎসালয়খনতে মৃত্যুক আঁকোৱালি লয় হাজৰিকাই।উল্লেখ্য যে কৃতি শিক্ষকগৰাকীয়ে ধলাইবিলস্থিত উত্তৰ জামুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়তে অধ্যয়ন কৰি প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ১৯৭৮ চনত নিজে অধ্যয়ন কৰা বিদ্যালয়খনতে সহকাৰী শিক্ষক হিচাপে চাকৰি জীৱন অাৰম্ভ কৰি ২০০৭ বৰ্ষত একেখন বিদ্যালয়ৰ পৰাই অৱসৰ গ্ৰহন কৰিছিল।অতিকৈ অমায়িক অাৰু এজন অাৰ্দশৱান কৃতী শিক্ষক হিচাপে পৰিচিত হাজৰিকা অাছিল সুদক্ষ অভিনেতা,চিত্ৰশিল্পী আৰু সমাজ সংগঠকো৷নদুৱাৰ জাতীয় বিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ,শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একান্ত সঙ্গী আৰু ইতিবাচক চিন্তাৰে সমাজক সন্মুখৰ পৰা নেতৃত্ব দি অহা হাজৰিকা বিজ...

ভূগোল বিষয়ত সৰ্ব্বোচ্চ নম্বৰ লাভ জামুগুৰিহাটৰ দিব্যাশ্ৰীৰ

Image
ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২৭ জুন জামুগুৰিহাটৰ বামুণবাৰী গাৱঁৰ ছাত্ৰী দিব্যাশ্ৰী দেৱীয়ে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ ভিতৰতে ভূগোল বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজত অধ্যয়নসহ ছাত্ৰী দিব্যাশ্ৰীয়ে ইংৰাজীত ৮৮,ঐচ্ছিক বিষয়ত ৮০,ভূগোলত ৯৯,সমাজ বিজ্ঞানত ৯৫,শিক্ষাতত্বত ৯৮ আৰু ৰাজনীতি বিজ্ঞানত ৮৪ নম্বৰৰে আটাইকেইটা বিষয়ত লেটাৰসহ ৯২ শতাংশ নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে৷সফলতাৰে উৰ্ত্তীৰ্ণ হৈ সমগ্র অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা দিব্যাশ্ৰীৰ এই সফলতাৰ বাবে বিভিন্ন দল সংগঠণে অভিনন্দন জ্ঞাপন কৰিছে৷দিব্যাশ্ৰী দেৱী বামুণবাৰী গাঁৱৰ  পদ্ম নাথ আৰু কাঞ্চন দেৱীৰ সুযোগ্যা সন্তান।জোন বৰা,জামুগুৰিহাট।

কুৰি বছৰে নিৰ্মাণ নহ’ল বৰপানী নৈৰ মথাউৰি≈≈শংকিত অঞ্চলবাসী

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৭ জুনঃ বিগত তিনিদিন ধৰি পৰি থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ নৈ সমূহৰ পানী ফেনে-ফোটোকাৰে বাঢ়ি অহাত ৰাজ্যৰ কেইবাখনো জিলা বানৰ কৱলত পৰিছে ৷ ফলত কেইবাখনো জিলাৰ বিস্তৰ ক্ষতিসাধন হৈছে ৷ ঘৰ-দুৱাৰ হেৰাই গৃহহীন হৈছে বহু পৰিয়াল ৷ ইয়াৰ সমান্তৰালকৈ ঠায়ে ঠায়ে চলিছে গৰাখহনীৰ তাণ্ডৱ ৷ তদ্ৰুপ বৰ্তমান গৰাখহনীয়াৰ কৱলত পৰিছে নগাঁও জিলাৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ ৰহা বিধানসভা সমষ্টিৰ বহু গাঁও ৷ জানিব পৰা মতে, সমষ্টিটোৰ লংজাপ মাজগাঁৱত থকা বৰপানী নৈৰ মাথাউৰিটো বিগত কুৰি বছৰে নিৰ্মাণ নকৰাত এতিয়া স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে ৷ ৰাইজে মথাউৰিটো নিৰ্মাণৰ লগতে খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে ব্যস্থা গ্ৰহন কৰিব বুলি বাট চাই থাকোতেই বিশটা বছৰ পাৰ হৈ গ’ল ৷ কিন্তু কোনো চৰকাৰৰে মন্ত্ৰী-বিধায়কে আজিকোপতি এই মথাউৰিটো মেৰামতি কিম্বা নিৰ্মাণৰ কোনো ব্যৱস্থা গ্ৰহন নকৰিলে ৷ আচলতে বৰপানী নৈৰ বাঢ়নী পানীক ভেটিবৰ বাবে এই মথাউৰিটো নিৰ্মাণ কৰা হৈছিল যদিও কুৰি বছৰ পূৰ্বে বৰপানী নৈৰ প্ৰবল সোঁতত এইটো উটি গৈছিল । দুখৰ বিষয় যে, স্থানীয় ৰাইজে বছৰৰ পিছত বছৰ ধৰি মথাউৰিটো নিৰ্মাণৰ বাবে বহু কাকুতি-মনতি কৰ...

ভৱানীপুৰৰ যুৱক ক'ভিড-১৯ ত আক্ৰান্ত

Image
"আতংকিত ভৱানীপুৰ ৰাইজ" সঞ্জীৱ দাস, ভৱানীপুৰ, ২৭ জুনঃ শুক্ৰবাৰে ভৱানীপুৰত এজন যুৱকৰ দেহত ক'ভিড-১৯ প'জিটিভ ধৰা পৰাৰ পিছতেই সমগ্ৰ ভৱানীপুৰ অঞ্চলৰ জনমানসত আতংকৰ সৃষ্টি হৈছে আৰু এই ক'ভিড-১৯ ত আক্ৰান্ত যুৱকগৰাকী হৈছে ভৱানীপুৰৰ ডেকাপাৰা গাঁৱৰ মিণ্টু ডেকা(৩২)। ভৱানীপুৰ সামূহিক স্বাস্থ্য কেন্দ্ৰ কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে, গুৱাহাটীৰ এখন ফাৰ্মাচীত কৰ্মৰত অৱস্থাত যোৱা ২০ জুনত এই যুৱকজনৰ দেহৰ পৰা শ্বাব সংগ্ৰহ কৰিছিল স্বাস্থ্য বিভাগে। মিণ্টু ডেকাৰ দেহৰ পৰা স্বাস্থ্য বিভাগে শ্বাব সংগ্ৰহ কৰাৰ পিছত যুৱকজনে  ভৱানীপুৰৰ ডেকাপাৰা গাঁৱৰ নিজ বাসগৃহত আহি আছিল। কালি শ্বাব পৰীক্ষাৰ অন্ততঃ মিণ্টু ডেকাৰ দেহত ক'ভিড-১৯ প'জিটিভ ধৰা পৰে আৰু লগে-লগে ক'ভিড-১৯ ত আক্ৰান্ত মিণ্টু ডেকাক স্বাস্থ্য বিভাগে বৰপেটাৰ ফখৰউদ্দিন আলী আহমদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে।

বেবেজীয়াত মেট্ৰিক-উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনাঃ

Image
শিক্ষা হৈছে জাতিৰ মেৰুদণ্ড স্বৰূপ--বিধায়ক ৰূপক শৰ্মা  নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৭ জুনঃ নগাঁও জিলাৰ বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়তৰ এলেকাধীন বেবেজীয়া ভোগেশ্বৰ হাজৰিকা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, জামুগুৰি মনবৰ নাথ মজলীয়া বিদ্যালয় আৰু বিৰহ বেবেজীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত শুকুৰবাৰে পঞ্চায়তটোৰ উদ্যোগত তিনিখনকৈ সম্বৰ্ধনা সভা সামাজিক ব্যৱধান ৰক্ষা কৰি অনুষ্ঠিত কৰা৷হয় ৷ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ সকলো ছাত্ৰ-ছাত্ৰীক উৎসাহ আৰু প্ৰেৰণা যুগুৱাৰ অৰ্থে আয়োজিত এই সভাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকি উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক আশীষ প্ৰদান কৰাৰ লগতে একোখনকৈ মানপত্ৰ, গ্ৰন্থ আৰু কলমেৰে অভিনন্দন জনায় ৷ ভাষণ প্ৰসংগত বিধায়ক শৰ্মাই শিক্ষা জাতিৰ মেৰুদণ্ড বুলি উল্লেখ কৰি কয় যে--ছাত্ৰ-ছাত্ৰীসকলে সুশিক্ষাৰে শিক্ষিত হৈ সমাজলৈ এনে অৱদান আগবঢ়াই যাবলৈ চেষ্টা কৰিবা যাতে সমাজে সদায় তেওঁলোকৰ মনত ৰাখে ৷ বৰ্তমান নগাঁও খন শৈক্ষিক প্ৰাণকেন্দ্ৰলৈ উত্তৰণ ঘটাৰ এনে আনন্দপূৰ্ণ সময়ত আমি ক’ব পৰা হৈছোঁ যে পূৰ্বৰ চৰকাৰৰ দিনত এম এল এ, মন্ত্ৰীৰ লগ...

গোলাঘাটত শিক্ষিত নিৱনুৱা যুৱকৰ স্বাৱলম্বীতাৰ উৎকৃষ্ট নিৰ্দশন

Image
গোলাঘাট, ২৭ জুন :---- "কৰ্ম ই ধৰ্ম " এই বাক্যশাৰী সাৰোগত কৰি শিক্ষিত হৈও  চাকৰি মুখী নহৈ কৰ্ম সংস্কৃতিৰে স্বাৱলম্বী হ'ব খুজিছে গোলাঘাট খুমটাইৰ এজন কম বয়সীয়া যুৱক লোকেন তামূলী।  বহুজন নিৱনুৱা যুৱককো সামৰি লোৱা  লোকেন তামূলীক    সহযোগ কৰিছে তেওঁৰ একান্ত বন্ধুবৰ্গ উপেন শইকীয়া , দিগন্ত শইকীয়া , প্ৰাঞ্জল গগৈ ,সীমান্ত বৰা আদি কেইবাজনো বন্ধুয়ে।  কৰ্মসংস্কৃতিৰ যোগেদি আয়ৰ পথ বিচাৰি গঠন কৰিলে " সুৰুজমুখী " নামেৰে এটা সৰু  প্ৰতিষ্ঠানৰ।   ২০১৯ চনত গঠন হোৱা এই প্ৰতিষ্ঠান ৰ যোগেদি ইতিমধ্যে গোলাঘাটৰ বিভিন্ন অঞ্চলৰ বিভিন্ন জনৰ ঘৰত জংঘল পৰিষ্কাৰ কৰা , নলা -নৰ্দমা পৰিষ্কাৰ কৰা ,ঘৰ ৰং কৰা, পানীৰ পাইপ সংযোগ কৰা, বিদ্যুৎ সংযোগ কৰা, টাইলচ্ লগোৱা , শৌচাগাৰ আৰু টেংকি পৰিষ্কাৰ কৰা, চি চি টি ভি সংযোগ কৰা আদি কামেৰে  প্ৰতিষ্ঠানটিৰ লগতে নিজৰো এক সুকীয়া চিনাকি দিবলৈ সক্ষম হৈছে। অতি কম মূল্যতে কৰা এই প্ৰতিষ্ঠানৰ মূল আদৰ্শ হৈছে "বিশ্বাসযোগ্যতা" । যিটো সময়ত অসমৰ নিৱনুৱা যুৱক  চাকৰি বিচাৰি বহি: ৰাজ্যলৈ গমন কৰে সেই সময়ত শিক্ষিত হৈও এওঁলোকে চাকৰি ন...

বোকাখাতৰ প্ৰবীন সাংবাদিক , শিক্ষাবিদ ভৱেশ শইকীয়ালৈ সদৌ অসম মইনা পাৰিজাতৰ শিশুবন্ধু উপাধি

Image
পলিমা চেতিয়া বসুমতাৰী ,বোকাখাত : ২৭ জুন :  শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশ ৰ লগতে মইনা পাৰিজাতৰ  প্রসাৰ আৰু প্রচাৰৰ বাবে আগবঢ়াই অহা অৱদানৰ বাবে সদৌ অসম মইনা পাৰিজাতে ২০১৯ বর্ষৰ বাবে আগবঢােৱা উপাধি প্রাপক সকলৰ নাম আজি ঘোষণা কৰিছে ৷ সংঘঠনটোৰ ৬৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি ৰাজ্য বিভিন্ন জনলৈ আগবঢ়োৱা শিশু মহীয়ান আৰু শিশুবন্ধু উপাধি ৰ তালিকা ঘোষণা কৰিছে সংগঠনটোয়ে ৷ ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে বোকাখাতৰ জেষ্ঠ নাগৰিক আৰু প্ৰৱীন সাংবাদিক ভৱেশ শইকীয়ালৈয়ো সদৌ অসম মইনা পাৰিজাতে ২০১৯ বৰ্ষৰ শিশুবন্ধু উপাধি আগবঢ়াইছে । ভৱেশ শইকীয়ালৈ আগবঢ়োৱা  এই স্বীকৃতিত বোকাখাত জিলা মইনা পাৰিজাতৰ লগতে বোকাখাতবাসীও  অতিশয় সুখী আৰু আনন্দিত হৈছে । বিভিন্ন দল সংগঠনৰ লগতে বোকাখাত জিলা মইনা পাৰিজাতেওঁ ভৱেশ শইকীয়ালৈ আভিনন্দন জ্ঞাপন কৰিছে ।  ১৯৫৫ চনতেই প্ৰতিষ্ঠা হোৱা বোকাখাত মইনা পাৰিজাতৰ জন্ম লগ্নৰে পৰাই জড়িত ভৱেশ শইকীয়াই বিগত চাৰিটা দশকেই সংগঠনটোৰ সৈতে জড়িত হৈ বোকাখাত মইনা পাৰিজাতৰ স্থায়ীগৃহ আৰু বোকাখাতৰ শিশুগৃহ প্ৰতিষ্ঠা কৰিছিল ৷ এই শিশুগৃহই পাচলৈ বোকাখাতৰ অনাথ আশ...

বেবেজীয়া জুনিয়ৰ কলেজৰ সাফল্যত উৎফুল্লিত অঞ্চলবাসী

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৬ জুনঃ নগাঁও জিলাৰ বেবেজীয়াৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান বেবেজীয়া জুনিয়ৰ কলেজে বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সন্তোষজনক ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱাত শিক্ষানুষ্ঠানখনৰ লগতে স্থানীয় ৰাইজৰ মাজত আনন্দৰ বন্যা বৈছে ৷ জানিব পৰা মতে, এইবাৰ শিক্ষানুষ্ঠানখনৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কলা শাখাত অৱতীৰ্ণ হোৱা সৰ্বমুঠ ১১১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১০৬ গৰাকীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ৷ উত্তীৰ্ণৰ হাৰ হৈছে ৯৫.৪৯ শতাংশ ৷ ঘোষিত ফলাফলত ৩৭ গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৷ ইয়াৰে ৬০-৭০ শতাংশ নম্বৰ পাই ২৬ গৰাকী, ৭০-৮০ শতাংশ নম্বৰ পাই ৭ গৰাকী আৰু ৮০-৯০ শতাংশ নম্বৰ পাই ৪ গৰাকীয়ে কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ তদুপৰি উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত ১৬ গৰাকীয়ে অসমীয়া, ১৩ গৰাকীয়ে তৰ্কশাস্ত্ৰ আৰু দৰ্শন, ১০ গৰাকীয়ে শিক্ষা, ৭ গৰাকীয়ে ভূগোল, ৪ গৰাকীয়ে ৰাজনীতি বিজ্ঞান আৰু ২ গৰাকীয়ে ইংৰাজী বিষয়ত লেটাৰ মাৰ্ক অৰ্জন কৰিবলৈ সমৰ্থ হৈছে ৷ কাজেই, শিক্ষানুষ্ঠানখনৰ এনে সফলতাত উৎফুল্লিত হৈ পৰা স্থানীয় ৰাইজ তথা অভিভাৱকসকলে অধ্যক্ষৰ লগতে সমূহ শিক্ষক...

বেবেজীয়াত ধৰ্মপৰায়ণ মহিলা কদমী দাসৰ বিয়োগ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৬ জুন : নগাঁও জিলাৰ বেবেজীয়াৰ অন্তৰ্গত টোকোলাই বেবেজীয়া নিবাসী সৰবৰহী ধৰ্মপৰায়ণ মহিলা কদমী দাসৰ আজি পুৱা প্ৰায় ৮ বজাত বাৰ্ধক্যজনিত কাৰনত নিজা বাসগৃহত দেহাৱসান ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯২ বছৰ । স্থানীয় অঞ্চলৰ বিভিন্ন সামাজিক আৰু ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত থকা কদমী দাস এগৰাকী সুনিপুন শিপিনী হিচাপে সকলোৰে মাজত বেছ সমাদৃত আছিল । অমায়িক, মৃদুভাষী আৰু সকলোৰে লগত সমানে মিলিব পৰা সৰল মনৰ অধিকাৰী মহিলা গৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত গভীৰ শোঁকৰ ছাঁ পৰিছে । তেওঁৰ মৃত্যুত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপণ কৰিছে । উল্লেখ্য, মহিলা গৰাকী নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক শ্যামন্ত দাসৰ মাতৃ । মৃত্যুৰ সময়ত তেওঁ ছয়জন পুত্ৰ, দুগৰাকী কন্যা,বোৱাৰী, নাতি-নাতিনীসহ বহু আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ যায় । ==================