সোণ, ৰূপ, ব্ৰঞ্জৰ পদকেৰে উজ্বলিল চাবুৱা কাৰাটে একাডেমিৰ

চাবুৱাঃ অসম কাৰাটে সন্থাৰ উদ্যোগত আৰু ছটকান কাৰাটে সন্থাৰ সৌজন্যত সদৌ অসম অনলাইন ই-কাটা কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি চাবুৱা কাৰাটে একাডেমিৰ খেলুৱৈ সকলে ৩টা সোণ, ১টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদক লাভ কৰি চাবুৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে৷ ডিব্ৰুগড় জিলাৰ কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক নিৰেণ ফুকনৰ তত্বাৱধানত প্ৰশিক্ষণ লৈছিল পদকপ্ৰাপ্ত খেলুৱৈ বৰুণ কুমাৰ দিহিঙ্গিয়া, হৰিপ্ৰিয়া দিহিঙ্গিয়া, কিম্পী বৰগোহাঁই, বিশাল গগৈ, দিশিতা গগৈ, পাহী গগৈ, বিশাল কোঁচ আৰু ৰাহুল শইকীয়াই৷ মঙ্গলবাৰে সদৌ অসম মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা যুগল বৰুৱা, ডিব্ৰুগড় জিলা সমিতিৰ সাংগঠনিক সম্পাদক হিৰকজ্যোতি বৰুৱা আৰু হাতীআলি আঞ্চলিক সমিতিৰ সভাপতি বেদান্ত বৰুৱাই কাৰাটে সন্থাৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক নিৰেণ ফুকনৰ বাসগৃহত উপস্থিত থাকি সামাজিক দূৰত্ব বজাই ৰাখি পদকপ্ৰাপ্ত খেলুৱৈ সকলক একোখনকৈ গ্ৰন্থ আৰু ফুলাম গামোছাৰে সম্বৰ্ধনা জনায়৷ উক্ত অনুষ্ঠানত চাবুৱা কাৰাটে একাডেমিৰ সভাপতি ক্ষিৰোদ দিহিঙ্গীয়া, সম্পাদিকা গিতিমণি বৰা গগৈৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা