ৰাভা দিৱস উপলক্ষে ৰাভা সংগীতৰে বিষ্ণু ৰাভাক সুঁৱৰিলে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অাৰোগ্য কামনাৰে বটদ্ৰৱাৰ নামঘৰত পাচশ এগছি বন্তি প্ৰজ্বলন বিধায়িকা গৰাকীৰ।
দেৱব্ৰত বৰা,জাজৰি: অসমৰ জন মানসত বিপ্লৱী গীতেৰে ৰাইজৰ সংগ্ৰামী শক্তি জাগ্ৰত কৰা বিষ্ণু ৰাভাৰ শণিবাৰে মৃত্যু তিথি উপলক্ষে বটদ্ৰৱাৰ বিধায়িকা অাঙুৰলতা ডেকাই কপাহেৰাত অনুষ্টুপীয়াকৈ বিঞ্চু ৰাভাক সুঁৱৰি তেখেতৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি জনোৱাৰ লগতে বন্তি প্ৰজ্বলন কৰি বিষ্ণু ৰাভাৰ এটি গীতৰ মাজেৰে মহান শিল্পী গৰাকৈ সশ্ৰদ্ধ প্ৰণিপাত জনাই। সেই অনুষ্ঠানতে ভাৰত-চীন সীমান্তত শ্বহীদ হোৱা সুৰক্ষা বাহিনীৰ শ্বহীদ জোঁৱানসকললৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰে। ইফালে অসমৰ দক্ষ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনাৰে কপাহেৰাৰ নামঘৰত অঞ্চলৰ মহিলাসকল অাৰু বিধায়িকা অাঙুৰলতা ডেকাই ৫০১ গছি বন্তি প্ৰজ্বলন কৰে। লগতে বিধায়িকা গৰাকীয়ে বটদ্ৰৱা সমষ্টিত ভালুকমাৰীৰ পৰা হেকুদাংবড়ি লৈ ১০ কোটী টকাৰ ব্যয় সাপেক্ষে নিৰ্মান হ'বলগীয়া পথটিৰ অাধাৰশিলাও স্থাপন কৰে ।
Comments
Post a Comment