কুৰি বছৰে নিৰ্মাণ নহ’ল বৰপানী নৈৰ মথাউৰি≈≈শংকিত অঞ্চলবাসী
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৭ জুনঃ বিগত তিনিদিন ধৰি পৰি থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ নৈ সমূহৰ পানী ফেনে-ফোটোকাৰে বাঢ়ি অহাত ৰাজ্যৰ কেইবাখনো জিলা বানৰ কৱলত পৰিছে ৷ ফলত কেইবাখনো জিলাৰ বিস্তৰ ক্ষতিসাধন হৈছে ৷ ঘৰ-দুৱাৰ হেৰাই গৃহহীন হৈছে বহু পৰিয়াল ৷ ইয়াৰ সমান্তৰালকৈ ঠায়ে ঠায়ে চলিছে গৰাখহনীৰ তাণ্ডৱ ৷ তদ্ৰুপ বৰ্তমান গৰাখহনীয়াৰ কৱলত পৰিছে নগাঁও জিলাৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ ৰহা বিধানসভা সমষ্টিৰ বহু গাঁও ৷ জানিব পৰা মতে, সমষ্টিটোৰ লংজাপ মাজগাঁৱত থকা বৰপানী নৈৰ মাথাউৰিটো বিগত কুৰি বছৰে নিৰ্মাণ নকৰাত এতিয়া স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে ৷ ৰাইজে মথাউৰিটো নিৰ্মাণৰ লগতে খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে ব্যস্থা গ্ৰহন কৰিব বুলি বাট চাই থাকোতেই বিশটা বছৰ পাৰ হৈ গ’ল ৷ কিন্তু কোনো চৰকাৰৰে মন্ত্ৰী-বিধায়কে আজিকোপতি এই মথাউৰিটো মেৰামতি কিম্বা নিৰ্মাণৰ কোনো ব্যৱস্থা গ্ৰহন নকৰিলে ৷ আচলতে বৰপানী নৈৰ বাঢ়নী পানীক ভেটিবৰ বাবে এই মথাউৰিটো নিৰ্মাণ কৰা হৈছিল যদিও কুৰি বছৰ পূৰ্বে বৰপানী নৈৰ প্ৰবল সোঁতত এইটো উটি গৈছিল । দুখৰ বিষয় যে, স্থানীয় ৰাইজে বছৰৰ পিছত বছৰ ধৰি মথাউৰিটো নিৰ্মাণৰ বাবে বহু কাকুতি-মনতি কৰাৰ পিছতো কোনো এখন চৰকাৰে বিষয়টোত অলপো গুৰুত্ব প্ৰদান নকৰিলে ৷ ফলস্বৰূপে মথাউৰিটো নিৰ্মাণ নোহোৱাত লংজাপ, জুৰিপাৰ, কচুৱাৰ লগতে কামপুৰ ৰাজহ চক্ৰৰ বহুকেইখন গাঁৱৰ ৰাইজ বিগত সময়ছোৱাত ব্যাপক সমস্যাৰ সন্মুখীন হৈ আহিছে । পৰিণতিত চৰকাৰৰ চূড়ান্ত অৱহেলাৰ বাবেই প্ৰতি বছৰে বাৰিষা কালত মথাউৰিৰ ভগা অংশৰে পানী সোমাই খেতিপথাৰ বুৰাই পেলাই গঞাৰাইজৰ ক্ষতিসাধন কৰি আহিছে ৷ ইফালে, গৰাখহনীয়াৰ বাবে লংজাপ উপ-স্বাস্থ্য কেন্দ্ৰটোলৈ তীব্ৰ ভাবুকি আহি পৰিছে ৷ সেয়ে গৰাখহনীয়া এলেকাটোৰ পৰা স্বাস্থ্য কেন্দ্ৰটো স্থানান্তৰিত কৰাৰ লগতে মাথাউৰিটো নিৰ্মাণৰ দাবী জনাইছে স্থানীয় ৰাইজে ।
Comments
Post a Comment