ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত এনএছইউআইৰ ৰঙিয়াত সংবাদমেল
কামৰূপ গ্ৰাম্য জিলা এনএছইউআইয়ে আজি আবেলি ৰঙিয়াৰ ৰাজীৱ ভৱনত ৰাজ্যখনৰ ছাত্ৰ ছাত্ৰী সকলে সন্মূখীন হোৱা বিভিন্ন সমস্যাসমূহৰ ওপৰত এক সংবাদমেলৰ আহ্বান কৰে। এই সংবাদমেল সম্বোধন কৰি গ্ৰাম্য জিলা এনএছইউআইৰ সভাপতি চাকিল আহমেদে কৰ'না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত আৰম্ভ হোৱা ল’কডাউনৰ সময়ছোৱাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা সমূহ সমাধান কৰিবলৈ অসম চৰকাৰৰ ওচৰত দাবী জনায় ৷ লগতে দেশৰ ভৱিষ্যত সুনাগৰিক ছাত্ৰ-ছাত্ৰীসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধাৰ ক্ষেত্ৰত চৰকাৰে বলিষ্ঠ ভূমিকা লোৱাত গুৰুত্ব আৰোপ নকৰা বুলি আক্ষেপ প্ৰকাশ কৰি শীঘ্ৰেই শিক্ষাৰ্থীসকলৰ সমস্যাসমূহ সমাধান কৰিবলৈ চৰকাৰক দাবী জনায় ৷ এইক্ষেত্ৰত পৰৱতী কাৰ্যসূচী হিচাপে এনএছইউআইয়ে অসমৰ ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে "চিগনেশ্বাৰ কেম্পেইন" চলোৱা হ’ব বুলি কয় এনএছইউআইৰ সভাপতি আহমেদে ৷ আৰু আজিৰ সংবাদমেলৰ মূল চাৰিদফীয়া দাবীসমূহ ক্ৰমে, ছাত্র-ছাত্রী সকলক অনলাইন শিক্ষাৰ ক্ষেত্রত যাতে চৰকাৰে সঠিক সুবিধা প্ৰদান কৰে। চতুর্থ আৰু ষষ্ঠ ষান্মাসিকৰ পৰীক্ষাত যিসকল ছাত্র-ছাত্ৰীয়ে অৱতীৰ্ণ হ'ব লাগিব তেওঁলোকৰ শৈক্ষিক বৰ্ষ যাতে বিনষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বৰ নম্বৰৰ ভিত্তিত তেওঁলোকক উত্তীর্ণ কৰাবলৈ দাবী জনায়। যিসকল ছাত্র-ছাত্রীৰ বিভিন্ন শৈক্ষিক লোন আছিল সেই লোন সমূহ মাফ কৰি বা ৰেহাই দি চৰকাৰে যাতে তেওঁলোকক অনাগত দিনত শৈক্ষিক দিশত আগুৱাই যাবলৈ সুবিধা প্ৰদান কৰে।আৰু চৰকাৰে সঠিক ক্ষেত্রত চৰকাৰী মাধ্যমৰ বিদ্যালয় সমূহত অগ্রাধিকাৰ দি অনলাইন শিক্ষাত গুৰুত্ব প্ৰদান কৰে তাৰ বাবেও দাবী জনায়।আজিৰ এই সংবাদমেলত জিলা এনএছইউআইৰ সভাপতিৰ উপৰিও ৰঙিয়া ব্লক কংগ্ৰেছৰ সভাপতি উদ্ধৱ দাস উপস্থিত থাকে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।
Comments
Post a Comment