নগাঁৱত আইন সেৱা প্ৰাধিকাৰী উদ্যোগত অনুষ্ঠিত আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ পুৰস্কাৰ বিতৰণ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ জুনঃ সাম্প্ৰতিক সময়ত যুৱ সমাজৰ অধিকাংশই ড্ৰাগছৰ লগতে আন আন মাদক দ্ৰব্য সমূহৰ কবলত পৰি উচ্ছৃংখল জীৱন-যাপন কৰি অহাৰ লগতে বহু অভিভাৱকেও ইয়াৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছে। সেই বাবেই নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে "নিষিদ্ধ ড্ৰাগচ" ৰ বিৰুদ্ধে বহুকেইটা সজাগতা অনুষ্ঠানৰ আয়োজন কৰি ৰাইজৰ মাজত প্ৰচাৰ চলাই সফল হোৱাৰ লগতে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ অংশ হিচাপে যোৱা ২৬ জুনত প্ৰাধিকাৰীয়ে আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসটি উদযাপন কৰাৰ লগতে চহৰৰ বহুকেইটা অঞ্চলত প্ৰাধিকাৰীৰ মোবাইল গাড়ীৰে ড্ৰাগছৰ কুপ্ৰভাৱৰ ওপৰত পৰি যুৱ প্ৰজন্ম কেনেদৰে নিঃশেষ হবলৈ ওলাইছে তাৰ এক প্ৰচাৰ চলোৱাৰ লগতে প্ৰাধিকাৰীৰ অধিনস্থ অৰ্ধআইনী সহায়ক সকলৰ ওপৰত "বৰ্তমান সময়ত সমাজত ড্ৰাগছৰ কু-প্ৰভাৱ আৰু নিৰাময়ৰ উপায় আৰু পৰামৰ্শাৱলী" শীৰ্ষক বিষয়ৰ ওপৰত অনলাইন যোগে আয়োজন কৰিছিল এক ৰচনা প্ৰতিযোগিতাৰ লগতে এখনি ওৱাল পেইণ্টিং প্ৰতিযোগিতা ৷ অৱশ্যে বতৰ বেয়া হোৱাত উক্ত দিনা ওৱাল পেইণ্টিংৰ প্ৰতিযোগিতা অনুষ্ঠিত নোহোৱাত সোমবাৰে উক্ত ওৱাল পেইণ্টিং প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হয় ৷ প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰে জিলা সত্ৰ ন্যায়াধীশ তথা আইন সেৱা প্ৰাধিকাৰী, নগাঁৱৰ অধ্যক্ষ মৃদুল কুমাৰ কলিতাই ৷ শুভ উদ্বোধনী অনুষ্ঠানত নগাঁৱৰ মূখ্য ন্যায়িক দণ্ডাধীশ জ্যোৎস্না দাসৰ লগতে দেৱানী ন্যায়াধীশ আৰু সহকাৰী সত্ৰ ন্যায়াধীশ ৰাজেশ কুমাৰ টোডি উপস্থিত থাকে ৷ নগাঁও চহৰৰ কেইবাজনো চিত্ৰ শিল্পীয়ে অংশগ্ৰহণ কৰা এই ওৱাল পেইণ্টিং প্ৰতিযোগিতাৰ অনুষ্ঠানটি আতঁ ধৰে আইন সেৱা প্ৰাধিকাৰী, নগাঁৱৰ সচিব মনালিছা দাসে ৷ ৰচনা প্ৰতিযোগিতা আৰু ওৱাল পেইণ্টিং প্ৰতিযোগিতাৰ অন্তত স্থান লাভ কৰা প্ৰতিযোগীসকলক মানপত্ৰ ,ট্ৰফী, মেডেলৰে পুৰস্কৃত কৰা হয় ৷ ৰচনা প্ৰতিযোগিতাত প্ৰথম পাহী শইকীয়া, দ্বিতীয় দ্বীপেন্দ্ৰ শইকীয়া আৰু তৃতীয় স্থান লাভ কৰে জান্টি দেৱী ডেকাই ৷ সেইদৰে ওৱাল পেইণ্টিং প্ৰতিযোগিতাত প্ৰথম ৰিদিপ বৰা-সৌৰভ জ্যোতি বৰা, দ্বিতীয় প্ৰেৰণা বৰা-ধীৰাংকণা বৰা আৰু তৃতীয় স্থান লাভ কৰে আফতাৱ আলীয়ে ৷ লগতে নিচুকনি পুৰস্কাৰ লাভ কৰে ক্ৰমে টুলেন্দু নাথ আৰু ড্ৰাৱিন গাৰ্গে ৷ স্থান লাভ কৰা প্ৰতিযোগীসকলক মানপত্ৰ, ট্ৰফী আৰু মেডেল সমূহ বিতৰণ কৰে নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ তথা প্ৰাধিকাৰীৰ অধ্যক্ষ মৃদুল কুমাৰ কলিতাই

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা