সঙ্গীত স্কুল অৱ ড্ৰামাৰ ছুটি ছবি " অক্টপাছ"লৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ-

প্ৰতিবেদক,ৰঙিয়া,২৪ জুনঃ 

কৰ'ণাৰ ভয়াবহতা আৰু লকডাউনৰ আতংকৰ মাজতে ৰঙিয়ালৈ এটি ভাল খবৰ আহিছে।সাংস্কৃতিক কৰ্মী পঙ্কজ পল্লৱ শৰ্মাই ৰচনা আৰু পৰিচালনা কৰা "অক্ট'পাছ" নামৰ হিন্দী ছুটি ছবিখনে মুম্বাইত অনুষ্ঠিত সৰ্বভাৰতীয় সুদৰ্শন গৌৰ অনলাইন ছুটি ছবি প্ৰতিযোগিতাৰ সামাজিক ছবি শিতানত ৰাষ্ট্ৰীয় বটা লাভ কৰিবলৈ সক্ষম হৈছে।  সঞ্জয় মিশ্ৰ, আলোক চেটাৰ্জী, ৰোহলটসব গৌৰ, ভিনিট খুমাৰ, মুকেশ তেৱাৰী, যশপাল শৰ্মা, পবন কুমাৰ শৰ্মা আৰু প্ৰতিমা কানন আদিৰ দৰে জনপ্ৰিয় বলিউদৰ শিল্পীৰ বিচাৰত মান্যতা পোৱা ছবিখনৰ প্ৰযোজক জয়ন্তজিত কলিতা। ছবিখনত অভিনয় কৰিছে উজ্বল ডেকা, জয়ন্তজিত কলিতা, কল্পনা কলিতা, মনিকা কলিতা আৰু শিশু শিল্পী নিষ্ঠা কাশ্যপে। কেমেৰা কেলাশ আৰু সম্পাদনা ধ্ৰুবজ্যোতি দাসৰ। কেঞ্চাৰ যে অশ্পৃস্ব নহয় আৰু কেঞ্চাৰ বেমাৰীক যে আমি সহানুভুতিৰ দৃষ্টিৰে হে চাব লাগে তাকেই মূখ্য বিষয় হিচাপে লৈ ছবিখনৰ কাহিনী প্ৰস্তুত কৰা হৈছে। উল্লেখ্য যে "ভেঞ্চাৰ শিক্ষকৰ বিলৈ" নামৰ পঙ্কজ পল্লৱ শৰ্মাৰ আন এখন চুটি ছবিয়ে ইতিমধ্যে ইলেকট্ৰনিক মাধ্যমত ব্যাপক প্ৰচাৰ লাভ কৰিছে। ছুটিছবিখন সাংস্কৃতিক পৰিক্ৰমা নামৰ ইউটিউব চেনেলটোত উপলব্ধ।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা