বেবেজীয়া জুনিয়ৰ কলেজৰ সাফল্যত উৎফুল্লিত অঞ্চলবাসী
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৬ জুনঃ নগাঁও জিলাৰ বেবেজীয়াৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান বেবেজীয়া জুনিয়ৰ কলেজে বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সন্তোষজনক ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱাত শিক্ষানুষ্ঠানখনৰ লগতে স্থানীয় ৰাইজৰ মাজত আনন্দৰ বন্যা বৈছে ৷ জানিব পৰা মতে, এইবাৰ শিক্ষানুষ্ঠানখনৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কলা শাখাত অৱতীৰ্ণ হোৱা সৰ্বমুঠ ১১১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১০৬ গৰাকীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ৷ উত্তীৰ্ণৰ হাৰ হৈছে ৯৫.৪৯ শতাংশ ৷ ঘোষিত ফলাফলত ৩৭ গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৷ ইয়াৰে ৬০-৭০ শতাংশ নম্বৰ পাই ২৬ গৰাকী, ৭০-৮০ শতাংশ নম্বৰ পাই ৭ গৰাকী আৰু ৮০-৯০ শতাংশ নম্বৰ পাই ৪ গৰাকীয়ে কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ তদুপৰি উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত ১৬ গৰাকীয়ে অসমীয়া, ১৩ গৰাকীয়ে তৰ্কশাস্ত্ৰ আৰু দৰ্শন, ১০ গৰাকীয়ে শিক্ষা, ৭ গৰাকীয়ে ভূগোল, ৪ গৰাকীয়ে ৰাজনীতি বিজ্ঞান আৰু ২ গৰাকীয়ে ইংৰাজী বিষয়ত লেটাৰ মাৰ্ক অৰ্জন কৰিবলৈ সমৰ্থ হৈছে ৷ কাজেই, শিক্ষানুষ্ঠানখনৰ এনে সফলতাত উৎফুল্লিত হৈ পৰা স্থানীয় ৰাইজ তথা অভিভাৱকসকলে অধ্যক্ষৰ লগতে সমূহ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীক কৃতজ্ঞতা জনাইছে ৷
Comments
Post a Comment