নগাঁৱত মেধাৱী ছাত্ৰ- ছাত্ৰীক অভিনন্দন প্ৰাক্তন বিধায়ক ডা: দুৰ্ল্লভ চমুৱাৰ

 কিতাপৰ টোপোলা, মাক্স- চেনিটাইজাৰ প্ৰদান


     দেৱব্ৰত বৰা,জাজৰি,২৩ জুন: সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত ১২০০ ৰো অধিক ছাত্ৰ - ছাত্ৰীক ঘৰে ঘৰে গৈ নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা ডা: দুৰ্ল্লভ  চমুৱাই অভিনন্দন জ্ঞাপন কৰে। অাজি সদৰ সমষ্টিটোৰ দক্ষিণপাট, হাতীগড় , বুঢ়াগোহাই, পাখিমৰীয়া, তুলসীমুখ, দেউৰীগাঁৱকে ধৰি সমষ্টিটোৰ বিভিন্ন গাঁৱত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সু- খ্যাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ- ছাত্ৰীসকলৰ ঘৰে ঘৰে গৈ মেধাৱীসকলক গামোছা, ফুলৰ থোপা, কিতাপৰ টোপোলা, মাক্স অাৰু চেনিটাইজাৰ প্ৰদান কৰি অভিনন্দন জনায়। উল্লেখ্য যে, বিগত লক ডাউনৰ সময়চোৱাত সদৰ সমষ্টিটোৰ ৰাইজৰ মাজত প্ৰাক্তন বিধায়ক গৰাকীয়ে বিভিন্ন ধৰনেৰে ৰাইজক সহায়ৰ হাত অাগৱঢ়াই।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা