অসম আৰোগ্য নিধিলৈ ২৫ হাজাৰ টকাৰ সাহয্য অভিজ্ঞানম ৰাজহুৱা ন্যাসৰ
নলবাৰী জিলাৰ অগ্ৰনী সামাজিক অনুষ্ঠান অভিজ্ঞানম ৰাজহুৱা ন্যাসৰ তৰফৰ পৰা অসম আৰোগ্য নিধিলৈ দেওবাৰে ২৫ হাজাৰ টকাৰ সাহায্য প্ৰদান কৰা হয়৷ বৃহত্তৰ বাঁহজানী অঞ্চলৰ সচেতনসকলৰ পদক্ষেপ জন্ম হোৱা অভিজ্ঞানম ৰাজহুৱা ন্যাসৰ সদস্যসকলে আগবঢ়োৱা এই ধন নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীৰ জড়িয়তে চেক অৰোগ্য নিধিলৈ প্ৰদান কৰা হয়৷ নলবাৰী জিলাৰ উপায়ুক্তৰ চৰকাৰী বাসভৱনত উপায়ুক্তক সাক্ষাৎ কৰি চেক প্ৰদান কৰে অভিজ্ঞানমৰ মূখ্য ন্যাসৰক্ষী ডা৹ বসন্ত কুমাৰ বৈশ্যৰ নেতৃত্বত যোৱা ন্যাসৰক্ষী ননীগোপাল গোস্বামী,
সম্পাদক প্ৰণৱ প্ৰাণ বাস্যচ, সদস্য নিৰেন ডেকা, দেৱেশ্বৰ ডেকা, মিলন ৰাজবংশী, ৰুমী বৰুৱা ডেকা, ধনেশ্বৰ শৰ্মা, অৱনী ধিং, অৱনী তালুকদাৰ, পিয়াৰ আলী, জোন চৌধুৰী, ভূষন শৰ্মাই ৷ উল্লেখ যে ইতিমধ্যে উক্ত ন্যাসটোৱে জিলাখনৰ বিভিন্ন প্ৰান্তত স্বাস্থ্য আৰু শিক্ষা খণ্ডত বিভিন্ন জনক সহায়ৰ হাত আগবঢ়াই আহিছে ৷
*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*
Comments
Post a Comment