বাইহাটা চাৰিআলি সাহিত্য সভা(স্বৰ্ণ শাখা)ৰ ৰাভা দিৱস উদযাপন

বাইহাটা চাৰিআলি,২০জুন-বিশ্ব
বৰেণ্য শিল্পী,দাৰ্শনিক,নাট্যকাৰ, সাহিত্যিক, চিত্ৰকৰ,সৰ্বহাৰা
জনতাক কবিতা,গীত আদিৰে পোহৰ বিলোৱা এজন প্ৰকৃত নেতা,কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পূণ্য তিথি উপলক্ষে আজিৰ ২০ জুন তাৰিখৰ দিনটো  প্ৰতিবছৰে বিষ্ণু ৰাভা দিৱস হিচাপে উদযাপন কৰি অহা হৈছে।কিন্তু  বৰ্তমান সমগ্ৰ দেশত কৰোণা মহামাৰীৰ বাবে চৰকাৰী নীতি-নিৰ্দেশনা প্ৰতি লক্ষ্য ৰাখি অসম সাহিত্য সভাই আজি বিষ্ণুৰাভা দিৱস সীমিত ভাৱে সামাজিক দূৰত্ব বজাই ৰাখি নিজ নিজ কাৰ্যালয়ত জিলা/শাখালৈ উদযাপন কৰাৰ বাবে আহ্বান জনাইছে।সেইমৰ্মে কামৰূপ জিলাৰ বাইহাটা চাৰিআলি সাহিত্য সভা(স্বৰ্ণ শাখা)ৰ উদ্যোগত
বাইহাটা চাৰিআলি সাহিত্য সভা ভৱনৰ প্ৰাংগণত আজি  অনুষ্টুপীয়াকৈ বিষ্ণু ৰাভা দিৱসটি
উদযাপন কৰা হয়।বাইহাটা চাৰিআলি সাহিত্য সভা(স্বৰ্ণ শাখা)নৱ নিৰ্বাচিত সভাপতি আৰিফ হুছেইনে পতাকা উত্তোলনৰে প্ৰথম কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পিছত বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবি ত বন্তি প্ৰজ্বলন,শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বাইহাটা চাৰিআলি গ্ৰন্থ ব্যৱসায়ী কুশল শৰ্মা,নৱ নিৰ্বাচিত সম্পাদক ৰঞ্জিত কাকতি আৰু সহঃ সম্পাদক ত্ৰিদীপ কলিতাকে ধৰি অঞ্চলটোৰ কেইবাজনো গণ্য-মান্য লোকে।আজিৰ আটাইকেইটা কাৰ্যসূচীক আত ধৰা বাইহাটা চাৰিআলি সাহিত্য সভা( স্বৰ্ণ শাখা)ৰ সম্পাদক জিয়াউল হকে কৰোণা ভাইৰাছ সন্ত্ৰাসৰ বাবে সামাজিক দূৰত্ব বজাই ৰাখি এনেদৰে অনুষ্টুপীয়াকৈ 
চলিত বছৰৰ   বিষ্ণু ৰাভাদিৱসটি উদযাপন কৰা হয়  জানিবলৈ  দিয়ে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা