নগাঁৱৰ ম'হমৰীয়াত গীত-মাত-সুৰেৰে মহাসংস্কৃতিৰ মহানায়কক গভীৰ স্মৰণ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ,২১জুন : সময় এতিয়া দুঃসময় । তথাপিও সাৰে আছোঁ আমি । সাৰে আছে প্ৰীতি আৰু সাৰে আছে সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টি । সেইবাবেই হয়তো কৰ'নাই ক্ষত-বিক্ষত কৰাৰ এই সময়তো প্ৰান্তে প্ৰান্তে উদযাপিত হ'ল বিষ্ণুৰাভা দিৱস । এই ক্ষেত্ৰত পিছ পৰি নাথাকিল নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ম'হমৰীয়া অঞ্চলো । কলং সুঁতিৰ পাৰৰ ম'হমৰীয়া নামৰ এই উৰ্বৰা ভূমিখণ্ডত ২০ জুনৰ সন্ধিয়া এদল সংস্কৃতিৰ অনুৰাগীয়ে গীত-মাত-সুৰেৰে স্মৰণ কৰিলে মহাসংস্কৃতিৰ মহান অংগ বিষ্ণুপ্ৰসাদ ৰাভাক । এই মৰ্মে, ম'হমৰীয়াৰ কণ্ঠশিল্পী দীপক দাসৰ বাসগৃহত কলাগুৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা এই অনুষ্ঠানত বাদ্যযন্ত্ৰৰ শিল্পী মুকুল বৰা, দুল বৰা, পদুম বৰা আৰু ধন দাস উপস্থিত থাকে । সাংবাদিক জ্যোতি প্ৰসাদ বৰাৰ কথা-কবিতাৰে আৰম্ভ হোৱা এই অনুষ্ঠানটিত বিষ্ণুৰাভাৰ কালজয়ী গীতসমূহৰ ওপৰত বিশেষভাৱে চৰ্চা কৰি অহা দীপক দাসে সংস্কৃতিৰ পূজাৰী গৰাকীৰ কেইবাটাও কালজয়ী গীত পৰিবেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে । সামাজিক দূৰত্ব বৰ্তাই ৰাখি সম্পন্ন হোৱা বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫১ সংখ্যক স্মৃতি দিৱসৰ এই বিশেষ অনুষ্ঠানটিত ফটো সাংবাদিক আদিল শ্বাহো উপস্থিত থাকে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা