গোৱালপাৰা জিলাত সান্ধ্য আইন ঘোষণাঃ২৭ জুনৰ পৰা কাৰ্যকৰী হ’ব এই নিৰ্দেশ
ক’ভিড ১৯ৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ বিশেষকৈ গুৱাহাটী মহানগৰত ই নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰিছে ৷
যাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰ এলেকাত পুণঃ কঠোৰ লকডাউনৰ নিৰ্দেশ দিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷ সেয়ে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ গোৱালপাৰা জিলা প্ৰশাসনৰ তৰফৰ পৰাও সমগ্ৰ গোৱালপাৰা জিলাতেই সান্ধ্য আইন ঘোষণা কৰা হৈছে ৷ অসম চৰকাৰৰ ২৬ জুন ২০২০ তাৰিখৰ এএছডিএমএ২৪/২০২০/পাৰ্ট-১/৭৬ নং এক নিৰ্দেশ মৰ্মে গোৱালপাৰা জিলা উপায়ুক্ত বৰ্ণালী ডেকাই আজি এক নিৰ্দেশৰ জৰিয়তে এই সান্ধ্য আইন জাৰি কৰে ৷ কাইলৈ ২৭ জুনৰ পৰা প্ৰযোজ্য হোৱাকৈ জাৰি কৰা এই নিৰ্দেশ অনুসৰি প্ৰতিদিনে সন্ধিয়া ৭-০০বজাৰ পৰা পুৱা ৭-০০বজালৈ এই সান্ধ্য আইন বলবৎ থাকিব ৷ অৱশ্যে অত্যাৱশ্যকীয় সেৱা সমূহক এই নিৰ্দেশৰ পৰা নিয়মানুসাৰে ৰেহাই দিয়া হ’ব ৷
আনহাতে ২৭ জুনৰ পৰা প্ৰতি সপ্তাহৰ শনি আৰু দেওবাৰে গোৱালপাৰা মিউনিচিপাল বোৰ্ড এলেকা আৰু লক্ষীপুৰ মিউনিচিপাল বোৰ্ড এলেকা দুটা সম্পূৰ্ণ লক ডাউনৰ অধীনত থাকিব ৷ পৰবৰ্তী নিৰ্দেশ জাৰি নকৰা লৈকে এই আদেশ বাহাল থাকিব বুলি একেখন নিৰ্দেশতে ঘোষণা কৰা হৈছে ৷
কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,First News Report
Comments
Post a Comment