আজি সূৰ্যগ্ৰহণ কত কেতিয়া দেখিব

অাজি ২১ জুন দেওবাৰে বলয় সূৰ্য্যগ্ৰহণ হ'ব৷ সৌভাগ্যক্ৰমে পূৰ্ণ বলয় বা আঙুঠি অৱস্থাটো উত্তৰ ভাৰতৰ ৰাজস্থান, পঞ্জাৱ, হিমাচল, উত্তৰ প্ৰদেশৰ এটা পটিৰ পৰা দেখা যাব৷
অসমত ইয়াক ৭৪%ৰ ৮৮% লৈকে সূৰ্য্যটো ঢাকখাই খণ্ডগ্ৰাস হিচাপে দেখা দিব৷ ঘটনাক্ৰমে ২১ জুন তাৰিখটো উত্তৰ গোলাৰ্দ্ধৰ আটাইতকৈ দীঘল দিন, সূৰ্য্যই ক্ৰমে উত্তৰ গোলাৰ্দ্ধৰ পৰা দক্ষিণলৈ গতি কৰিবলৈ আৰম্ভ কৰিব৷
চকুত প্ৰয়োজনীয় ফিল্টাৰ লগাই, অথবা বেৰত/পৰ্দাত প্ৰতিবিম্ব সৃষ্টি কৰি  জনসাধাৰণে  গ্ৰহণ চাব পাৰিব।
অসমত শ্ৰীৰামপুৰত পুৱা ১০,৫১,৩৭ বজাত গ্ৰহণ আৰম্ভ হ'ব আৰু জাগুণত আবেলি ২,৩০,৪৩ বজাত গ্ৰহণ অন্ত পৰিব৷
তলত কেইখনমান চহৰৰ পৰা গ্ৰহণ সময় উল্লেখ কৰা হ'ল৷

#শ্ৰীৰামপুৰ (২৬,৪৩উ, ৮৯,৯০পূ)
গ্ৰহণৰ পৰিমান- ৮০,৬৭%
আৰম্ভ- ১০,৫১,৩৭ বজাত৷
সৰ্বোচ- ১২,৪০,১৫ বজাত৷
শেষ- ১৪,২০,১১ বজাত৷

#গুৱাহাটী-পানবজাৰ (২৬,১৮উ, ৯১,৭৪পূ)
গ্ৰহণৰ পৰিমান- ৮০,০৭%
আৰম্ভ- ১০,৫৭,১৮ বজাত৷
সৰ্বোচ- ১২,৪৫,৫৫ বজাত৷
শেষ- ১৪,২৪,০২ বজাত৷

#বিশ্বনাথ_চাৰিআলি (২৬,৭৩উ, ৯৩,১৪পূ)
গ্ৰহণৰ পৰিমান- ৮২,৬৯%
আৰম্ভ- ১১,০১,৪৭ বজাত৷
সৰ্বোচ- ১২,৪৯,৫১ বজাত৷
শেষ- ১৪,২৬,২৫ বজাত৷

#জোনাই ( ২৭,৮৪উ, ৯৫,২১পূ)
গ্ৰহণৰ পৰিমান- ৮৭,৯৮%
আৰম্ভ- ১১,০৮,১৮ বজাত৷
সৰ্বোচ- ১২,৫৫,০০ বজাত৷
শেষ- ১৪,২৯,১৫ বজাত৷

#জাগুন ( ২৭,৩৮উ, ৯৫,৮৮পূ)
গ্ৰহণৰ পৰিমান- ৮৬,৫১%
আৰম্ভ- ১১,১০,২৪ বজাত৷
সৰ্বোচ- ১২,৫৭,০৪ বজাত৷
শেষ- ১৪,৩০,৪৩ বজাত৷

#হাইলাকান্দি ( ২৪,৬৮উ, ৯২,৫৪পূ)
গ্ৰহণৰ পৰিমান- ৭৪,৪২%
আৰম্ভ- ১০,৫৯,৫৪ বজাত৷
সৰ্বোচ- ১২,৪৮,৫৩ বজাত৷
শেষ- ১৪,২৬,১৩ বজাত৷

(ওচৰ পাজৰৰ ঠাই সমুহত গ্ৰহণৰ সময় মোটামুটি একেই থাকিব, কেই ছেকেণ্ড/মিনিটমান ইফাল সিফাল৷

গ্ৰহণ কেনেকৈ চাব:---

প্ৰথম কথা খালী চকুৰে নাচাব। চকুকেইটা হেৰুৱাব। গ্ৰহণ বুলি কথা নাই খালী চকুৰে কেতিয়াও সূৰ্যৰ ফালে পোনপোটিয়াকৈ চাব নালাগে।


দাপোন এখনত সম্পূৰ্ণ ঢাকি যোৱাকৈ কাগজ এখন লগাই লওঁক। কাগজখনত পঞ্চাশ পইছাৰ জোখত ফুটা এটা কৰি দাপোণখনৰ সেই অংশটো মুক্ত কৰি ৰাখক।এইবাৰ দাপোণত সূৰ্যৰ পোহৰটো প্ৰতিফলিত কৰি কোনো পৰ্দা বা বেৰত পৰিবলৈ দিয়ক। সূৰ্যৰ এটা সুন্দৰ প্ৰতিবিম্বৰ সৃষ্টি হ'ব।


পূৰ্ণগ্ৰাসৰ যি দুই এক মিনিট সময় সেইখিনি খালি চকুৰে চাব পাৰি।

যি ফিল্টাৰেই ব্যৱহাৰ নকৰক কিয়, একে লেথাৰিয়ে বহু সময় নাচাব।ৰৈ ৰৈ চাওঁক।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা