পেট্ৰল-ডিজেলৰ শুল্ক হ্ৰাস আৰু মূল্যবৃদ্ধি প্ৰত্যাহাৰৰ দাবীত ১ জুলাইত সমগ্র ৰাজ্যত বাঁওপন্থীৰ প্ৰতিবাদ দিৱস

গুৱাহাটী ৩০ জুন:
কোভিড-১৯ৰ ক্ৰমবৰ্ধমান সংক্ৰমণ আৰু কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন মোদী চৰকাৰে সম্পূৰ্ণ অপৰিকল্পিতভাৱে হঠাৎ লকডাউন ঘোষণা কৰাৰ ফলত সৰ্বসাধাৰণ জনতাৰ জীৱন-জীৱিকা ধ্বংস হোৱাৰ উপক্ৰম হৈছে আৰু অগণন পৰিয়ালৰ জীৱনলৈ আহিছে চৰম দুৰ্দশা। এনে দুৰ্যোগ মুহূৰ্তত মোদী চৰকাৰে প্ৰায় প্ৰতিদিনে পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধি কৰি জনসাধাৰণৰ ওপৰত নিষ্ঠুৰতম আক্ৰমণ কেন্দ্ৰীভূত কৰিছে। 
এই পটভূমিত চি পি আই (এম), চি পি আই, চি পি আই (এম এল)কে ধৰি দেশৰ বাঁওপন্থী দলসমূহে দেশৰ সংকটজৰ্জৰ  জনসাধাৰণক সকাহ দিয়াৰ বাবে পেট্ৰলজাত সামগ্ৰীৰ ওপৰত আৰোপ কৰা শুল্ক অবিলম্বে হ্ৰাস আৰু পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি প্ৰত্যাহাৰৰ দাবী জনাইছে। উল্লেখ্য যে ভাৰতত পেট্ৰলজাত সামগ্ৰীৰ ওপৰত আৰোপ কৰা শুল্ক বিশ্বৰ সকলোবোৰ দেশৰ তুলনাত অধিক। 
পেট্ৰল-ডিজেলৰ লেকামহীন মূল্যবৃদ্ধিৰ ফলত তৈল কোম্পানীসমূহে অত্যধিক হাৰত লাভ বুটলিছে আৰু কেন্দ্ৰীয় চৰকাৰেও সংগ্ৰহ কৰিছে অত্যধিক পৰিমাণৰ ৰাজহ। বৰ্তমান পৰিস্থিতিত জনসাধাৰণৰ জীৱন-জীৱিকা ৰক্ষাৰ সলনি মোদী চৰকাৰৰ এই জনবিৰোধী নীতি নিঃসন্দেহে এক অক্ষমনীয় অপৰাধ হিচাপে বিবেচিত হৈছে। চৰকাৰৰ এই নীতিৰ প্ৰতিবাদত বাঁওপন্থী দলবোৰে ঐক্যবদ্ধভাৱে ৰাষ্ট্ৰজোৰা আন্দোলন সংগঠিত কৰিছে। 
আমাৰ অসমত পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ ভয়ংকৰ প্ৰভাৱ ৰাজ্যখনৰ জনসাধাৰণ, বিশেষকৈ দৰিদ্ৰ শ্ৰেণীটোৰ ওপৰত সৰ্বাধিক পৰিছে। ৰাজ্যত পেট্ৰলজাত সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে পৰিবহন মাচুল বৃদ্ধিৰ উপৰি সকলো সামগ্ৰীৰ ওপৰত অভাৱনীয় প্ৰভাৱ পেলাইছে। সেয়েহে কাইলৈ ১ জুলাই তাৰিখে অসমত বাঁওদলসমূহে শাৰীৰিক দূৰত্ব ৰক্ষাকে ধৰি ক'ৰ'না সংক্ৰমণবিৰোধী বিজ্ঞানসন্মত নীতি-নিয়ম অনুসৰণ কৰিয়েই ৰাজ্যজুৰি প্ৰতিবাদ দিৱস পালন কৰিব। কেৱল এক অস্বাভাৱিক পৰিস্থিতিৰ বাবে কাইলৈৰ দিনটোত গুৱাহাটীত প্ৰতিবাদ সংগঠিত নকৰাৰ বাবে দলসমূহে সিদ্ধান্ত গ্রহণ কৰিছে। ৰাজধানী চহৰখনত পৰৱৰ্তী সময়ত প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। বাঁও দলসমূহে কাইলৈ ৰাজ্যৰ অন্যান্য জিলা তথা অঞ্চলত সংগঠিত কৰা প্ৰতিবাদ দিৱস সফল কৰাৰ বাবে চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে ৰাজ্যৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা