জামুগুৰিহাটৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক প্ৰফুল্ল হাজৰিকাৰ মৃত্যু

জামুগুৰিহাটত শোক৷

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট: ২৭ জুন : জামুগুৰিহাটৰ অন্তৰ্গত মুঢ়াদল গাঁও নিবাসী তথা উত্তৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক প্ৰফুল্ল হাজৰিকাৰ অাজি পুৱা পৰলোক প্ৰাপ্তি ঘটে।মৃত্যুৰ সময়ত হাজৰিকাৰ বয়স আছিল ৭২ বছৰ।কোনো ধৰণৰ বিশেষ শাৰীৰিক অসুস্থতা নাছিল যদিও যোৱা কালি হঠাৎ হৃদৰোগত অাক্ৰান্ত হোৱাত পৰিয়ালৰ লোকে তেজপুৰস্থিত ইএমএম হস্পিটালত ভৰ্তি কৰাই যদিও অাজি পুৱতি নিশা প্ৰায় ৩-৩০ বজাত চিকিৎসালয়খনতে মৃত্যুক আঁকোৱালি লয় হাজৰিকাই।উল্লেখ্য যে কৃতি শিক্ষকগৰাকীয়ে ধলাইবিলস্থিত উত্তৰ জামুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়তে অধ্যয়ন কৰি প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ১৯৭৮ চনত নিজে অধ্যয়ন কৰা বিদ্যালয়খনতে সহকাৰী শিক্ষক হিচাপে চাকৰি জীৱন অাৰম্ভ কৰি ২০০৭ বৰ্ষত একেখন বিদ্যালয়ৰ পৰাই অৱসৰ গ্ৰহন কৰিছিল।অতিকৈ অমায়িক অাৰু এজন অাৰ্দশৱান কৃতী শিক্ষক হিচাপে পৰিচিত হাজৰিকা অাছিল সুদক্ষ অভিনেতা,চিত্ৰশিল্পী আৰু সমাজ সংগঠকো৷নদুৱাৰ জাতীয় বিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ,শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একান্ত সঙ্গী আৰু ইতিবাচক চিন্তাৰে সমাজক সন্মুখৰ পৰা নেতৃত্ব দি অহা হাজৰিকা বিজেপি নদুৱাৰ মণ্ডলৰ এগৰাকী সক্ৰীয় সদস্যও আছিল৷শিক্ষকতাৰ সমান্তৰালকৈ অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত হাজৰিকাৰ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ লগে লগে মূঢ়াদলস্থিত বাসগৃহত অনেক গুণমুগ্ধই ভিৰ কৰেহি৷হাজৰিকাৰ নশ্বৰ দেহ তেজপুৰৰ পৰা বাসগৃহ অাহি পোৱাৰ লগে লগেই চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাও উপস্থিত হৈ পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে এনে এগৰাকী সমাজ সচেতক ব্যক্তিক হঠাৎ হেৰুৱাব লগীয়া হোৱাতো জামুগুৰিহাটৰ বাবেই এক বৃহৎ ক্ষতি বুলি উল্লেখ কৰে বিধায়ক হাজৰিকাই৷ইয়াৰোপৰি উত্তৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ক্ষেমৰাজ ঢাকালসহিতে শিক্ষক গোট,মূঢ়াদল গাঁও উন্নয়ন সমিতি,বেবেজীয়া গাঁও উন্নয়ন সমিতি,মূঢ়াদল গাঁও যুৱক সংঘ,কুঁহিপাত সংঘকে ধৰি বহুসংখ্যক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ব্যক্তি বিশেষেও হাজৰিকাৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰি শেষ শ্ৰদ্ধা নিবেদন কৰে৷হাজৰিকাৰ মৃত্যুত সদৌ জামুগুৰি ছাত্ৰ সন্থা,অসম জাতীয়তাবাদি যুৱ ছাত্ৰ পৰিষদৰ জামুগুৰি আঞ্চলিক সমিতি,অসমীয়া সাহিত্য সন্মিলনীয়েও শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷মৃত্যুৰ সময়ত হাজৰিকাই পত্নী,একমাত্ৰ পুত্ৰ,জীয়ৰি নাতিনীসহ এক ভৰাসংসাৰ এৰি থৈ যায়।হাজৰিকাৰ মৃত্যুত সমগ্ৰ জামুগুৰিহাটত শোকৰ ছাঁ পৰিছে৷

জোন বৰা , জামুগুৰিহাট।

Comments