শালবাৰীত শতাধিকৰ ইউ পি পি এলত যোগদান
বিটিচিৰ বাক্সা জিলাৰ ২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পাৰা বজাৰ(তাঁতিকুছি) আৰু ৰাজধাকমালত আজি পৃথকে পৃথকে অনুষ্ঠিত ইউ পি পি এল দলৰ সভাত মুঠ ১০৬ গৰাকী বি পি এফ আৰু অবড়ো সংগঠনৰ কৰ্মী-সমৰ্থকে ইউ পি পি এল দলত যোগদান কৰে৷ ইউ পি পি এলৰ শালবাৰী ব্লক সমিতিৰ সভাপতি চক্ৰধৰ বসুমতাৰী আৰু সাধাৰণ সম্পাদক কমল নাৰ্জাৰীয়ে জানিবলৈ দিয়ামতে পাৰা বজাৰত অনুষ্ঠিত হোৱা ইউ পি পি এলৰ সভাখনত বিপিএফৰ সদস্য কান্তেশ্বৰ বড়ো, অতুল ব্ৰহ্ম, কিৰেণ ৰামচিয়াৰী আৰু অন্য ১৯ গৰাকী বি পি এফৰ সমৰ্থক, প্ৰাক্তন এনডিএফবি সদস্য নাগেশ্বৰ বসুমতাৰী, অবড়ো সংগঠনৰ সমৰ্থক জগদীশ বৰ্মন, ৰমেন তালুকদাৰ, দিলীপ তালুকদাৰ, ধীৰাজ কলিতা, জীৱন শীল, ৰাজকুমাৰ ঘোষ, জগদীশ কলিতা, দ্বীপেন ৰাভাকে ধৰি মুঠ ৩১ গৰাকী সমৰ্থকে আনুষ্ঠানিকভাবে ইউ পি পি এলত যোগদান কৰে৷ আনফালে ৰাজধাকমালত অনুষ্ঠিত সভাখনত ১৪ গৰাকী বি পি এফ দলৰ সমৰ্থক আৰু ৩৮ গৰাকী অবড়ো সংগঠনৰ কৰ্মী-সমৰ্থকে ইউ পি পি এল দলত যোগদান কৰে৷ আজি অনুষ্ঠিত হৈ যোৱা দুয়োখন সভাতে ইউ পি পি এল দলত যোগদান কৰা সকলক ফুলাম গামোচাৰে আদৰণি জনায় দলৰ শালবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী বিনোদ মুছাহাৰী প্ৰমুখ্যে অন্যান্য নেতা কনক বড়ো, সত্যজিত বড়ো, মহিবুল হক, আবু তাহেৰ আদিয়ে৷
Comments
Post a Comment